ETV Bharat / state

অৰবিন্দ কেজৰিৱালক মুকলি কৰি দিয়াৰ দাবীত ৰাজ্যজুৰি আপৰ প্ৰতিবাদ - AAP Protest in Assam - AAP PROTEST IN ASSAM

AAP Protest in Assam : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শুকুৰবাৰে নলবাৰী আৰু তেজপুৰতো আম আদমী পাৰ্টীৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদেৰে আকাশ বতাহ মুখৰিত কৰি তুলিছে ৷ যেতিয়ালৈকে কেজৰিৱালক মুকলি কৰি নিদিয়ে তেতিয়ালৈকে অব্যাহত থাকিব এই প্ৰতিবাদ ৷

AAP Protest in Assam
অৰবিন্দ কেজৰিৱালক মুকলি কৰি দিয়াৰ দাবীত ৰাজ্যজুৰি আপৰ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 7:45 PM IST

অৰবিন্দ কেজৰিৱালক মুকলি কৰি দিয়াৰ দাবীত ৰাজ্যজুৰি আপৰ প্ৰতিবাদ

তেজপুৰ/নলবাৰী/লখিমপুৰ , ২২ মাৰ্চ : আম আদমী পাৰ্টীৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে বিজেপিয়ে ষড়যন্ত্ৰ কৰাৰ অভিযোগৰে দেশজুৰি আম আদমী পাৰ্টীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শুকুৰবাৰে নলবাৰী, লখিমপুৰ আৰু তেজপুৰতো আম আদমী পাৰ্টীৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদেৰে আকাশ বতাহ মুখৰিত কৰি তুলিছে ৷

নলবাৰী জিলাৰ আপৰ কৰ্ম-কৰ্তাসকলে চহৰৰ হৰিমন্দিৰ চ'কত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় আম আদমী পাৰ্টীৰ কাৰ্যকৰ্তাসকলে ।

ইফালে তেজপুৰ ক’ৰ্ট চাৰিআলিত প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰোধী বিভিন্ন শ্লোগেনেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ দেশৰ আইন-শৃংখলা আৰু গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা বুলি উল্লেখ কৰি আপৰ সমৰ্থকসকলে বিজেপিয়ে ই ডিক অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপিত কৰে ।

আনহাতে লখিমপুৰ জিলাতো আপৰ লখিমপুৰ জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে । লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আম আদমী পাৰ্টী আৰু ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীয়ে এই প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে সন্ধিয়া ই ডিয়ে মুখ্যমন্ত্ৰী কেজৰিৱালক তেওঁৰ বাসগৃহৰ পৰা দিল্লীৰ সুৰা কেলেংকাৰীৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰাৰ পিচতে সমগ্ৰ দেশতে কেজৰিৱালক মুকলি কৰি দিয়াৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰে । আপে দাবী কৰে যে যেতিয়ালৈকে কেজৰিৱালক মুকলি কৰি নিদিয়ে তেতিয়ালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব ৷

ইণ্ডি এলায়েঞ্চে আগন্তুক লোকসভাত জয়ী হৈ চৰকাৰ গঠন কৰাৰ ভয়ত বিজেপিয়ে এনেদৰে নিৰ্বাচনৰ আগত ই ডিক ব্যৱহাৰ কৰি কেজৰিৱালক কাৰাগাৰত ভৰাই থোৱাৰ যো-জা চলাইছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে । কেৱল ক্ষমতাৰ বাবে এনেদৰে বিজেপিয়ে বিৰোধী সকলোকে ইডিৰ ভয় দেখুৱাই আহিছে বুলি ককৰ্থনা কৰে আপৰ কৰ্মকৰ্তাসকলে ৷

শেহতীয়া তথ্য অনুসৰি, অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত তাৎক্ষণিক শুনানিৰ দাবী অনুমোদিত হৈছে । এই গোচৰটো ২০২১-২২ বৰ্ষৰ দিল্লী চৰকাৰৰ সুৰা নীতি প্ৰস্তুত আৰু ৰূপায়ণত কথিত দুৰ্নীতি আৰু ধন আত্মসাতৰ সৈতে জড়িত ।

লগতে পঢ়ক: দিল্লীৰ সুৰা নীতি কেলেংকাৰী কি ? - Delhi CM Arvind Kejriwal arrested

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.