ETV Bharat / state

আঙুলিৰে ইংগিত দি সোৱাদ লওঁক আপোনাৰ প্ৰিয় চাহকাপৰ - Special Interview of Ranjit Baruah

আপোনাৰ বাৰু কিমান প্ৰিয় একাপ গৰম চাহ ? গাখীৰ, চাহপাতেৰে প্ৰস্তুত কৰা চাহকাপে আঁতৰাই আপোনাৰ দিনটোৰ অৱসাদ ৷ দিনটোৰ অৱসাদে আৱৰি ৰখা আপোনাক একাপ চাহৰ সোৱাদ দিবলৈ সাজু হৈছে এৰ’মিকা টীৰ টকিং ফিংগাৰ্ছ ৷ আপুনি মুখেৰে নমতাকৈ, হাতৰ ইংগিতেৰে মাথো অৰ্ডাৰ দিলেই হ’ল ৷ আপোনাৰ সন্মুখত হাজিৰ কৰা হ’ব ধোঁৱা বলি থকা একাপ গৰম চাহ ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিক কুলগীতা সাউদৰ প্ৰতিবেদন...

SPECIAL INTERVIEW OF RANJIT BARUAH
এৰ’মিকা টীৰ সঞ্চালকৰ সৈতে বিশেষ সাক্ষাৎকাৰ (Source : Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 8:08 PM IST

এৰ’মিকা টীৰ সঞ্চালকৰ সৈতে বিশেষ সাক্ষাৎকাৰ (Source : Etv Bharat Assam)

গুৱাহাটী, 20 মে’: "মানুহে মানুহৰ বাবে, যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া"… জনসাধাৰণৰ মনত সমন্বয়ৰ সাঁকো গঢ়া ড৹ ভূপেন হাজৰিকাৰ বিশেষ গীতটিৰ দ্বাৰা আৰম্ভ কৰিছো আমাৰ এই বিশেষ প্ৰতিবেদন ৷

আপোনাৰ বাৰু কিমান প্ৰিয় একাপ গৰম চাহ ? গাখীৰ, চাহপাতেৰে প্ৰস্তুত কৰা চাহকাপে আঁতৰাই আপোনাৰ দিনটোৰ অৱসাদ ৷ পিছে কিমান প্ৰকাৰৰ চাহৰ সোৱাদ লাভ কৰিছে আপুনি ? কেতিয়াবা সোৱাদ লৈছেনে বাৰু গ্ৰীণ টী, ব্লু টীৰ লগতে এৰ’মিকা টী ৰ ?

পিছে এৰ’মিকা টী কোনো ফ্লেভাৰ নহয়, ই এক চাহৰ ব্ৰেণ্ডহে ৷ এই এৰ’মিকা টীৰ সঞ্চালক ৰঞ্জিত বৰুৱাই সদায়ে অসমৰ চাহক এক বিশেষ মাত্ৰা প্ৰদান কৰি অহাত গুৰুত্ব আৰোপ কৰা দেখা গৈছে ৷ শেহতীয়াভাৱে বৰুৱাই মুকবধিৰ লোকসকলক লৈ আৰম্ভ কৰিছে চাহৰ এক বিশেষ বিপণি, নাম যাৰ টকিং ফিংগাৰ্ছ ৷ এই বিপণিখনলৈ আহিলে আপুনি হাতৰ আঙুলিৰ ইংগিত দি অৰ্ডাৰ কৰিব লাগিব আপোনাৰ প্ৰিয় চাহকাপ ৷

লগতে পঢ়ক: যদিহে নিজৰ যকৃতক সুস্থ ৰাখিব খোজে, আজিৰে পৰা খাওক এইসমূহ পাচলি... - Best Vegetables For Liver

উল্লেখ্য যে, মুকবধিৰসকলক সংস্থাপন দিয়াৰ উদ্দেশ্যি আৰম্ভ কৰা এই বিপণিখন উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমখন চাহ বিপণি ৷ প্ৰায় দুবছৰীয়া পৰিকল্পনাক বাস্তৱ ৰূপ দিবলৈ সক্ষম হয় এৰমিকা টী-ৰ সঞ্চালক ৰঞ্জিত বৰুৱাই ৷ সম্প্ৰতি এই বিপণিখনত চাৰিগৰাকী মুকবধিৰে সংস্থাপন লাভ কৰিছে ৷ ৰঞ্জিত বৰুৱাৰ এই পদক্ষেপক গ্ৰাহকে আঁকোৱালি ল’লে পৰৱৰ্তী সময়ত তেওঁ এনেধৰণৰ বহুকেইখন বিপণি খোলাৰ আগ্ৰহ প্ৰকাশ কৰে ৷

এই বিপণিখন খোলাৰ সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে এৰমিকা টিৰ সঞ্চালকগৰাকী ৷ কিয়নো উদ্যম থকা যোগ্য প্ৰাৰ্থী বিচাৰোঁতে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি বৰুৱাই সদৰী কৰে ৷ তেওঁ কয় যে, চাৰিগৰাকীকৈ মুকবধিৰ কৰ্মচাৰীক প্ৰায় এমাহ প্ৰশিক্ষণ দিয়াৰ অন্ততহে এই বিপণিখন মুকলি কৰা হয় ৷ গ্ৰাহকক একাপ ভাল চাহৰ সোৱাদ দিয়াৰ লগতে জীৱন-জীৱিকাৰ বাবে এখন মঞ্চ দিয়াটোৱে এৰ’মিকা টীৰ সঞ্চালক ৰঞ্জিত বৰুৱাৰ মুখ্য উদ্দেশ্য ৷

সম্প্ৰতি লখিমপুৰৰ মঞ্জু কুমাৰী, নলবাৰী হাৰিভাঙাৰ লভিতা নাথ আৰু টিহুৰ সমীপৰ কাউৰেহাগীৰ গীতুমণি ঠাকুৰীয়া আৰু ইটানগৰৰ বিকাশ মিৰোহে বিপণিখনৰ কৰ্মচাৰী হিচাপে কাম আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: বজাৰৰ ক’ল্ড ড্ৰিংক যাব পাহৰি; এবাৰ খাই চাওক কেঁচা আমেৰে তৈয়াৰী এবিধ পানীয় - Aam Panna For Summer

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.