ETV Bharat / state

চৰকাৰী সুবিধাৰ পৰা বঞ্চিত সৰুপথাৰৰ এটা পৰিয়াল

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 5:18 PM IST

Deprived From Govt Scheme: দৰিদ্ৰ লোকক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে ৰূপায়ণ কৰিছে বিভিন্ন অভিলাসী আঁচনি । পিছে প্ৰকৃতাৰ্থত দৰিদ্ৰ লোকসকলে লাভ কৰিছেনে চৰকাৰী আঁচনিৰ সুবিধা ? সৰুপথাৰৰ এটি দৰিদ্ৰ পৰিয়ালৰ দুৰাৱস্থাই উদঙাইছে চৰকাৰী আঁচনি ৰূপায়ণৰ প্ৰকৃত স্বৰূপ ।

A family in Sarupathar deprived of government schemes
চৰকাৰী সুবিধাৰ পৰা বঞ্চিত সৰুপথাৰৰ এটা পৰিয়াল
চৰকাৰী সুবিধাৰ পৰা বঞ্চিত সৰুপথাৰৰ এটা পৰিয়াল

সৰুপথাৰ,১ মাৰ্চ: অসম-নগালেণ্ড সীমান্তৰ চুঙাজান মাজগাঁও পঞ্চায়তৰ অন্তৰ্গত নৱমিলনপুৰ গাঁৱৰ নিবাসী বুবু গগৈ । তেখেতৰ পৰিয়ালৰ জীৱন গাঁথা শুনিলে আপোনাৰো দুখ লাগিব । ৬০ উৰ্ধৰ বুবু গগৈ আৰু তেওঁৰ একমাত্ৰ পুত্ৰ দুয়োজনেই প্ৰায় অন্ধ বুলিব পাৰি । দুয়োজনেই এটা এটা চকুৰে সামান্যহে দেখে । তেখেতৰ পত্নীও ৰোগত আক্ৰান্ত হৈ বিচনাত পৰি আছে ।

সুস্থ বুলিবলৈ ঘৰখনত কেৱল বোৱাৰী আৰু কণমানি নাতিকেইটা । বুবু গগৈৰ পৰিয়ালটোত খেতি কৰিবলৈয়ো কোনো সম্বল নাই। ৰেচন কাৰ্ডৰ চাউলকেইটাৰে যেনে তেনে পেট ভৰে পৰিয়ালটোৰ । পুত্ৰই চকুৰে নেদেখে যদিও বেলেগৰ ঘৰত মাজে সময়ে তেনেকৈয়ে কাম-বন কৰি দুই এপইচা উলিয়ায় । তেনেকৈয়ে পৰিয়ালটোৱে যাপন কৰিছে জীৱন।

এফালে যদি সবকা সাথ সবকা বিকাশ । আনফালে আকৌ দৰিদ্ৰতাই কোঙা কৰা চুঙাজানৰ এটা দুৰ্ভগীয়া পৰিয়াল । ৰাজ্যৰ জনসাধাৰণে লাভ কৰিছে বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি । আঢ্যবন্ত লোকেও লাভ কৰে আৰ্থিক সাহাৰ্যৰ সুবিধা । পিছে এই দুৰ্ভগীয়া পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থাৰ পিছতো কেৱল ৰেচন কাৰ্ডৰ বাদে অন্যান্য চৰকাৰী আঁচনিসমূহে এতিয়ালৈকে ঢুকি পোৱা নাই ।

বুবু গগৈয়ে জনোৱা অনুসৰি তেওঁ পঞ্চায়তৰ লোকক বহুবাৰ কাকুতি-মিনতি কৰাৰ পিছতো লাভ কৰা নাই সা-সুবিধা । পৰিয়ালটোৰ নাই চৰকাৰী ঘৰ, নাই চৰকাৰী শৌচালয় । আনকি পত্নীৰ নামত নামত এতিয়ালৈকে নাই অৰুণোদয় আঁচনি, লাভ কৰা নাই বৃদ্ধ পেন্সন । চৰকাৰীভাৱে বিকলাংগ ব্যক্তিৰ প্ৰাপ্য সুবিধাসমূহ পোৱা হ'লেও পৰিয়ালটোৱে কিছু সকাহ পালে হয় । পিছে কোনে শুনিব এইসকল দুৰ্ভগীয়া লোকৰ কথা । চৰকাৰী প্ৰতিনিধিসকলৰ দৃষ্টগোচৰ হ'ব নে এনেধৰণৰ বিষয়সমূহ ?

লগতে পঢ়ক: জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলত হস্তী গণনা কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.