ETV Bharat / state

অম্বুবাচী মেলা : সাধুৰ সেৱাত ব্ৰতী এগৰাকী ব্যক্তি - Ambubachi Mela 2024

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 7:14 PM IST

Ambubachi Mela 2024: সাধুৰ সেৱাত ব্ৰতী এগৰাকী ব্যক্তি । ব্যক্তিগত প্ৰচেষ্টাত দৈনিক ৭ হাজাৰ সাধুক তিনিসময়ৰ আহাৰ খুৱাই আহিছে ব্যক্তিগৰাকীয়ে । ২০২১ চনৰ পৰা প্ৰতি বছৰে অম্বুবাচীৰ সময়ত তেওঁ কামাখ্যাধামত উপস্থিত হৈ সাধুসকলৰ বাবে প্ৰস্তুত কৰে ভোগ । কোন এই বিশেষ ব্যক্তিগৰাকী, ক’ৰ পৰা আহিছে তেওঁ আৰু কিয় সাধুসকলৰ বাবে তেওঁৰ প্ৰস্তুত কৰে খাদ্য ? জানক এই প্ৰতিবেদনত ৷

Ambubachi Mela 2024
সাধুৰ সেৱাত ব্ৰতী এগৰাকী ব্যক্তি (Etv Bharat assam)

গুৱাহাটী, ২৪ জুন: নীলাচলৰ বুকুত ভিৰ কৰিছে দেশ-বিদেশৰ লাখ-লাখ ভক্তই । অম্বুবাচীৰ প্ৰবৃত্তি ঘটাৰ দিনাৰ পৰা নীলাচলৰ বুকুত দেখা গৈছে অগণন ভক্তৰ ভিৰ । মা কামাখ্যাৰ আশীৰ্বাদ লোৱাৰ সমান্তৰালকৈ সাধু-সন্তৰ আশিস ল'বলৈও ভিন্নজনে ভিৰ কৰা দেখা গৈছে । সাধুসকলে অৱস্থান কৰা এটা মূল স্থান হৈছে পঞ্চনাম দশম জূনা আখাৰা । এই আখাৰাৰ ওচৰতে আছে এটা বিশেষ ভাণ্ডাৰা ।

সাধুৰ সেৱাত ব্ৰতী এগৰাকী ব্যক্তি (Etv Bharat Assam)

লগতে পঢ়ক: তিনিবাৰকৈ মা কামাখ্যাৰ সাক্ষাৎ লাভৰ দাবী নীলাচললৈ অহা সাধুৰ - Ambubachi Mela 2024

যদিহে আপুনি অম্বুবাচীৰ সময়ত জূনা আখাৰালৈ গৈছে তেন্তে আখাৰাৰ ওচৰতে দেখিবলৈ পাব এই বিশেষ ভাণ্ডাৰাটো । এগৰাকী ব্যক্তিৰ নিজা প্ৰচেষ্টাত ২০২১ চনৰ পৰা সেই স্থানত সাধুসকলৰ বাবে প্ৰস্তুত কৰি অহা হৈছে খাদ্য । এই বিশেষ ব্যক্তিগৰাকী নাম কিশোৰ গোলাকীয়া, গুজৰাটৰ পৰা আহিছে তেওঁ । দৈনিক প্ৰায় ৭ হাজাৰ সাধুক পুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ আৰু নিশাৰ আহাৰ খুৱাই আহিছে কিশোৰে ।

২০২১ চনত অম্বুবাচী সময়ত প্ৰথমবাৰ কামাখ্যালৈ আহিছিল কিশোৰ ৷ সেই সময়ত ইয়াৰে এগৰাকী সাধুয়ে তেওঁক অম্বুবাচী মেলা উপলক্ষে যিবোৰ সাধু আহে তেওঁলোকক আহাৰ খুৱাবলৈ অনুৰোধ জনাইছিল । তেতিয়া পৰা আৰম্ভ কৰি বৰ্তমানলৈ বিগত চাৰিটা বৰ্ষ কিশোৰে সাধুসকলক উক্ত স্থানত অন্নদান কৰি আহিছে ।

লগতে পঢ়ক: মা-কামাখ্যাৰ আশিস বিচাৰি নীলাচলৰ বুকুত ভক্তৰ ভিৰ; শংখ-ঘন্টাধ্বনিৰে মুখৰিত চৌপাশ - Ambubachi Mela 2024

সাধুসকলক এনেদৰে অন্ন দান কৰিবলৈ পাই কিশোৰে নিজকে বহু সুখী অনুভৱ কৰে বুলি জানিবলৈ দিয়ে । অৱশ্যে তেওঁৰ এই কাৰ্যত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত বসবাস কৰা তেওঁৰ একাংশ সতীৰ্থ তথা বন্ধুবৰ্গই তেওঁক সহায় কৰাৰ কথা জানিবলৈ দিয়ে ৷ কিশোৰে কয়, "মই প্ৰতি বছৰে ইয়াত আহি এনেদৰে অম্বুবাচীৰে সময়ত সাধু সকলক খাদ্য খুৱাই যাম ।"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.