ETV Bharat / state

শিক্ষক দিৱস বিশেষ: জ্ঞানৰ পোহৰ বিলোৱা এগৰাকী ব্যতিক্ৰমী শিক্ষক - Teachers Day 2024

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 6:00 PM IST

Teachers Day 2024: আজি শিক্ষক দিৱস । শিক্ষক দিৱসৰ দিনা চৰ্চাত এখন বিশেষ শিক্ষানুষ্ঠান । এগৰাকী ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাত এটা জনজাতি অধ্যুষিত অঞ্চলত গঢ় লোৱা এই শিক্ষানুষ্ঠানে বিলাইছে জ্ঞানৰ পোহৰ । সেই বিশেষ ব্যক্তি তথা বিশেষ শিক্ষানুষ্ঠানখনৰ সন্দৰ্ভত এক প্ৰতিবেদন ।

A person is providing free education
জ্ঞানৰ পোহৰ বিলোৱা এগৰাকী ব্যতিক্ৰমী শিক্ষক (ETV Bharat Assam)

গুৱাহাটী,৫ ছেপ্টেম্বৰ: আর্থিক সীমাবদ্ধতা আৰু বিভিন্ন প্ৰত্যাহ্বানকো নেওচি জালুকবাৰীৰ সমীপৰ পামহী নামৰ অখ্যাত ঠাইখনৰ পৰাই যুৱকজনে দেখিছিল কিবা এটা বেলেগ কৰাৰ সপোন, জ্ঞানৰ পোহৰ বিলোৱাৰ সপোন । তেনে এক সপোনৰ ফচলৰূপে গঢ় লৈ উঠিছিল উত্তম টেৰণৰ 'পাৰিজাত একাডেমি' নামৰ স্বেচ্ছাসেৱী শিক্ষামূলক অনুষ্ঠানটি । ওচৰতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্রিক মহাবিদ্যালয় থকাৰ পিছতো জনজাতি অধ্যুষিত অঞ্চলটোৰ মানুহখিনিক উচ্চ শিক্ষাৰ পোহৰে চুব পৰা নাই ।

অঞ্চলটোত স্নাতক ডিগ্ৰী লাভ কৰা যুৱক-যুৱতীৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা । কিয়নো সাধাৰণভাৱে উপাৰ্জন কৰি কৰি জীৱন অতিবাহিত কৰি অহা পৰিয়ালৰ কিছুমান শিশুৱে মাজত সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ বাবে উত্তম টেৰণৰ মনত সততে ক্ৰিয়া কৰি আছিল । বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰি এদিন উত্তমে নিজৰ চৌপাশৰ কেইজনমান দুখীয়া পৰিয়ালৰ শিশুক বিনামূলীয়াকৈ শিকোৱাৰ ব্যৱস্থা কৰে ।

তাৰ পিছত ২০০৩ চনত নিজৰ এটি গোহালি ঘৰত দুখনমান ডেস্ক-বেঞ্চ আৰু ব্লেক ব'ৰ্ড এখন লৈ চাৰিজন ছাত্ৰক বিনামূলীয়াকৈ শিকাবলৈ লয় । সেই বছৰতে নিজৰ সীমাবদ্ধতাৰ মাজতে অঞ্চলটোৰ দুখীয়া পৰিয়ালৰ শিশুসকলক স্বেচ্ছাই জ্ঞানৰ পোহৰ বিলাবলৈ সংকল্পবদ্ধ হৈ উত্তমে গোহালি ঘৰটোতে পাৰিজাত একাডেমিৰ জন্ম দিয়ে । তাৰ পিছত আৰু এসময়ৰ গোহালি ঘৰটো বৰ্তমান কংক্ৰিটৰ স্কুলঘৰলৈ ৰূপান্তৰিত হৈছে ।

ৰাইজৰ আৰ্থিক অনুদানেৰে চলি থকা স্বেচ্ছামূলক শিক্ষা অনুষ্ঠানটো দশম শ্ৰেণীলৈ আছে । ২৬৫ গৰাকী ছাত্ৰ-ছাত্ৰীক ২৫ গৰাকী শিক্ষক-শিক্ষয়িত্রীয়ে পাঠদান কৰে । ২০১০ চনৰ পৰা এই শিক্ষানুষ্ঠানটোৰ পৰা ছাত্ৰ-ছাত্রীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ আহিছে । গুৱাহাটীৰ এখন পিছপৰা গাঁৱত স্বেচ্ছাই জ্ঞানৰ পোহৰ বিলোৱাৰ সপোন ৰচনা কৰা উত্তম টেৰণে কয়- " ইমান দূৰ আগবাঢ়ি আহিম বুলি ভবা নাছিলো । "

একাংশ শুভাকাংক্ষীৰ সহায়ে পাৰিজাত একাডেমিক আগুৱাই লৈ যোৱাত সহায় কৰিলে বুলি তেওঁ কয় । টেৰণে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে আৰম্ভণিতে পিতৃ-মাতৃয়ে এইধৰণৰ সংকল্পত শংকিত হৈ পৰিছিল । খেতিয়ক পিতৃয়ে উত্তমক চৰকাৰী চাকৰি নাইবা কোনো ব্যক্তিগত কোম্পানীত কাম কৰাৰ বাবে উপদেশ দিছিল । চৰকাৰী চাকৰি নাইবা কোম্পানীৰ চাকৰিৰ মোহ ত্যাগ কৰি সমাজৰ পশ্চাৎপদৰ শিশুসকলক বিনামূলীয়াকৈ জ্ঞানৰ পোহৰ বিলাই অহা উত্তমৰ পাৰিজাত একাডেমি বর্তমান স্ব-মহিমাৰে গৌৰৱান্বিত ।

ইয়াত ছাত্ৰ থাকিব পৰা এটা বিনামূলীয়া ছাত্রনিবাসো আছে । এই ছাত্র-নিবাসসটোত অসম-মেঘালয় সীমাৰ একেবাৰে দুৰ্গম পিছপৰা অঞ্চল গড়ভাঙাৰ পৰা আহি ছাত্ৰসকল থাকে । শিক্ষাৰ পোহৰে ঢুকি নোপোৱা গড়ভাঙা অঞ্চলতো পাৰিজাতৰ এটা শাখা আছে । তাত দুজন শিক্ষকে প্ৰাথমিকৰ শিশুসকলক বিনামূলীয়াকৈ শিক্ষাদান কৰে । একাডেমিত শিক্ষকতা কৰা বেছিসংখ্যক মহিলা । ৰাইজৰ পৰা পোৱা টকাৰে শিক্ষকসকলক ন্যূনতম মাননি দিয়া হয় বুলি টেৰণে জনায় । ইতিমধ্যে শিক্ষানুষ্ঠানখনত ছাত্ৰীসকলৰ বাবে চিলাই মেচিনত কাপোৰ চিলোৱাৰো ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক: শিক্ষকসকল দিয়াচলাইৰ কাঠিৰ দৰে... শিক্ষক দিৱসত কিয় এইদৰে ক’লে অৱসৰপ্ৰাপ্ত অধ্যাপকে ? - Teachers Day 2024

৫ ছেপ্টেম্বৰত কিয় পালন কৰা হয় শিক্ষক দিৱস ? - Teachers Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.