ETV Bharat / state

ৰামেশ্বৰ তেলীক টিকট দিলে বাগিচাত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰিব আছাই

Protest against BJP: বিজেপিৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা । ডিকমত ন' ভোট ফ'ৰ বিজেপি পোষ্টাৰিং কাৰ্য্যসূচী । বিজেপিৰ বিৰুদ্ধে আদিবাসী জনগোষ্ঠীক বছৰ বছৰ ধৰি প্ৰতাৰণাৰ অভিযোগ ।

Postering against BJP
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 4:06 PM IST

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

মৰাণ, ২৬ ফেব্ৰুৱাৰীঃ সমাগত লোকসভা নিবাৰ্চনক লৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে । বিৰোধীৰ লগতে শাসক দল বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী সকলে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় লোকসভা সমষ্টিতো প্ৰচাৰ অভিযান চলাইছে । ডিব্ৰুগড় লোকসভাৰ বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিব বুলি চৰ্চা চলাৰ মাজতে তেওঁৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ।

ইতিমধ্যে সংগঠনটোৱে ৰামেশ্বৰ তেলীৰ দৰে ব্যক্তিক যদি বিজেপিয়ে টিকট দিয়ে তেন্তে বাগিচাত বিজেপিক প্ৰৱেশ নিষিদ্ধ কৰিব বুলি ঘোষণা কৰিছে । ইয়াৰ পাচতে চাহ জনগোষ্ঠীৰ আন এটা সংগঠন সদৌ আদিবাসী ছাত্ৰ সন্থাই সেই একেই স্থিতি স্পষ্ট কৰিছে । এইবাৰ বিজেপিৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা । বিজেপিয়ে আদিবাসী জনগোষ্ঠীক বছৰ বছৰ ধৰি কৰি অহা প্ৰতাৰণাৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে আদিবাসী সংগঠনটো ।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আজি সমগ্ৰ ডিকম নগৰতে সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিজেপিৰ বিৰুদ্ধে ব্যাপক পোষ্টাৰিং কাৰ্যসূচী গ্ৰহণ কৰে । বিশেষকৈ আদিবাসী জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি নিদিয়া, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি নকৰা আদি বিষয়ক লৈ সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে সংগঠনটোৰ নেতৃত্বই ।

তদুপৰি আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সমষ্টিত ৰামেশ্বৰ তেলীক টিকট প্ৰদান কৰিলে চাহ বাগিচা অঞ্চলত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ দিয়ে আছাই । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বৰ্তমানৰ সাংসদ গৰাকীৰ বিৰোধিতাৰে জনগোষ্ঠীয় ছাত্ৰ সংগঠন দুটাৰ এই ভূমিকাই বিজেপি দলত যে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব সেয়া নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক:সুদৰ ব্যৱসায়ত নামিছে বিজেপি নেত্ৰীও ! মৰিয়নীত সুদখোৰ দম্পতীৰ অত্যাচাৰৰ বলি দৰিদ্ৰ মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.