ETV Bharat / state

খোৱাঙৰ এটা পৰিয়ালে আজিও সযতনে ৰাখিছে এখন 50 বছৰ পুৰণি খদ্দৰৰ ৰাষ্ট্ৰীয় পতাকা - 78th Independence day

author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 4:19 PM IST

50 years old National Flag: এটা পৰিয়ালে সংৰক্ষণ কৰি ৰাখিছে 50 বছৰৰো অধিক পুৰণি এখন ৰাষ্ট্ৰীয় পতাকা ৷ ডিব্ৰুগড়ৰ খোৱাঙৰ এটা পৰিয়ালে সংৰক্ষণ কৰিছে পুৰণি ৰাষ্ট্ৰীয় পতাকাখন ৷ পিতৃয়ে উত্তোলন কৰা পতাকাক লৈ গৰ্বিত পুত্ৰ ৷

50 years old National Flag
50 বছৰ পুৰণি খদ্দৰৰ ৰাষ্ট্ৰীয় পতাকা (ETV Bharat Assam)

মৰাণ, 13 আগষ্ট: সমাগত দেশৰ 78 সংখ্যক স্বাধীনতা দিৱস ৷ আৰম্ভ হৈছে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি ৷ কেন্দ্ৰীয় চৰকাৰে বিগত বৰ্ষৰ দৰে এইবাৰো ঘৰে ঘৰে ত্ৰিৰংগাৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰি ৰাইজক স্বাধীনতা উদযাপনৰ সৈতে জড়িৰ কৰোৱাৰ প্ৰয়াস চলাইছে ৷ ইয়াৰ মাজতে আমি ক’বলৈ লৈছো এখন প্ৰায় 50 বছৰ পুৰণি ৰাষ্ট্ৰীয় পতাকাৰ বিষয়ে ৷

আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকাখনৰ বিষয়ে নজনা মানুহ নিশ্চয় নাই ৷ খদ্দৰ কাপোৰেৰে প্ৰস্তুত কৰা ওপৰে গেৰুৱা মাজুত শুকুলা আৰু তলত শ্যামল বা সেউজীয়া তিনিটা ৰং বিশিষ্ট আমাৰ ৰাষ্ট্ৰীয় পতাকাখন ৷ মাজৰ বগা অংশত গাঢ় নীলা ৰঙৰ অশোক চক্ৰটোৰ অবিহনে ৰাষ্ট্ৰীয় পতাকাখন অসম্পূৰ্ণ ৷ প্ৰকৃত ৰাষ্ট্ৰীয় পতাকা খদ্দৰ কাপোৰেৰে তৈয়াৰ কৰা হয় ৷ ডিব্ৰুগড় জিলাৰ খোৱাং আজাৰগুৰিৰ এটা পৰিয়ালে সযতনে ৰাখিছে প্ৰায় 50 বছৰ পুৰণি খদ্দৰ কাপোৰেৰে প্ৰস্তুত কৰা এখন ৰাষ্ট্ৰীয় পতাকা ৷

খোৱাঙৰ আজাৰগুৰিৰ নিবাসী জিতু বৰা আৰু তেওঁৰ মাতৃয়ে আজিও গৰ্ব অনুভৱ কৰে এই পতাকাখনক লৈ ৷ এই পতাকাখন 1969-70 চনতেই ক্ৰয় কৰিছিল জিতু বৰাৰ পিতৃ প্ৰয়াত প্ৰধিতি বৰাই ৷ সেই সময়ত প্ৰয়াত প্ৰধিতি বৰা গড়কাপ্তানী বিভাগৰ বিষয়া হিচাপে কৰ্মৰত আছিল নগালেণ্ডত ৷ চাকৰিসূত্ৰে নাগালেণ্ডত থকা সময়ছোৱাত তেওঁ নিজৰ চৰকাৰী বাসগৃহত স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত উত্তোলন কৰিছিল এই পতাকাখন ৷

1999 চনত প্ৰধিতি বৰাৰ মৃত্যু ঘটে যদিও তেওঁৰ পত্নী-পুত্ৰই পতাকাখন আজিও সযতনে ৰাখিছে ৷ মৃত্যুৰ সময়তো প্ৰধিতি বৰাই পতাকাখন ভালদৰে ৰাখিবলৈ অনুৰোধ জনাই গৈছিল পত্নীক ৷ পৰিয়ালটোৱে জনোৱা মতে বৰ্তমান তেওঁলোকে পুৰণি পতাকাখন সংৰক্ষণ কৰি ৰাখিছে যদিও ইয়াক উত্তোলন নকৰে ৷ পুৰণি পতাকাখনৰ পৰিৱৰ্তে নতুন পতাকা উত্তোলন কৰে ৷

লগতে পঢ়ক: তেজপুৰত ৭৮ সংখ্যক স্বাধীনতা দিৱসত বিশেষ আকৰ্ষণ অসম ৰাইফলছৰ মহিলা বাহিনী - INDEPENDENCE DAY 2024

বাইকত উঠি সৰ্বানন্দ সোণোৱালে দিলে ‘ভাৰত মাতা কি জয়' ধ্বনি - Union Minister Sarbananda Sonowal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.