ETV Bharat / state

চাকৰি এৰি খেতিপথাৰত খোজ দিছে চিলাপথাৰৰ নিৰুপমা পেগুৱে - Millet cultivation - MILLET CULTIVATION

Millet Cultivation in Silapathar : শিক্ষাকতাৰ চাকৰি বাদ দি কৃষিকৰ্মত নিজকে নিয়োজিত কৰিছে এগৰাকী উদ্যমী মহিলাই ৷ কৰিছে যথেষ্ট লাভান্বিত হ’ব পৰা মিলেটৰ খেতি ৷ জানো আহক তেওঁৰ বিষয়ে...

Millet Cultivation in Silapathar
চিলাপথাৰত কণী ধান(মিলেট)ৰ খেতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 11:12 PM IST

চিলাপথাৰত কণী ধান(মিলেট)ৰ খেতি (ETV Bharat Assam)

জোনাই, 11 মে’ : অসম আৰু অসমীয়াৰ চহা জীৱন সোণালী কৰি আহিছে সেউজীয়া ধান খেতিয়ে । কঠীয়াৰ পৰা গুটি ধানলৈ কেবামহীয়া এই সময়খিনিত খেতিয়কৰ মন প্ৰাণ আশাৰে উপচায় ধাননিডৰাই । সময়ৰ পাতনিত অতীজৰে পৰা গঞাই কৰি অহা ধানখেতিৰ পদ্ধতি আজিকালি আধুনিক হৈছে ।

সম্প্ৰতি ন ন পন্থা আৰু নতুন নতুন ব্ৰীড ব্যৱহাৰ কৰি গঞাই পথাৰ সোণালী কৰাৰ লগতে ভঁৰালো চহকী কৰিছে ৷ চিলাপথাৰৰ এগৰাকী উদ্যমী মহিলাই সৃষ্টি কৰিছে নতুন সম্ভাৱনাৰ ৷ উদ্যমী মহিলাগৰাকীৰ নাম নিৰুপমা পেগু ৷ তেওঁৰ ঘৰ চিলাপথাৰৰ কুলামুৱা গাঁৱত ৷

চিলাপথাৰ ডনবস্ক’ স্কুলৰ শিক্ষকতা এৰি কছাৰী পথাৰৰ চাৰি বিঘা মাটিত উদ্যমী মহিলাগৰাকীয়ে কৰিছে অত্যধিক প্ৰ’টিনযুক্ত কণী ধান অৰ্থাৎ মিলেটৰ ৷ চিলাপথাৰত প্ৰথমবাৰলৈ নিৰুপমা পেগুৱে কৰা অত্যধিক প্ৰ’টিনযুক্ত কণী ধানৰ খেতিডৰা এতিয়া লহপহকৈ বাঢ়িবলৈ আৰম্ভ কৰিছে ।

মন কৰিবলগীয়া যে অঞ্চলটোৰ কৃষক ৰাইজে বছৰত এবাৰ খেতি কৰিয়েই ধান চপাই বছৰৰ বাকী মাহকেইটা কৃষিভূমি ছন পেলাই ৰাখে । পিছে সেই ধাৰণা সলনি কৰি নতুন সম্ভাৱনা কঢ়িয়াই অনা নিৰুপমা পেগু হৈ পৰিছে অনুপ্ৰেৰণাৰ উৎস । শিক্ষকতাৰ বৃত্তি এৰি খেতিৰ জৰিয়তে স্বাৱলম্বিতাৰ সপোন দেখা নিৰুপমাই আন বহু মহিলাৰ বাবে সমাজত দাঙি ধৰিছে উদাহৰণ ।

উল্লেখযোগ্য যে কণী ধানত প্ৰচুৰ পৰিমাণে আঁহযুক্ত পদাৰ্থ থাকে৷ তদুপৰি, কণী ধান তথা মিলেটত প্ৰচুৰ পৰিমাণে ঔষধি গুণ থাকে আৰু এই খেতিৰ জৰিয়তে ৰাজ্যৰ কৃষকসকলে প্ৰতিযোগিতামূলক বজাৰত ফেৰ মাৰিব পাৰিব ৷

লগতে পঢ়ক: সমাপ্ত হ’ল চাকৰি জীৱনৰ; সেউজ বিপ্লৱৰ লক্ষ্যৰে খেতি কৰ্ম আৰম্ভ অৱসৰপ্ৰাপ্ত শিক্ষকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.