ETV Bharat / state

আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মুত্যুক লৈ বিতৰ্কত অসম আৰক্ষী; সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন ৮০ ভুৱা এনকাউণ্টাৰৰ গোচৰ - Fake encounter allegation

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 4:32 PM IST

Dhing Rape Case: ধিং-কাণ্ডৰ অভিযুক্ত তফাজ্জুল ইছলামৰ মৃত্যু ঘটিছিল আৰক্ষীৰ জিম্মাত ৷ পৰৱৰ্তী সময়ত পৰিয়ালৰ লোক আদালতৰ দ্বাৰস্থ হোৱাৰ পিচত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শুনানিত কেতবোৰ নতুন দিশ পোহৰলৈ আহিছে । ইয়াকে লৈ পুনৰ এবাৰ অসম আৰক্ষী বিতৰ্কত সোমাই পৰিছে । আনহাতে, তফাজ্জুলৰ পৰিয়ালৰ অধিবক্তাই এই সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে । চাওক সবিশেষ-

Fake encounter allegation
আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মুত্যুক লৈ বিতৰ্কত অসম আৰক্ষী (ETV Bharat)

গুৱাহাটী, ১৭ ছেপ্টেম্বৰ : আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃত্যুক লৈ পুনৰ এবাৰ বিতৰ্কত সোমাই পৰিছে অসম আৰক্ষী । ৰাজ্যজুৰি তুমুল প্রতিক্রিয়া সৃষ্টি কৰা নগাঁও জিলাৰ ধিঙৰ কিশোৰী ধর্ষণ-কাণ্ডৰ মূল অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰা তফাজ্জুল ইছলামৰ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাৰ পিচত পৰিয়ালৰ লোক ন্যায় বিচাৰি আদালতৰ দ্বাৰস্থ হৈছে ।

তফাজ্জুল ইছলামৰ আৰক্ষীৰ জিম্মাত মৃত্যু সন্দৰ্ভত অধিবক্তাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

এই সন্দৰ্ভত সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি হয় । এই শুনানিত ৰাজ্য চৰকাৰৰ গৃহ বিভাগক আদালতে কঠোৰ নিৰ্দেশ জাৰি কৰিছে । তফাজ্জুল ইছলাম নামৰ যুৱকজনৰ মৃত্যু সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে গৃহ বিভাগকে ধৰি ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰে ।

আদালতে ঘটনা সন্দৰ্ভত সকলো তথ্য-পাতিসহ চাৰি সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ গৃহ বিভাগ তথা চৰকাৰক আদেশ দিছে ।

উল্লেখ্য যে যোৱা ২৪ আগষ্টত আৰক্ষীয়ে ঘটনাস্থল পৰ্যবেক্ষণৰ বাবে লৈ যোৱা সময়ত তফাজ্জুলে পলায়নৰ চেষ্টা কৰোতে পুখুৰীত পৰি মৃত্যু হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল ৷ অভিযুক্ত তফাজ্জুল ইছলামৰ পিতৃ আব্দুল আৱালে আৰক্ষীৰ বিৰুদ্ধে পুত্ৰক অত্যাচাৰ কৰি হত্যা কৰাৰ অভিযোগ কৰি আৰু ইয়াৰ উচিত তদন্ত বিচাৰি দাখিল কৰা এখন লেখ আবেদনৰ শুনানিৰ পাচত সোমবাৰে ন্যায়াধীশ মানস ৰঞ্জন পাঠক আৰু ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ খণ্ড বিচাৰপীঠে এই আদেশ দিয়ে ।

আদালতে গৃহ বিভাগক পৰৱৰ্তী শুনানিৰ দিন ৪ নৱেম্বৰৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ সময়সীমা বান্ধি দিছে । এই আবেদনত মুখ্য সচিবৰ লগতে গৃহ বিভাগৰ প্ৰধান সচিব, আৰক্ষী সঞ্চালকপ্রধান, নগাঁৱৰ আৰক্ষী অধীক্ষক, জিলা আয়ুক্ত, ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকো পদকীয়া পক্ষ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে । আনহাতে, আদালতে মঙলবাৰে সকলো পদকীয়ালৈ উত্তৰ দিয়াৰ জাননী জাৰি কৰিছে ।

উল্লেখ্য যে ধিঙৰ কিশোৰী ধর্ষণ-কাণ্ডত জড়িত থকাৰ অভিযোগত ধিং থানাৰ আৰক্ষীয়ে ২৩ আগষ্টৰ পুৱা বৰভেটী গাঁৱৰ ঘৰৰ পৰা তফাজ্জুলক গ্ৰেপ্তাৰ কৰে । সেইদিনাই নিশা অপৰাধৰ স্থান দেখুৱাবলৈ বুলি লৈ যোৱা অৱস্থাত হাতকেৰেয়াসহ পলাবলৈ চেষ্টা চলোৱা তফাজ্জুলৰ ওচৰৰে এটা পুখুৰীত পৰি মৃত্যু ঘটে বুলি আৰক্ষীয়ে গাঁৱৰ গাঁওবুঢ়াৰ জৰিয়তে তফাজ্জুলৰ ঘৰত খবৰ দিয়ে ।

কিন্তু তফাজ্জুলৰ পৰিয়ালে আৰক্ষীৰ ভাষ্য সম্পূর্ণভাৱে অস্বীকাৰ কৰিছে । এয়া আৰক্ষীৰ জিম্মাত হোৱা এক হত্যাকাণ্ড বুলি অভিযোগ কৰি ঘটনাৰ উচিত তদন্ত আৰু ক্ষতিপূৰণ বিচাৰি পিতৃ আব্দুল আৱাল উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ।

গোচৰীয়া পক্ষৰ অধিবক্তাৰ ভাষ্য

গোচৰীয়া পক্ষৰ অধিবক্তা জুনাইদ খালিদে কয়, "পৰিয়ালৰ অভিযোগ মতে, পৰিচয় বিভ্রান্তি ঘটি আৰক্ষীয়ে তফাজ্জুলক গ্ৰেপ্তাৰ কৰিছিল আৰু আৰক্ষীৰ জিম্মাত কৰা অত্যাচাৰৰ ফলতে তফাজ্জুলৰ মৃত্যু হৈছিল । অত্যাচাৰৰ কথা লুকুৱাবলৈকে আৰক্ষীয়ে তফাজ্জুলে পলায়নৰ চেষ্টা কৰি পুখুৰীত জাঁপ দিয়াৰ কাহিনী সাজিছে । লগতে আৰক্ষীয়ে তফাজ্জুলক গ্রেপ্তাৰ সম্পৰ্কীয় নথি-পত্র (এৰেষ্ট মেম'), মৃত্যুৰ কাৰণ, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, মৃত্যুৰ প্ৰমাণ-পত্ৰ আদি পৰিয়ালক দিয়া নাই বুলি আবেদনত উল্লেখ কৰা হৈছে ।"

তেওঁ লগতে আৰক্ষীৰ জিম্মাত হোৱা মৃত্যুৰ ক্ষেত্ৰত মানৱ অধিকাৰ আয়োগলৈ প্রতিবেদন প্ৰেৰণ কৰাকে ধৰি যাৱতীয় বিধিগত পদ্ধতি মানি চলা হোৱা নাই বুলিও অভিযোগ কৰিছে ।

অধিবক্তাগৰাকীয়ে কয়, "পৰিয়ালৰ লোকে আদালতৰ মজিয়াত ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ কৰা আৰু পিচত পানীত পৰি মৃত্যু হোৱা তফাজ্জুল প্ৰকৃততে ধৰ্ষণত অভিযুক্ত তফাজ্জুল নহয় । মৃত তফাজ্জুল আৰু ধৰ্ষণত অভিযুক্ত তফাজ্জুল দুজন ভিন্ন‌ ব্যক্তি ।"

তেওঁ লগতে কয়, "তফাজ্জুলৰ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাটো আদালতত প্ৰমাণ হ'লে বিষয়টো আৰক্ষীৰ বাবে অতি জটিল‌ হৈ পৰিব । ইতিমধ্যে আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাক লৈ উচ্চতম ন্যায়ালয়ৰ কেবাটাও গুৰুত্বপূৰ্ণ ৰায় আছে । এই সন্দৰ্ভত আদালতে কঠোৰ স্থিতি গ্ৰহণ কৰিব ।"

ৰাজ্যৰ ৮০ টা ভুৱা এনকাউণ্টাৰৰ গোচৰ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন

ইফালে উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে ৮০ টা এনে ভুৱা এনকাউণ্টাৰ গোচৰ । অহা ২২ অক্টোবৰত উচ্চতম ন্যায়ালয়ত এই গোচৰৰ পুনৰ শুনানি অনুষ্ঠিত হ'ব ।

উল্লেখ্য যে নতুন দিল্লীস্থিত জ্যেষ্ঠ অধিবক্তা আৰিফ জোৱাদ্দাৰে ভুৱা একাউণ্টাৰ সন্দৰ্ভত এক জনস্বার্থজনিত আবেদন (নং ৮৬/২০২১) দাখিল কৰিছিল । তেওঁ আবেদনখনত উল্লেখ কৰা মতে, ২০২১ চনৰ মে’ মাহৰ পৰা ৰাজ্যত ৮০ টা এনে ভুৱা এনকাউণ্টাৰ সংঘটিত হৈছিল ৷ ইয়াৰ ফলত ২৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৮ জন লোক আহত হৈছিল ।

নিজৰ আবেদনত জোৱাদ্দাৰে এইসমূহ ঘটনাৰ নিৰপেক্ষ তদন্তৰ লগতে চি বি আই তদন্ত আৰু ন্যায়ালয়ৰ পর্যবেক্ষণত আৰক্ষীৰ বিশেষ গোটৰ দ্বাৰাও এক তদন্তৰ দাবী কৰিছিল । তেওঁ লগতে তদন্তৰ পাচত নিহত লোকসকলৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণৰ বাবেও দাবী উত্থাপন কৰিছিল ।

আৰক্ষীৰ এনকাউণ্টাৰসূহ একেধৰণৰ

আৰিফ জোৱাদ্দাৰে কয়, "২০২১ চনৰ মে’ মাহৰ পৰা এতিয়ালৈকে অসমত আৰক্ষীৰ এনকাউণ্টাৰত ৯০ গৰাকীৰ মৃত্যু হৈছে । আনহাতে, ১৫০ গৰাকী আহত ‌হৈছে । এনকাউণ্টাৰ‌ হোৱাৰ‌ পিচত কোনো ঘটনাৰ‌ তদন্ত এতিয়ালৈকে হোৱা নাই ।"

তেওঁ কয়, "২০২১ চনৰ মে’ মাহৰ পৰা এতিয়ালৈকে অসমত আৰক্ষীৰ দ্বাৰা যিবোৰ এনকাউণ্টাৰ সংঘটিত হৈছে, তাৰে সকলোবোৰ একেধৰণৰ । নিশাৰ ভাগত এই সকলো এনকাউণ্টাৰ সংঘটিত হৈছে । আৰক্ষীৰ পৰা বন্দুক কাঢ়ি নিয়া, আন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ কৱলৰ পৰা পলায়ন কৰা আদি কাৰণবোৰত কয়দীক একাউণ্টাৰ কৰা হৈছিল ।"

লগতে পঢ়ক :ধিংকাণ্ডত মৃত্যু হোৱা তফাজ্জুল আৰু অভিযুক্ত তফাজ্জুল দুজন ভিন্ন ব্যক্তি ! চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ আদালতৰ - Dhing rape case
লগতে পঢ়ক :আৰক্ষীয়ে নোৱাৰিলে ! সংখ্যালঘু সংগঠনেহে আত্মসমৰ্পণ কৰোৱালে ধিঙৰ ধৰ্ষণকাণ্ডৰ দুই অভিযুক্তক - Dhing Rape Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.