ETV Bharat / state

মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন বাতিল নকৰিবলৈ মুখ্য়মন্ত্ৰীক সকীয়নি - Muslim Marriage and Divorce Act

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 7:58 PM IST

AAMSU meeting on Muslim Marriage : মুছলমান সমাজৰ বহুবিবাহ আৰু বিবাহ বিচ্ছেদ সন্দৰ্ভত চৰকাৰী নীতিৰ বিৰোধিতাৰে আমছুৰ চিন্তন বৈঠক । এই বৈঠকত কি ক'লে আমছুৰ সভাপতিয়ে ।

AAMSU meeting on Muslim Marriage
আমছুৰ চিন্তন বৈঠক (ETV Bharat Assam)

গুৱাহাটী, ৩ আগষ্ট: অসম মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন আৰু অধিনিয়ম ১৯৩৫ বাতিল সন্দৰ্ভত আমছুৰ উদ্যোগত শনিবাৰে মহানগৰীৰ হাতীগাঁৱত অনুস্থিত হয় এক চিন্তন বৈঠক । অসমৰ সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ বুদ্ধিজীৱী, শিক্ষাবিদ, বিভিন্ন পৰ্যায়ৰ সমাজকৰ্মী আৰু সংগঠকসকলে অনুষ্ঠিত কৰে উক্ত চিন্তন বৈঠকখন । বৈঠকখনত মুছলমান সমাজৰ বিবাহৰ নীতি-নিয়ম সলনি কৰাৰ বিৰোধিতা কৰি ৰাজ্যপালক স্মাৰক পত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

আমছুৰ চিন্তন বৈঠক (ETV Bharat Assam)

মুছলমানে বাল্যবিবাহ সমৰ্থন নকৰে :

এই চিন্তন বৈঠকৰ অন্তত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৰাজ্য় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ কয়," ভাৰতে স্বাধীনতা লাভ কৰাৰ পূৰ্বৰ পৰাই কাজী প্ৰথা মুছলমান সমাজত চলি আছে । বহুবিবাহৰ কথা কোৰাণত কিয় উল্লেখ আছে সকলোৱে জনা উচিত । মুছলমানসকল বাল্যবিবাহৰ পক্ষত নাই, বাল্যবিবাহ বন্ধ কৰক, কিন্তু কাজী সকলক কিছু নিয়ম বনাই দিয়ক ।"

ধৰ্মীয় আবেগত আঘাত কৰিছে :

আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে পুনৰ কয়,"মুছলমান সমাজে বিধবা সকলক সুৰক্ষা দিয়াৰ বাবেহে বহুবিবাহ সমৰ্থন কৰে । মুছলমানে কেতিয়াও বহুবিবাহ আৰু বাল্যবিবাহক প্ৰশ্ৰয় দিয়া নাই । প্ৰথমে মুছলমানৰ নীতি-নিয়ম জানি আইন বনাওক । ৰীতি-নীতি নজনাকৈ আইন প্ৰস্তুত কৰাটো ভুল । ধৰ্মীয় আবেগ অনুভূতিত যদি মুখ্যমন্ত্ৰীয়ে আঘাত হানিব বিচাৰে তেন্তে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম আৰু আইনীভাৱে যুঁজ দিম । ইছলামৰ ক্ষেত্ৰত যদি কিবা ভুল দেখিছে তেতিয়া অলপ আলোচনা কৰক, কিন্তু বলপূৰ্বক কিবা আইন জাপি দিলে আমি মানি নলওঁ ।"

লগতে পঢ়ক:ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভিত মুছলিম সমাজ : ৰাজ্যজুৰি আন্দোলনৰ হুংকাৰ - Muslim Marriage and Divorce Act

অসমৰ মুছলমান বিবাহ আইন বাতিল: ১৩ আগষ্টত চূড়ান্ত শুনানি - Assam Muslim Marriage act

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.