গোৱালপাৰা : কুখ্যাত সন্ত্ৰাসবাদী সংগঠন 'জইছ-ই-মহম্মদ'ৰ বিৰুদ্ধে গোৱালপাৰাৰ হাচিলাপাৰা, বৰপাহাৰ বলবলা, টুকুৰা অঞ্চলত এন আই এৰ ব্যাপক অভিযান । এই অভিযানত চাৰিটাকৈ সন্দেহযুক্ত জেহাদীক আটক কৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে । আটকাধীন চাৰিওকে গোৱালপাৰা আৰক্ষী ছাউনিত মাৰাথন জেৰা অব্যাহত ৰখা হৈছে । আনহাতে, গোৱালপাৰাত বাহৰ পাতিছে এন আই এৰ এটা দল ।
গোৱালপাৰা আৰক্ষীৰ সহযোগত এন আই এৰ এটি বৃহৎ অভিযানকাৰী দলে বুধবাৰে নিশাৰে পৰা চলোৱা এই অভিযানত বৰ্তমানলৈকে কুখ্যাত 'জইছ-ই- মহম্মদ'ৰ সৈতে জড়িত থকাৰ সন্দেহত ৪ জন লোকক আটক কৰা হৈছে । জিলাখনৰ বিভিন্ন স্থানত অভিযান চলাই এন আই এয়ে তেওঁলোকক আটক কৰে ।
আটকাধীন লোককেইজন হৈছে ক্ৰমে জয়নাল আবেদিন (টুকুৰা), শ্বাহানুৰ আলম (টুকুৰা), আবু তালেব (বৰপাহাৰ) আৰু শ্বাহানুৰুল ইছলাম (বৰপাহাৰ) । জানিব পৰা মতে সন্ধিয়ালৈকে জেহাদীৰ সন্ধানত এন আই এৰ অভিযানকাৰী দলটোৱে জিলাখনৰ বিভিন্ন স্থানত অবিৰত অভিযান অব্যাহত ৰাখিছে ।
![NIA operation in Goalpara](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-12-2024/23098279_1_aspera.jpg)
উল্লেখ্য যে পাকিস্তানৰ কুখ্যাত 'জইছ-ই- মহম্মদ' নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে দীৰ্ঘদিন ধৰি ভাৰতবিৰোধী কাৰ্যকলাপ চলাই আহিছে । ধৰ্মৰ নামত সন্ত্ৰাসবাদী কাম-কাজ চলাই নিষিদ্ধঘোষিত সংগঠনটোৰ হৈ দেশবিৰোধী কিছু লোকে কাম কৰি আহিছে । আৰক্ষীৰ এক বিশ্বস্ত সূত্ৰই সদৰী কৰা মতে, এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত দেশৰ আগশাৰীৰ তদন্তকাৰী সংস্থা এন আই এই গোৱালপাৰা আৰু হোজাই জিলাত দুমাহ পূৰ্বে অভিযান চলাই দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল । তেওঁলোকৰ পৰা এন আই এই কেতবোৰ চাঞ্চল্যকৰ তথ্য লাভ কৰা বুলি আৰক্ষীৰ সূত্ৰটোৱে প্ৰকাশ কৰে ।
![NIA operation in Goalpara](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-12-2024/goalparaniaraid_12122024143021_1212f_1733994021_927.jpg)
এই তথ্যৰ ভিত্তিতেই এন আই এই বুধবাৰে নিশা গোৱালপাৰা আৰক্ষীৰ সহযোগত গোৱালপাৰা জিলাত অকস্মাতে অভিযান আৰম্ভ কৰে । নিশাৰ ভাগত চলোৱা অভিযানত জিলাখনৰ বলবলা, কৃষ্ণাই, টুকুৰা, বৰপাহাৰ আদি অঞ্চলৰ পৰা 'জইছ-ই- মহম্মদ'ৰ সৈতে জড়িত থকাৰ সন্দেহত ৪ জনকৈ লোকক আটক কৰে ।
অভিযানকাৰী দলটোৱে অঞ্চলসমূহৰ কেইবাটাও বাসগৃহত অভিযান চলোৱা বুলি আৰক্ষীৰ সূত্ৰটোৱে লগতে প্ৰকাশ কৰে । আটকাধীন লোকসকলক বৰ্তমানে সোধা-পোছা কৰাৰ বাবে গোৱালপাৰা বেলতলাস্থিত সংৰক্ষিত আৰক্ষী ছাউনিত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে । আৰক্ষীৰ সূত্ৰটোৱে প্ৰকাশ কৰা মতে, বৃহস্পতিবাৰে নিশাৰ ভাগত পুনৰ এন আই এ আৰু অসম আৰক্ষীৰ যৌথ অভিযান চলিব । অভিযানত আৰু অধিক সন্দেহযুক্ত লোক আটক হোৱাৰ সম্ভাৱনা আছে বুলিও সূত্ৰটোৱে লগতে প্ৰকাশ কৰে ।
![NIA operation in Goalpara](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-12-2024/goalparaniaraid_12122024143021_1212f_1733994021_86.jpg)
উল্লেখ্য যে সূত্ৰটোৱে এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰি কয় যে কৃষ্ণাইৰ টুকুৰাৰ শ্বাহানুৰ আলম কাপোৰৰ ব্যৱসায়ী আৰু গোৱালপাৰা বৰপাহাৰৰ শ্বাহানুৰুল ইছলামে কম্পিউটাৰ দোকান চলাই পৰিয়াল পোহপাল দি আছে বুলি জানিব পৰা গৈছে । বিশেষ সূত্ৰে জানিব পৰা মতে, শ্বাহানুৰুল ইছলামে নিজৰ নামত থকা মাদ্ৰাছাখন কৃষ্ণাইৰ টুকুৰাত শ্বাহানুৰ আলম আৰু জয়নাল আবেদিনক চলাবলৈ দিছিল । সেই সূত্ৰে গোবিন্দপুৰৰ নিজ বাসগৃহৰ পৰা সোধা-পোছাৰ বাবে শ্বাহানুৰুল ইছলামক আটক কৰা হৈছে ।
গোৱালপাৰাৰ বেলতলাস্থিত সংৰক্ষিত আৰক্ষী ছাউনিত আটকাধীন লোকসকলক মাৰাথন জেৰা চলাই থকা হৈছে । অৱশ্যে বাতৰি লিখা পৰলৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই । এই অভিযানৰ অন্তত কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিষয়ে কেতবোৰ বিস্ফোৰক তথ্য উদ্ঘাটন হোৱাৰ প্ৰবল সম্ভাৱনা আছে ।