ETV Bharat / state

যোৰহাটৰ কৃষি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন - College of Agriculture Jorhat

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 10:44 PM IST

College of Agriculture Jorhat: অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি মহাবিদ্যালয়, যোৰহাটৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস । কাৰ্যসূচীত ৰাজ্যৰ মুখ্য সচিব ড৹ ৰবি কোটাৰ অংশগ্ৰহণ । কৃষিখণ্ডৰ উন্নয়নত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ প্ৰচেষ্টাক প্ৰশংসা মুখ্য সচিবৰ ।

College of Agriculture Jorhat
যোৰহাটৰ কৃষি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন (ETV Bharat)

যোৰহাট,১৬ আগষ্ট : অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি মহাবিদ্যালয়, যোৰহাটৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত মূল চৌহদত আয়োজিত এই কাৰ্যসূচী পুৱা স্মৃতি তৰ্পণৰ লগে লগে আৰম্ভ হয় । স্মৃতি তৰ্পণ কৰে কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই । ইফালে প্ৰতিষ্ঠা দিৱস উপলক্ষে পতাকা উত্তোলন কৰে কৃষি মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড৹ প্ৰসন্ন কুমাৰ পাঠকে ।

প্ৰতিষ্ঠা দিৱসত মুখ্য সচিবৰ অংশগ্ৰহণ :

প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মুখ্য সচিব ড৹ ৰবি কোটাই । বিশ্ববিদ্যালয়ৰ আই চি আৰ ফাৰ্ম পৰিদৰ্শন কৰি মুখ্য সচিব ড৹ ৰবি কোটাই কৃষকৰ মাজত কঠীয়া বিতৰণৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে । বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত মূল সভাত আদৰণি ভাষণ প্ৰদান কৰি কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু ড৹ প্ৰসন্ন কুমাৰ পাঠকে ৭৬ বছৰ অতিক্ৰম কৰা মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল পৰিক্ৰমাৰ বিষয়ে উল্লেখ কৰে । একেদৰে উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই অসম কৃষি বিশ্ববিদ্যালয়ৰ সফলতাৰ খতিয়ান দাঙি ধৰে ।

মুখ্য অতিথিৰ ভাষণত অসম চৰকাৰৰ মুখ্য সচিব ড৹ ৰবি কোটাই ৰাজ্যখনৰ কৃষি উৎপাদন পূৰ্বতকৈ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি সকলোৰে সমন্বিত প্ৰচেষ্টাৰ শলাগ লয় । অনুষ্ঠানত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা সামগ্ৰীৰ বিষয়ে প্ৰস্তুত কৰা এক ভিডিঅ' মুকলি কৰা হয় । মুখ্য সচিবগৰাকীয়ে বিশ্ববিদ্যালয়ৰ বিশেষ বিষয়াসকল, মুৰব্বী অধ্যাপক, গৱেষক বিজ্ঞানীসকলৰ সৈতেও এক পৰ্যালোচনা বৈঠকত মিলিত হয় ।

লগতে পঢ়ক :ভকতক আদৰিবলৈ সাজু মইনাপৰীয়া আৰু শ্ৰীশ্ৰী ঢেকীয়াখোৱা বৰনামঘৰ কৰ্তৃপক্ষ - The holy vadra month

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.