ETV Bharat / state

তেজপুৰত নটসূৰ্য্য ফণী শৰ্মাৰ ৫৪ সংখ্যক স্মৃতি দিৱস পালন - Memorial Day of Phani Sharma

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 10:09 PM IST

Memorial Day of Phani Sharma: নটসূৰ্য্য ফণী শৰ্মাৰ ৫৪ সংখ্যক স্মৃতি দিৱস । তৃতীয় পুত্ৰৰ উপস্থিতিত ক্ষণজন্মা শিল্পীগৰাকীক স্মৰণ তেজপুৰত । তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভূমিত হব জ্যোতি-বিষ্ণু-ফণী শৰ্মাৰ সংস্কৃতিক প্ৰকল্প ।

54th Memorial Day of Natasurya Phani Sharma observed in Tezpur
নটসূৰ্য্য ফণী শৰ্মাৰ ৫৪ তম স্মৃতি দিৱস (ETV Bharat Assam)

তেজপুৰ, ৩১ জুলাই : আজি নটসূৰ্য্য ফণী শৰ্মাৰ ৫৪ সংখ্যক পবিত্ৰ স্মৃতি দিৱস ৷ ১৯১১ চনত জন্মগ্ৰহণ কৰা অসমীয়া নাট্যজগতৰ মহীৰূহসদৃশ এই মহান শিল্পীগৰাকীৰ ১৯৭o চনৰ ৩১ জুলাইত পৰলোক প্ৰাপ্তি হৈছিল ৷ অসমীয়া আধুনিক নাট্য আন্দোলনৰ প্ৰাতঃস্মৰণীয় পুৰোধা, ক্ষণজন্মা নাট্যশিল্পী, চলচ্চিত্ৰ অভিনেতা-পৰিচালক নটসূৰ্য্য ফণী শৰ্মাৰ ৫৪ সংখ্যক স্মৃতিদিৱসৰ আজিৰ দিনটোত শিল্পীগৰাকীৰ জন্ম আৰু সাধনাৰস্থলী তেজপুৰত বিভিন্ন অনুষ্ঠানৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু নটসূৰ্য্যগৰাকীৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ উদ্যোগত কলিবাৰীৰ সমাধিক্ষেত্ৰত জিলা উন্নয়ন আয়ুক্ত গয়া প্ৰসাদ আগৰৱালাৰ লগতে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে নটসূৰ্য্যগৰাকীৰ পুত্ৰ অজিৎ শৰ্মা, কন্যা ৰুবী শৰ্মা, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু শোণিতপুৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত গৰ্গ মোহন দাসে ।

বাণ থিয়েটাৰ, সাহিত্য সভা আৰু বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তিসকলে পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আনহাতে জিলা উন্নয়ন আয়ুক্ত গয়া প্ৰসাদ আগৰৱালাই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই নটসূৰ্য্যগৰাকীৰ জীৱনৰ উপন্যাসোপম কাহিনী আলোকপাত কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ৰাভাই নটসূৰ্য্যৰ নিৰ্বাচিত ছবিসমূহ সংস্কৃতিক বিভাগক আৰু জ্যোতি চিত্ৰবনক সংৰক্ষণৰ বাবে আহ্বান জনায় ।

শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানীফুকনে স্মৃতিচাৰণ কৰা অনুষ্ঠানটিত শোণিতপুৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত গৰ্গ মোহন দাসে নটসূৰ্য্য ফণী শৰ্মাৰ সমাধিক্ষেত্ৰৰ প্ৰকল্পৰ ক্ষেত্ৰত শোণিতপুৰ জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ লগতে জ্যোতি-বিষ্ণু-ফণী শৰ্মাৰ সোঁৱৰণত কেন্দ্ৰীয় কাৰাগাৰৰ ভূমিত নিৰ্মাণ হ'ব লগা সাংস্কৃতিক প্ৰকল্পৰ সন্দৰ্ভত বক্তব্য দাঙি ধৰে । অনুষ্ঠানটিত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি তথা বিশিষ্ট অভিনেতা মৃগেন চন্দ্র বড়াই নটসূৰ্য্যৰ নাটকৰ সংলাপ পৰিৱেশনেৰে জীপাল কৰি তোলে ।

আনহাতে ইয়াৰ আগেয়ে তেজপুৰ সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সাহিত্য সভা ভৱন প্ৰাংগনত থকা আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাই । আনহাতে বাণ থিয়েটাৰৰ উপ-সভাপতি ভৱানন্দ দাসে নটসূৰ্য্যৰ আৱক্ষ মূৰ্তিত আৰু একেলগে থকা ৰূপকোঁৱৰ আৰু কলাগুৰুৰ আৱক্ষ মূৰ্তিত ক্ৰমে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড৹ ভূপেন শইকীয়া আৰু অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি মৃগেন চন্দ্র বড়াই মাল্যৰ্পন কৰা অনুষ্ঠানটিত ড৹ শইকীয়াই নটসূৰ্য্যগৰাকীৰ জীৱন পৰিক্ৰমা স্মৃতিচাৰণ কৰাৰ লগতে মৃগেন চন্দ্র বড়াই নটসূৰ্য্যৰ 'এমুঠি চাউল' নাটকৰ সংলাপেৰে জীপাল কৰে । তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰতো কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া আৰু সদস্যসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

