ETV Bharat / state

লাওখোৱাকাণ্ড: ডি এফ অ’সহ বিষয়া-বনকৰ্মীৰ বিৰুদ্ধে এজাহাৰ আমছুৰ - AAMSU PROTEST IN NAGAON

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 7:42 PM IST

Forest Department Encounter : লাওখোৱা বন্য়প্ৰাণী অভয়াৰণ্যত হোৱা গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদ আমছুৰ ৷ সোমবাৰে জিলাই জিলাই সাব্যস্ত সংগঠনটোৰ প্ৰতিবাদ ৷ নগাঁৱত বন বিষয়া তথা বনকৰ্মীৰ বিৰুদ্ধে শাস্তিৰ দাবীৰে আমছুৰ এজাহাৰ দাখিল ৷

AAMSU PROTEST IN NAGAON
বনকৰ্মীৰ বিৰুদ্ধে শাস্তিৰ দাবী (ETV Bharat Assam)

নগাঁও, 24 জুন: লাওখোৱা অভয়াৰণ্যৰ বিলত চোৰাংকৈ মাছ ধৰিবলৈ যোৱাৰ সন্দেহত বনকৰ্মীৰ গুলীত নিহত দুই ভাতৃৰ মৃত্যুক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ সোমবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ এটা দলে বনকৰ্মীৰ গুলীত নিহত জুৰীয়াৰ ধিং বড়িচাপৰিৰ আব্দুল জলিল আৰু ছমিৰউদ্দিনৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে ৷ বনকৰ্মীৰ গুলীত নিহত দুই ভাতৃৰ ধিং বড়ি চাপৰিস্থিত বাসগৃহত আমছুৰ সঁজাতি দলটো উপস্থিত হৈ পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰে ৷

আমছুৰ এজাহাৰ দাখিল (ETV Bharat Assam)

তদুপৰি স্থানীয় লোকক সাক্ষাৎ কৰি সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ অন্তত দলটো উপস্থিত হয় জুৰীয়া থানাত ৷ সমগ্ৰ ঘটনাৰ বাবে বন বিভাগকে জগৰীয়া কৰি জুৰীয়া থানাত এখন এজাহাৰ দাখিল কৰে আমছুৰ কেন্দ্ৰীয় প্ৰতিনিধিৰ দলটোৱে ৷ আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰ স্বাক্ষৰিত এজাহাৰখনত নগাঁও জিলা বন্যপ্ৰাণী সংমণ্ডল বিষয়া জয়ন্ত ডেকা, লাওখোৱা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া তথা এ চি এফ হাৰিচ নাথ, সুঁতিৰপাৰ বিট অফিচাৰৰ লগতে চৰাইহাগী বন শিবিৰৰ আটাইকেইগৰাকী বনকৰ্মীক অভিযুক্ত কৰা হৈছে ৷

লগতে পঢ়ক: লখিমপুৰত বনমন্ত্ৰীৰ পুত্তলিকা দাহনৰে আমছুৰ প্ৰতিবাদ - AAMSU PROTEST IN LAKHIMPUR

দুই ভাতৃক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ সংগঠনটোৱে দাখিল কৰা এজাহাৰৰ ভিত্তিত গোচৰটো পঞ্জীয়ন কৰি আটাইকেইগৰাকী অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে ন্যায়িক তদন্তৰো দাবী উত্থাপন কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে ৷

লগতে পঢ়ক: লাওখোৱাকাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ : শীঘ্ৰে আৰম্ভ হ’ব তদন্ত - Fisherman Shooting Case at Laokhowa

বনকৰ্মীৰ গুলীত নিহত ধিং বড়ি চাপৰিৰ দুই ভাতৃ আব্দুল জলিল আৰু ছমিৰ উদ্দিনৰ পৰিয়ালক অনতিপলমে ক্ষতিপূৰণ দিবলৈও চৰকাৰক আহ্বান জনায় আমছুৰ সভাপতি সৰকাৰে ৷ তদুপৰি বৃহস্পতিবাৰে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব বুলিও ঘোষণা কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে ৷

লগতে পঢ়ক: বনকৰ্মীৰ গুলীত নিহত দুই ভাতৃ : ঘটনাক লৈ প্ৰতিক্ৰিয়া আ‌মছুৰ - Forest Department Encounter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.