ETV Bharat / state

আৰক্ষীৰ দুৰ্বলতা নে ৰাজনৈতিক নেতাৰ আৰ্শীবাদ, কাৰ আশীৰ্বাদত চিকিৎসক দম্পতীয়ে লাভ কৰিলে জামিন ? - CHILD LABOUR TORTURE IN DIBRUGARH

author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 7:45 AM IST

Child Labour Torture : বনকৰা কিশোৰীক জঘন্য নির্যাতন চলোৱাৰ পাচতো জামিন লাভ কৰিলে ডিব্ৰুগড়ৰ অভিযুক্ত চিকিৎসক দম্পতীয়ে ৷ ডিব্ৰুগড় আৰক্ষীৰ দুৰ্বলতা নে ৰাজনৈতিক নেতাৰ আৰ্শীবাদত চিকিৎসক দম্পতীয়ে লাভ কৰিলে জামিন ? সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰশ্নৰ ৷

CHILD LABOUR TORTURE IN DIBRUGARH
অভিযুক্ত চিকিৎসক দম্পতী (Etv bharat assam)

আৰক্ষীৰ দুৰ্বলতা নে ৰাজনৈতিক নেতাৰ আৰ্শীবাদ- কাৰ আশীৰ্বাদত চিকিৎসক দম্পতীয়ে লাভ কৰিলে জামিন? (Etv bharat assam)

মৰাণ, 11 মে’ : বনকৰা কিশোৰীক জঘন্য নির্যাতন চলোৱা ঘটনাৰ অভিযুক্ত চিকিৎসক দম্পতীয়ে লাভ কৰিলে জামিন ৷ চলিত বৰ্ষৰ এপ্ৰিল মাহত পোহৰলৈ আহিছিল এই জঘন্য, অমানৱীয়, গাৰ নোম শিয়ৰি উঠা জঘন্য নির্যাতনৰ ঘটনাটো । ঘটনাৰ সৈতে নাম সাঙোৰ খাইছিল ডিব্ৰুগড়ৰ নামজলা চর্মৰোগ বিশেষজ্ঞ ডাঃ দেৱজিৎ দত্ত আৰু চিকিৎসকগৰাকীৰ পত্নী ববী কলিতাৰ নাম ।

ডিব্ৰুগড়ৰ কনভয় ৰোডৰ বৈৰাগীমঠ জেএছবি উন্নয়ন এপার্টমেন্টৰ গৃহত চিকিৎসক আৰু তেওঁৰ পত্নীয়ে বছৰৰ পাচত বছৰ ধৰি এগৰাকী কিশোৰীক গৰম পানী গালৈ দলিয়াই, গৰম ইস্ত্ৰি পিঠিত লগাই দি, বেলনা মাৰিৰে কোবাই কেইবাটাও দাঁত ভাঙি দিয়াৰ লগতে মূৰত মাৰি মূৰ ফালি চৰম নির্যাতন চলাইছিল বুলি ভুক্তভোগী কিশোৰীগৰাকীয়ে অভিযোগ তোলে ।

ডিব্ৰুগড়ৰ শিশু কল্যাণ সমিতিৰ উদ্যোগত 10 এপ্ৰিলৰ দিনা এই বৰ্বৰ ঘটনা পোহৰলৈ আহে ৷ ইয়াৰ পাচতে শিশু কল্যাণ সমিতিয়ে ডিব্ৰুগড় সদৰ থানাত 12 এপ্ৰিলৰ দিনা চিকিৎসক দম্পতীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । ঘটনা সন্দৰ্ভত ডিব্ৰুগড় সদৰ থানাত 352/342/326/374/506-75/79 জুভাইনেল এক্ট, শিশু সুৰক্ষা আইন 2014-2015 আৰু শিশু শ্রমিক আইন 1986 ৰ অধীনত 134/2024 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হয় ।

গোচৰ ৰুজু হোৱাৰ পাচতে চিকিৎসক দেৱজিৎ দত্তৰ পত্নী তথা এখন বিউটী পার্লাৰৰ স্বত্বাধিকাৰী ববী কলিতাক গ্ৰেপ্তাৰ কৰা হয় যদিও ৰহস্যজনকভাৱে এজাহাৰ দাখিল কৰা পাচৰে পৰা পলাতক হৈ আছিল অভিযুক্ত চিকিৎসকজন । আৰক্ষীৰ হাতত ধৰা নপৰাকৈয়ে চিকিৎসক দেৱজিৎ দত্তই অগ্ৰিম জামিন লাভ কৰা আৰু পত্নী ববী কলিতাই জামিন লাভ কৰা ঘটনাত বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সচেতন মহলে ।

আনকি ডিব্ৰুগড়ৰ শিশু কল্যাণ সমিতিয়েও বনকৰা কিশোৰীক জঘন্য নির্যাতন চলোৱা ঘটনাৰ অভিযুক্তক জামিন প্ৰদানৰ ঘটনাক সহজভাৱে মানি ল’ব পৰা নাই ৷ জানিব পৰা অনুসৰি চিকিৎসক দম্পতিয়ে নিজৰ কণমাণি সন্তানটিৰ বেমাৰ দেখুৱাই জামিন লাভ কৰিছে । ডিব্ৰুগড় আৰক্ষীয়ে সমগ্ৰ ঘটনাক লৈ সঠিকভাৱে তদন্ত নকৰাৰ বাবেই ঘটনা সংঘটিত হোৱাৰ এটা মাহ নৌহওঁতেই চিকিৎসক দম্পতীয়ে জামিন লাভ কৰিলে নেকি বুলিও সচেতন মহলৰ মনত প্ৰশ্নৰ উদয় হৈছে ৷

সমগ্ৰ ঘটনাক উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ বাবে দাবী তুলিছে সচেতন ৰাইজে । ডিব্ৰুগড় আৰক্ষীৰ দুৰ্বলতাৰ বাবেই নে ৰাজনৈতিক নেতাৰ আৰ্শীবাদপুষ্ট হৈয়ে চিকিৎসক দম্পতীয়ে জামিন পালে তাকে লৈও প্ৰশ্নৰ অৱতাৰণা হৈছে । বৰ্তমানেও ডিব্ৰুগড়ৰ শিশু গৃহত থকা কিশোৰীগৰাকীৰ বয়সক লৈ আজিও নিশ্চিত হ'ব পৰা নাই ডিব্ৰুগড়ৰ চাইল্ড ৱেলফেয়াৰ কমিটি ।

লগতে পঢ়ক : চিকিৎসক দম্পতীৰ বিৰুদ্ধে বনকৰা কিশোৰীক শাৰীৰিক নির্যাতন চলোৱাৰ অভিযোগ; পলাতক অভিযুক্ত - Child Labour Torture

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.