ETV Bharat / state

সামাজিক মাধ্যমে হাঁহি বিৰিঙালে মৰাণৰ এটা পৰিয়ালৰ মুখত - Power of socail media

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 8:58 PM IST

Missing person found through youtube : সামাজিক মাধ্যমে হাঁহি ঘূৰাই আনিলে এটা পৰিয়ালৰ ৷ নেপালৰ মুক্তি নাথ মন্দিৰত সন্ধান লাভ কৰিলে 52 বছৰ পূৰ্বে নিজ গৃহ এৰি যোৱা আত্মীয়ৰ ৷ লোকজন মৰাণ লেঙেৰী লাহোৱালৰ দীন চুতীয়া ৷

a family of moran found their family member alive after 52 years through you tube in moran
সামাজিক মাধ্যমে হাঁহি বিৰিঙালে মৰাণৰ এটা পৰিয়ালৰ মুখত (ETV Bharat Assam)

মৰাণ, 20 আগষ্ট: বৰ্তমান প্ৰযুক্তি বিদ্যা উন্নত হোৱাত সামাজিক মাধ্যমৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰ হৈছে । সামাজিক মাধ্যমে যোগাত্মক বাৰ্তা কঢ়িয়াই অনাৰ সময়তে অৱশ্যে একাংশ ক্ষেত্ৰত সমাজত অৰাজক পৰিৱেশৰো সৃষ্টি কৰি আহিছে । ইয়াৰ মাজতেই সামজিক মাধ্যমে একাংশৰ মুখত বিৰিঙাবলৈ সক্ষম হৈছে এক প্ৰাপ্তিৰ হাঁহি । সামাজিক মাধ্যমৰ জৰিয়তে 52 বছৰৰ অপেক্ষাৰ অন্তত সু-খবৰ কঢ়িয়াই আনিলে ডিব্ৰুগড়ৰ এটা পৰিয়াললৈ ।

জানিব পৰা মতে, 52 বছৰ পূৰ্বে নিজ ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হৈ পৰিছিল মৰাণ লেঙেৰী লাহোৱাল গাঁৱৰ নিৱাসী দীন চুতীয়া ৷ 20 বছৰ বয়সত কলেজত পঢ়ি থকা অৱস্থাতে কোনো কাৰণ নোহোৱাকৈ এদিন লেঙেৰীৰ ঘৰখনৰ পৰা ওলাই গৈছিল প্ৰয়াত পিতৃ-মাতৃ নলৰাম চুতীয়া আৰু পূৰ্ণিমালা চুতীয়াৰ দ্বিতীয় পুত্ৰ দীন চুতীয়া । সেই দিন ধৰি দীন চুতীয়াৰ কোনো শুং-সূত্ৰ লাভ কৰা নাছিল পৰিয়ালৰ লোকে ।

শেহতীয়াকৈ অসমৰ এগৰাকী ইউটিউবাৰে নেপালৰ মাছটাং মুক্তি নাথ মন্দিৰ পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়তে নেপালত এগৰাকী অসমীয়া সন্ন্যাসীক লগ পাই তেওঁৰ সৈতে মত বিনিময় কৰে আৰু সেই ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে ৷ বিগত 20 বছৰ ধৰি মন্দিৰটোত সাধনা কৰি থকা বুলি দীন চুতীয়া নামৰ লোকজনে ভিডিঅ'টোত উল্লেখ কৰাৰ পাচত মন্ত্ৰী বিমল বড়াই নিজৰ ফেচবুক ৱালত সেই ভিডিঅ’টো শ্বেয়াৰ কৰে ৷ ইয়াৰ পিছতে পৰিয়ালৰ লোকে সেই লোকজন নিজৰ পৰিয়ালৰ তথা দীন চুতীয়া বুলি চিনাক্ত কৰে ।

ইয়াৰ পাছতেই মঙলবাৰে দীন চুতীয়াৰ সন্ধানত নেপাললৈ বুলি ৰাওনা হৈছে দীন চুতীয়াৰ চাৰিগৰাকীকৈ ভাগিন । পৰিয়ালে জানিবলৈ দিয়া অনুসৰি দীন চুতীয়াৰ পাঁচজন ভাই-ককাই আছিল যদিও ইতিমধ্যে চাৰিগৰাকীৰ মৃত্যু ঘটিছে । 52 বছৰ পূৰ্বে নিৰুদ্দেশ হোৱা ঘৰৰ ল’ৰাজন ঘৰলৈ উভতি আহিব বুলি আহ্লাদিত হৈ পৰিছে পৰিয়ালৰ লোকৰ মন ।

লগতে পঢ়ক: ফেচবুক-ইউটিউবৰ পৰা উপাৰ্জন হোৱা ধন বৰ্ণিলৰ পিতৃ-মাতৃয়ে ক'ত খৰচ কৰিছে জানেনে ? - Kid YouTubers

গৌৰৱ গগৈৰ বিৰুদ্ধে অভিসন্ধি কৰিছে কোনে ? গোচৰ তৰিলে প্ৰদেশ কংগ্ৰেছে - MP Gaurav Gogoi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.