ETV Bharat / state

কেজৰিৱালৰ মুক্তিৰ দাবীত গুৱাহাটীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ - AAP Protest

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 5:44 PM IST

AAP Protest: দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱাৰ অৰবিন্দ কেজৰিৱালক কাৰাগাৰৰ পৰাই সোমবাৰে পুনৰ চি বি আইয়ে গ্ৰেপ্তাৰ কৰে । এই গ্ৰেপ্তাৰক অবৈধ ঘোষণা কৰি আম আদমি পাৰ্টীয়ে শনিবাৰে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰে । বিজেপিয়ে ই ডি আৰু চি বি আইক অপব্যৱহাৰ কৰাৰ অভিযোগ আপৰ ।

AAP Protest
কেজৰিৱালৰ মুক্তিৰ দাবীত গুৱাহাটীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ (ETV Bharat)

গুৱাহাটী,২৯ জুন : দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত শেহতীয়াকৈ চিবিআইয়ে পুনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছে । লক্ষণীয়ভাৱে চি বি আয়ে বিগত দুবছৰ ধৰি মুখ্যমন্ত্ৰী কেজৰিৱালক তথাকথিত সুৰা নীতি কেলেংকাৰী গোচৰত অভিযুক্ত কৰা নাছিল । কিন্তু যেতিয়াই অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিব বুলি প্ৰায় নিশ্চিত হৈছিল তেতিয়াই চি বি আইয়ে গোচৰটোত পুনৰ কেজৰিৱালক গ্ৰেপ্তাৰ কৰে । কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিচতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আম আদমি পাৰ্টীয়েও দেশজুৰি প্ৰতিবাদ আৰম্ভ কৰিছে । তাৰ অংশ হিচাপে শনিবাৰে দলটোৱে দেশৰ বিভিন্ন ৰাজ্যত থকা বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ গুৱাহাটীস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতো শতাধিক আম আদমি পাৰ্টীৰ কৰ্মকৰ্তাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে দলৰ কৰ্মীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে । কেজৰিৱালক মুক্তি দিয়া, ই ডি আৰু চি বি আইৰ অপব্যৱহাৰ বন্ধ কৰা আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদত অংশ লৈ আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীয়ে কয় যে আপৰ নেতা অৰবিন্দ কেজৰিৱালক বিজেপি চৰকাৰে বাৰে বাৰে মিছা গোচৰত আক্ৰোশমূলকভাৱে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে । যেতিয়াই এটা গোচৰত কেজৰিৱালে জামিন লাভ কৰে তাৰ লগে লগে আন এটা গোচৰ জাপি দি চি বি আই বা ই ডিৰ দ্বাৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয় বুলি নেতাগৰাকীয়ে অভিযোগ কৰে । চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে বুলিও তেওঁ অভিযোগ কৰে । তেওঁৰ মতে ন্যায়ালয়ক আম আদমি পাৰ্টীয়ে সন্মান কৰে আৰু দলটোৰ ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে । কিন্তু মোদী চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰি চিবিআই আৰু ইডিক হাতৰ মুঠিত ৰাখিবলৈ বিচাৰিছে বুলি তেওঁ অভিযোগ কৰে । যাৰ বাবে দলটোৱে অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ।

এই প্ৰতিবাদৰ জৰিয়তে দলটোৱে শীঘ্ৰে কেজৰিৱালক মুক্তি দিবলৈ দাবী জনাইছে । উল্লেখ্য যে ই ডিৰ গোচৰৰ ভিত্তিত ন্যায়িক জিম্মাত থকাৰ সময়তে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কাৰাগাৰৰ পৰাই সোমবাৰে চি বি আয়ে গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক :কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে বিজেপিৰ মুখ্য কাৰ্যালয়ত আপৰ প্ৰতিবাদ - AAP to Protest on BJP Headquarter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.