জোনাই, ৭ মে': চতুৰ্থ বাৰ্ষিক চিলাপথাৰ কেন্দ্ৰীয় হঙৰাণী উৎসৱ আজিৰে পৰা নলবাৰী মা লক্ষী মন্দিৰ প্ৰাঙ্গণত আৰম্ভ হৈছে । অনুষ্ঠানৰ আজি পুৱা ৭ বজাত উদযাপন সমিতিৰ উপ সভাপতি বিনয় হাজঙৰ নেতৃত্বত স্বচ্ছতা অভিযানৰ পাচত পুৱা ১০ বজাত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি সুজিত হাজঙে । ইপিনে,পুৱা ১১ বজাত স্মৃতি তৰ্পণ কৰে সমাজকৰ্মী স্বপেন্দ্ৰ হাজঙে । দুপৰীয়া ১২ বজাত গছপুলি ৰোপণ কৰে সৎ সংগৰ ঋত্বিক ভূপেন্দ্ৰ হাজঙে ।
কাৰ্যসূচী অনুসৰি দিনৰ ১ বজাত মূল মঞ্চ উদ্ধোধন কৰে প্ৰাক্তন ৱাৰ্ড সদস্যা ইভাসমিতা হাজঙে । দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত সাংস্কৃতিক প্ৰতিযোগিতাত লেৱাটানা নৃত্য, জাখামাৰা নৃত্য, গোপনী গাহেন নৃত্য, ধাপা কীৰ্তন, লেৱাটানা, জাখামাৰা বাঁহী সুৰ,ঢোল বাজা প্ৰতিযোগিতা অনুষ্ঠিত হয় । সন্ধিয়া ৭ বজাৰ পৰা একক আৰু দলগত নৃত্য অনুষ্ঠিত হয় । ইয়াৰ পাছতে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত স্থানীয় শিল্পীয়ে গীত-মাত পৰিৱেশন কৰে ।
কাইলৈ পুৱা ১০ বজাত চাফাই অভিযানৰ পিচত পুৱা ১১ বজাত আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্ধোধন কৰিব সৰ্বোদয় হাইস্কুলৰ প্ৰধান শিক্ষক জীৱন পেগুয়ে । দুপৰীয়া ১২ বজাত সামুহিক ক'লা-কৃষ্টি প্ৰদৰ্শন কৰা হ'ব । দিনৰ ১ বজাৰ পৰা উদযাপন সমিতিৰ সভাপতি সুজিত হাজঙৰ সভাপতিত্বত অনুষ্ঠিত কৰা মুকলি সভাখনত মুখ্য অতিথি হিচাপে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰী, নিৰ্দিষ্ট বক্তা হিচাপে সদৌ অসম হাজং ছাত্র সন্থাৰ সভাপতি নিত্যানন্দ হাজং, বিশিষ্ট অতিথি ৰূপে অসম হাজং জাতীয় পৰিষদৰ সভাপতি ৰঘুনাথ হাজং উপস্থিত থাকিব । সন্ধিয়া বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব ।