ETV Bharat / state

প্ৰতিবন্ধকতাক পৰাস্ত কৰি কৰ্মৰে উজলিছে তিনি ডেলিভাৰী বয় - Inspirational Stories

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 10:22 PM IST

Differently abled delivery boys in Guwahati : ‘‘কিবা এটাতো কৰিবই লাগিব ৷’’- ক’লে এজন বিশেষ যুৱকে ৷ দুভৰি অচল, তথাপি জীয়াব লাগিব জীৱন ৷ আজি ক’ম আনোৱাৰ-ছাত্তাৰ-চামচুলৰ কাহিনী ৷ যি কাহিনীত বিচাৰি পাব জীৱনৰ অৰ্থ ৷

Differently abled delivery boys in Guwahati
প্ৰতিবন্ধকতাক পৰাস্ত কৰি কৰ্মৰে উজলিছে তিনি ডেলিভাৰী বয় (ETV Bharat Assam)

গুৱাহাটী, 25 জুন: দুবাৰকৈ আত্মহত্যাৰ চেষ্টা চলোৱা যুৱকজন এতিয়া জীৱনৰ প্ৰেমত পৰিছে ৷ বহুত কিবাকিবি হেৰুৱায়ো জীৱন কিদৰে উদযাপন কৰিব পাৰি সেয়া শিকিছে ৷ দুভৰি অচল, মনৰ শক্তিৰে গুৱাহাটীৰ অলিয়ে-গলিয়ে ঘূৰিছে তিনিজন বিশেষ লোক ৷ মহানাগৰিকৰ দুৱাৰে দুৱাৰে খাদ্যৰ টোপোলা দি জীৱনবাটত খৰ গতি আনোৱাৰ হুছেইন, ছাত্তাৰ আলী আৰু চামচুল হকৰ ৷

গুৱাহাটীত উপাৰ্জন কৰিবলৈ বিলাসীপাৰাৰ পৰা আহিল আনোৱাৰ হুছেইন ৷ 2015 চনতে এক পথ দুৰ্ঘটনাত দুভৰিৰ শক্তি হেৰুৱাইছিল তেতিয়াৰ মেট্ৰিক পৰীক্ষাৰ্থীগৰাকীয়ে ৷ তাৰ পিচতে যেন একপ্ৰকাৰে বিপন্ন হৈ পৰিছিল জীৱন ৷ ৭ বছৰ বিচনাত পৰি থকাৰ পিচত আনোৱাৰে এতিয়া ছুইগীত কাম কৰে ৷ ট্ৰাই চাইকেলক সম্বল হিচাপে লৈ গুৱাহাটীৰ গ্ৰাহকক যোগান ধৰি আছে খাদ্য ৷ স্বচ্ছল হৈছে আৰ্থিকভাৱে ৷

লগতে পঢ়ক: বিশেষভাৱে সক্ষম যুৱকক ই-ৰিক্সা প্ৰদান মুখ্যমন্ত্ৰীৰ

আন এজন লোক হ’ল ছাত্তাৰ আলী ৷ এসময়ত খুউব সুন্দৰকৈ চলি আছিল ছাত্তাৰ আলীৰ জীৱন ৷ কিন্তু 2015 চনত গছৰ পৰা পৰি ছাত্তাৰ আলীৰ ৰাজহাড় ভাগি যায় ৷ আঠটাকৈ বছৰ ঘৰৰ ভিতৰত থকাৰ পিচত ছাত্তাৰ আলীয়ে লগ পালে আন দুই বিশেষভাৱে সক্ষমক ৷ তাৰ পিচতে পুনৰ দেখিবলৈ আৰম্ভ কৰিলে জীৱন উদযাপনৰ সপোন ৷ ছাত্তাৰ আলীয়ে এতিয়া আনোৱাৰৰ দৰেই ছুইগীত কাম কৰি কৰি আছে ধন উপাৰ্জন ৷

পৰিয়ালৰ মানুহ আৰু শৰীৰৰ বাধা নেওচি ওলাই আহিছে চামচুল হক ৷ 15 টা বছৰৰ পূৰ্বেই দুৰ্ঘটনাত পতিত হৈ পক্ষাঘাতক আকোঁৱালি ল’বলগীয়া হৈছিল চামচুলে ৷ বহুদিন ঘৰখনৰ পৰা ওলাব নোৱৰা চামচুলে দেখিলে যে কেৱল তেৱেঁই তেনে নহয়, শাৰিৰীক অক্ষমতা লৈ বহু মানুহ আছে পৃথিৱীত ৷ মনত এক উদ্যম লৈ ওলাই আহিল বাহিৰলৈ ৷ জ’মেট’ত কাম কৰি চামচুলে হকে এতিয়া সুন্দৰকৈ চলাই আছে জীৱনটো ৷ লগতে বহুতকে কৰি আছে অনুপ্ৰাণিতও ৷

লগতে পঢ়ক: কলিয়াবৰৰ ৰাজেন চেত্ৰীক সহায়ৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে

কোনোৱাই শাৰিৰীক শক্তি হেৰুৱায়, কোনোৱাই মানসিক ৷ তাতেই শেষ নহয় জীৱন ৷ জীৱনৰ অৰ্থ বিচাৰি হাহাকাৰ কৰি থকাসকলক এতিয়া পাঠ পঢ়াইছে গুৱাহাটীবাসীৰ দৃষ্টি আকৰ্ষণ কৰা আনোৱাৰ, ছাত্তাৰ আৰু চামচুলে ৷ তিনিওগৰাকীয়ে একেমুখে কৈছে, ‘‘আমি ভাগৰা নাই, নাভাগৰোঁ ৷’’

লগতে পঢ়ক: পদপথৰ আৰ্তজনৰ কাষত নজৰুল : নতুন কাপোৰ পিন্ধাই খুৱালে আহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.