ETV Bharat / state

চৰ্চালৈ আহিছে তেজপুৰৰ এটা বিশেষ অংগনৱাড়ী কেন্দ্ৰ - Anganwadi Center

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 7:36 PM IST

Anganwadi Center in Tezpur : চৰ্চালৈ আহিছে তেজপুৰৰ এটা অংগনৱাড়ী কেন্দ্ৰ ৷ তেজপুৰ চহৰৰ কমাৰচুবুৰী অংগনৱাড়ী কেন্দ্ৰটোৰ দায়িত্বত থকা কৰ্মী তৰালী বৰাই শিশুসকলক শিক্ষা দিয়া কিছু প্ৰণালীয়ে চর্চা লাভ কৰিছে ৷

ANGANWADI CENTER IN TEZPUR
এটা বিশেষ অংগনৱাড়ী কেন্দ্ৰ (ETV Bharat Assam)

তেজপুৰ, 26 জুলাই : যি সময়ত আৰ্থিকভাৱে স্বচ্ছল পৰিয়ালে নিজ সন্তানক শিশু অৱস্থাতে ব্যক্তিগত খণ্ডৰ বহু আকৰ্ষণীয় বিদ্যালয়ৰ প্লে ক্লাছৰ জৰিয়তে শৈক্ষিক জীৱনৰ আৰম্ভণি কৰে, তেনে সময়তে বহু অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকাই ন্যূনতম মাননি লাভ কৰিও শিশুক নানা কৌশলেৰে জীৱনৰ আৰম্ভণিতেই বিলাইছে শিক্ষাৰ পোহৰ ৷ সামান্য পাৰিতোষিকেৰে শিশুৰ মনস্তাত্বিক বিকাশৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰে এই কেন্দ্ৰসমূহৰ কৰ্মীসকলে ৷ কিন্ত আদৰ্শ কেন্দ্ৰসমূহ সম্পূৰ্ণ সুকীয়া ৷ বৰ্তমান চৰকাৰে শিশুৰ মানসিক বিকাশৰ বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰদান কৰিছে এই অনুষ্ঠানসমূহলৈ ৷

চৰ্চাত তেজপুৰৰ এটা অংগনৱাড়ী কেন্দ্ৰ (ETV Bharat Assam)

এটি শিশুৱে ঘৰুৱা শিক্ষাৰ পিচতে লাভ কৰে প্ৰাক-প্ৰাথমিক শিক্ষা ৷ ঘৰখনৰ পিচতে শিশুৱে শিক্ষা জীৱনৰ পাতনি মেলে প্ৰাক-বিদ্যালয়ত গ্ৰহণ কৰা শিক্ষাৰ জৰিয়তে ৷ এই শিক্ষা এটি শিশুক আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবলৈ যোৱাৰ পূৰ্বে দিয়া হয় বিভিন্ন কৌশলৰ জৰিয়তে ৷ যাতে শিশুটিক মানসিকভাৱে প্ৰস্তুত কৰি তুলিব পৰা যায় ৷ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পূৰ্বে এই শিক্ষা দিয়া হয় শিশুক ৷

অংগনৱাড়ী কেন্দ্ৰ সমূহত দিয়া শিক্ষাই শিশুৰ শাৰীৰিক, মানসিক আৰু সামাজিক বিকাশৰ ভেটি স্থাপন কৰাত সহায় কৰে ৷ ইয়াৰ উপৰিও এই শিক্ষাৰ দ্বাৰা শিশুৰ অন্তৰ্নিহিত হৈ থকা গুণসমূহ বিকাশ ঘটোৱাত অৰিহণা যোগায় ৷ ইয়াৰ মাজতে চৰ্চালৈ আহিছে তেজপুৰৰ এটা বিশেষ অংগনৱাড়ী কেন্দ্ৰ ৷ তেজপুৰ চহৰৰ কমাৰচুবুৰী অংগনবাড়ী কেন্দ্ৰটোৰ দায়িত্বত থকা কৰ্মী তৰালী বৰাই শিশু সকলক শিক্ষা দিয়া কিছু প্ৰণালীয়ে চর্চা লাভ কৰিছে ৷

পুৱাই প্ৰাৰ্থনাৰে আৰম্ভ হোৱা কেন্দ্ৰটোত নিজৰ সন্তানৰ দৰে প্ৰতিটো শিশুক আদৰ-সাদৰ, মৰম, নাচ-গান, খেল-ধেমালিৰ মাজেৰে শিক্ষা প্ৰদান কৰাৰ লগতে ইজনে সিজনৰ মাজত বন্ধুত্ব কিদৰে গঢ়িব পাৰে, কেনেদৰে সন্মান কৰিব লাগে শিকোৱা হয় ৷ শিশুসকলক পঢ়োৱাৰ লগতে মাজে মাজে গান-নাচ আদিৰ জৰিয়তেও শিক্ষা প্ৰদান কৰা হয় কেন্দ্ৰটোত ৷

লগতে পঢ়ক : মাননি বৃদ্ধিৰ দাবীত ৰহাত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ ধৰ্ণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.