পুত্ৰৰ ক্ষোভ:

ইতিমধ্যে কলাগুৰু আৰু ৰূপকোঁৱৰৰ সমাধিস্থলীয়ে বৰ্তমান এক সাংস্কৃতিক পৰ্যটনৰ ক্ষেত্ৰৰূপে বিভিন্ন শ্ৰেণীৰ ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে যদিও মৃত্যুৰ ৫৪ বৰ্ষ উদযাপনৰ সময়তো আজিও পূৰ্ণাংগৰূপ নাপালে এই মহান শিল্পীজনাক সমাধিস্থ কৰা বিশেষ ক্ষেত্ৰই । অসমৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ সময়ত 'চিৰাজ'ৰ নাট্যৰূপ দি আৰু বোলছবি নিৰ্মাণৰ জৰিয়তে মহান শিল্পীগৰাকীয়ে বৃহত্তৰ অসমীয়া সমাজত ঐক্য-সম্প্ৰীতিৰ বন্ধোন সুদৃঢ় কৰিছিল ।

ইয়াৰোপৰি ১৯৫৫ চনতেই দেশপ্ৰেমমূলক কথাছবি গামা প্ৰসাদ আগৰৱালাৰ ৰূপজ্যোতি ফিল্ম প্ৰডাকচনৰ বেনাৰত 'পিয়লি ফুকন' নিৰ্মাণ কৰি প্ৰথম ৰাষ্ট্ৰীয় পুৰস্কাৰ অসমীয়া ছবিলৈ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা আৰু ড৹ ভুপেন হাজৰিকাৰ সংগীত পৰিচালনাৰে এক নতুনত্বৰ পৰিচয় প্ৰদান কৰা ফণী শৰ্মাক কিন্তু চৰকাৰে অলপমান বেলেগ স্থানত নিলগাই ৰাখিছে বুলি ক্ষোভ প্ৰকাশ কৰে তৃতীয় পুত্ৰ সাংস্কৃতিক কৰ্মী অজিত শৰ্মাই ৷

শৰ্মাই কয়, "২০১২ চনত শোনিতপুৰ প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে পৰিয়ালে নিজৰ ৫ বিঘা মাটি সমাধিক্ষেত্ৰ নিৰ্মাণৰ বাবে দানসূত্ৰে প্ৰদান কৰে যদিও ১২টা বছৰে এটি সুউচ্চ স্মৃতিসৌধ নিৰ্মাণৰ বাদে সমগ্ৰ চৌহদ আজিও উন্মুক্ত হৈয়ে থাকিল । চাৰি বেৰৰ দেৱাল নিৰ্মাণৰ বাবে আৰু বৃক্ষৰোপনৰ বাবে ইতিমধ্যে চৰকাৰৰ হৈ এসময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে এককোটি টকা দিম বুলিয়েই প্ৰতিশ্ৰুতি দিয়ো নিদিলে ।"

লগতে তেওঁ, " যোৱা দুবছৰে দেউতাৰ স্মৃতি দিৱসত বটাঁ প্ৰাপ্তসকলক বঁটা প্ৰদান নকৰি বেলেগ এটা দিনত কিয় দিব লগা হ'ল ?" বুলি প্ৰশ্ন উত্থাপন কৰে । উল্লেখনীয় যে তেখেতে জীৱিত কালত 'ভোগজৰা', 'কিয়', 'চিৰাজ', 'ক'লা বজাৰ', 'মায়ঙৰ বেজ', 'নাগপাশ', 'শ্বাহজাহান', 'এমুঠি চাউল', 'পুৱতি নিশাৰ সপোন'কে আদি কৰি মুঠ ১৪ খনৰো অধিক নাটক ৰচনা আৰু অভিনয় কৰিছিল ।

ইয়াৰোপৰি ড৹ ভূপেন হাজৰিকাৰ পৰিচালিত 'প্ৰতিধ্বনি', 'এৰাবাটৰ সুৰ', 'মণিৰাম দেৱান', 'শকুন্তলা', 'লাচিত বৰফুকন' আৰু নিজাকৈ পৰিচালিত 'চিৰাজ', 'পুৱতি নিশাৰ সপোন', 'ধুমুহা', 'পিয়লী ফুকন'কে ধৰি প্ৰায় ১৮খন ছবিত অভিনয় কৰিছিল অসমীয়া সংস্কৃতিৰ ত্ৰিমূৰ্তিৰ অন্যতম ফনী শৰ্মাই ৷

লগতে পঢ়ক: তেজপুৰ বিশ্ববিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ - MoU signed

Memory Day of Phani Sharma: তেজপুৰত নটসূৰ্য ফণী শৰ্মাৰ ৫৩ সংখ্যক স্মৃতি দিৱস পালন

Drama Workshop in Namrup: নামৰূপত নটসূৰ্যৰ মৃত্য়ু দিৱসত নাট কৰ্মশালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.