ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ত 84 বছৰীয়া পৰীক্ষাৰ্থী সৰোজনী ভাগৱতীক সম্বৰ্দ্ধনা

author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 7:46 PM IST

84 year old candidate Sarojini Bhagwati : শিক্ষালাভৰ বাবে বয়সৰ কোনো সীমা নাথাকে ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলৈ আহিল এগৰাকী 84 বছৰীয়া পৰীক্ষাৰ্থীয়ে । পঢ়ক সবিশেষ...

84 year old candidate Sarojini Bhagwati
সৰোজনী ভাগৱতীক সম্বৰ্দ্ধনা

গুৱাহাটী, ২০ মাৰ্চ : মন কৰিলেই চন, বাকৰি মাটিতে ধন- এই কথা প্ৰমাণ কৰি দেখুৱালে এগৰাকী 84 বছৰীয়া আইতাই ৷ জ্ঞান লাভৰ কোনো বয়স তথা পৰিধি নাথাকে ৷ এই কথাটোৱেই যেন প্ৰমাণিত হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰৰ পৰীক্ষা কেন্দ্ৰত । যোৱা 19 মাৰ্চৰ পৰা কেন্দ্ৰটোত আৰম্ভ হৈছে হোৱা দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰৰ অধীনৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষা ৷ এই পৰীক্ষাৰ প্ৰথম দিনা আছিল অসমীয়া বিষয়ৰ পৰীক্ষা ৷

84-year-old candidate Sarojini Bhagwati felicitated at Guwahati University
সৰোজনী ভাগৱতী

এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহিছিল এগৰাকী 84 বছৰ বয়সীয়া পৰীক্ষাৰ্থী । পৰীক্ষাৰ্থীগৰাকী উপস্থিত হোৱাৰ লগে লগে কেন্দ্ৰটোৰ সঞ্চালক ড৹ দেৱহৰি তালুকদাৰ আৰু সমূহ অধ্যাপক অধ্যাপিকাই পৰীক্ষাৰ্থীগৰাকীক এখন ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি শুভকামনা যাচে ।

উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ শিখৰ কুমাৰ শৰ্মাৰ মাতৃ 84 বছৰীয়া সৰোজিনী ভাগৱতী ৷ সৰুৰে পৰা মেধাৱী ছাত্ৰী হিচাপে পৰিচিত আছিল সৰোজিনী ভাগৱতী ৷

ইয়াৰ পূৰ্বে ভাগৱতীয়ে 71 বছৰ বয়সত ৰাজনীতি বিজ্ঞান বিষয়ত গুৱাহাটী বিশ্ববিদ্যাল়য়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল । পৰীক্ষাৰ্থীগৰাকীৰ শাৰীৰিক অৱস্থা আৰু তেওঁ জনোৱা আবেদনৰ ভিত্তিত চিকিৎসকৰ পৰামৰ্শ অনুসৰি এক আছুতীয়া কক্ষত পৰীক্ষাৰ আসনৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে নলবাৰী জিলাৰ বৰনৰ্দীৰ বাসিন্দা সৰোজনী ভাগৱতীৰ পৰীক্ষা অহা 28 মাৰ্চত সামৰণি পৰিব । এনেদৰে এগৰাকী আইতাৰ পঢ়াৰ প্ৰতি থকা ধাওতি দেখি পৰীক্ষা কেন্দ্ৰটোত অন্যান্য শিক্ষাৰ্থীসকল নথৈ আনন্দিত হৈছে ৷

লগতে পঢ়ক: জলবায়ু পৰিৱৰ্তন সূচকৰ ৰেকৰ্ড স্তৰ স্পৰ্শ; আটাইতকৈ উষ্ণ বছৰ 2023

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.