ETV Bharat / state

জাহাংগীৰ হত্য়াকাণ্ডৰ তদন্তত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী আমছুৰ - Dhakuakhana Murder Case

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 8:25 PM IST

AMSU react over Dhakuakhana Murder: জাহাংগীৰৰ ঘৰত আজিও জ্বলা নাই চৌকা । দুখীয়া পৰিয়ালটোত সৃষ্টি হৈছে অৱৰ্ণনীয় পৰিৱেশৰ । আজি আমছুৰ সভাপতিয়ে জাহাংগীৰৰ পৰিয়ালটোৰ অৱস্থাৰ বুজ লৈ চৰকাৰৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ ।

AMSU react over Dhakuakhana Murder
আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ (ETV BHARAT ASSAM)

ধুবুৰী, ২২ জুন: লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱত সংঘটিত ৰাজ্য কঁপোৱা ৰহস্যজনক হত্যাকাণ্ডটোৱে নতুন মোৰ লোৱাৰ পাচত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে এই ঘটনাত । আৰক্ষীয়ে মুণ্ডহীন মৃতদেহটো সুনীল গগৈৰ পৰিৱৰ্তে জাহাংগীৰ হুছেইনৰ বুলি ঘোষণা কৰাৰ পিচতেই এতিয়া হত্য়াৰ বলি হোৱা জাহাংগীৰৰ পৰিয়ালত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । অতি দুখীয়া পৰিয়ালটোত অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হোৱাৰ পিচতো জনপ্ৰতিনিধি তথা প্ৰশাসনৰ লোক জাহাংগীৰৰ পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি নহাত ক্ষোভ প্ৰকাশ কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে । শনিবাৰে তেওঁ জাহাংগীৰৰ পত্নীক সন্তনা দিয়াৰ পিচতেই চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ।

জাহাংগীৰ হত্য়াকাণ্ডৰ তদন্তত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী আমছুৰ (ETV BHARAT ASSAM)

জাহাংগীৰৰ ধুবুৰীৰ ফলিমাৰীৰ ঘৰত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ উপস্থিত হৈ পৰিয়ালটোৰ অৱস্থাৰ বুজ লৈ এই হত্য়াকাণ্ডৰ তদন্তৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে । লখিমপুৰ ঢকুৱাখানাত জাহাংগীৰ হুছেইনৰ মৃত্যুৰ খবৰ নিশ্চিতভাৱে লাভ কৰাৰ পিচৰে পৰা পৰিয়ালটো কান্দোনত ভাগি পৰিছে । পৰিয়ালটোৱে আজিও বিচাৰি আছে জাহাংগীৰৰ মৃতদেহ জানাজা সম্পন্ন কৰাৰ বাবে । আমছুৰ সভাপতি গৰাকীয়ে ধুবুৰী জিলা আয়ুক্তৰ লগতে আৰক্ষী অধীক্ষকক পৰিয়ালটোৰ বুজ ল'বলৈ আহ্বান জনায় ।

লগতে পঢ়ক:সুনীল গগৈৰ বাসগৃহৰ চৌহদৰ পুখুৰীত জাহাংগীৰৰ ছিন্নমুণ্ডৰ সন্ধান - Dhakuakhana Murder Case

তেওঁ জাহাংগীৰক কোনে হত্যা কৰিলে তাৰ উচিত তদন্ত বিচাৰি দোষীক শাস্তি প্ৰদান কৰাৰো দাবী উত্থাপন কৰে । ইপিনে, জাহাংগীৰৰ পৰিয়ালৰ থকা ঘৰটোৰ অৱস্থা অতিকৈ শোচনীয় । বিগত ২০ দিনে পাকঘৰত জ্বলা নাই চৌকা । এটুপি বিশুদ্ধ খোৱাপানীৰ নাই ব্যবস্থা । বিগত ২০ দিনে গাঁওখনৰ ৰাইজৰ ঘৰত আশ্ৰয় লৈ আহিছে জাহাংগীৰৰ পৰিয়ালে । আজি নিজ ঘৰখনলৈ গৈ কান্দোনত ভাঙি পৰিছে জাহাংগীৰৰ পত্নী, সন্তান আৰু মাতৃ ।

লগতে পঢ়ক:সুনীল গগৈৰ ৰহস্যজনক হত্যাকাণ্ডৰ আগদিনাই নোহোৱা হৈছিল জাহাংগীৰ; কিন্তু জাহাংগীৰ কোন ? - SUNIL GOGOI MURDER CASE

আমছুৰ সভাপতিগৰাকীয়ে জাহাংগীৰৰ পৰিয়ালৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি খোৱাবস্তুৰ লগতে বিভিন্ন সামগ্ৰী ক্ৰয় কৰি পৰিয়ালটোক সহায় কৰে । আমছুৱে জাহাংগীৰৰ এটি কণমানি সন্তানৰ পঢ়াশুনাৰ দায়িত্বও গ্ৰহণ কৰে ।

লগতে পঢ়ক:সুনীল গগৈক মুখ্য পলাতক আচামী ঘোষণা : সন্ধান দিওতাই পাব পুৰস্কাৰ - Dhakuakhana Murder case

সুনীল গগৈ নহয়, মুণ্ডহীন মৃতদেহটো জাহাংগীৰৰহে আছিল - Dhakuakhana Murder Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.