ETV Bharat / state

এটা অধ্যায় যৱনিকাৰ দিশে: মঙলবাৰে শাস্তি শুনাব ন্যায়ালয়ে - APSC SCAM

author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 8:52 PM IST

Verdict in APSC Scam : অসম লোকসেৱা আয়োগৰ বহুচৰ্চিত কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ গোচৰৰ ৰায়দান আদালতৰ ৷ আদালতৰ ৰায় অনুসৰি, 32 গৰাকীক কাৰাগাৰলৈ প্ৰেৰণ ৷ মঙলবাৰে পুনৰ গোচৰটোৰ সন্দৰ্ভত হ’ব শুনানি ৷

APSC SCAM
অসম লোকসেৱা আয়োগৰ কেলেংকাৰী (ETV Bharat Assam)

গুৱাহাটী, ২২ জুলাই: বিশেষ ন্যায়াধীশৰ আদালতে সোমবাৰে অসম লোকসেৱা আয়োগৰ বহুচৰ্চিত কৃষি উন্নয়ন বিষয়া (Agriculture Development Officer) নিযুক্তি কেলেংকাৰীৰ গোচৰৰ ৰায়দান দিয়ে ৷ ৰায়দানত এই গোচৰটোত সেই সময়ৰ লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ কুমাৰ পাল, সদস্য চামেদুৰ ৰহমান, বসন্ত কুমাৰ দলেসহ 32 জনক দোষী সাব্যস্ত কৰা হয় ৷ কিন্তু আদালতে এওঁলোকৰ বিৰুদ্ধে সোমবাৰে দিয়া ৰায়দানত কোনো শাস্তি ঘোষণা কৰা নাই ৷

এই গোচৰ সন্দৰ্ভত মঙলবাৰে পুনৰ শুনানি অনুষ্ঠিত হ’ব ৷ এই শুনানিত আদালতে দোষী সাব্যস্ত কৰা 32 গৰাকীৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ আদালতে যি সমূহ ধাৰাত 32 গৰাকীক দোষী সাব্যস্ত কৰিছে, সেইমতে কোনেও জামিন‌ আবেদন‌ কৰিব নোৱাৰিব ৷

লগতে পঢ়ক: কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী : ৰাকেশ পালসহ কাৰাগাৰলৈ যাব লাগিব ৩২ জন - APSC Scam

উল্লেখ্য যে, ৰাকেশ কুমাৰ পাল, সদস্য চামেদুৰ ৰহমান, বসন্ত কুমাৰৰ বিৰুদ্ধে আদালতে ভাৰতীয় দণ্ডবিধিৰ 120(বি) ধাৰাৰ ইউ/এছ 420 নং গোচৰৰ অধীনত আৰু 120(বি) ধাৰাৰ 468 নং গোচৰ অনুযায়ী দোষী সাব্যস্ত কৰা হৈছে ৷ লগতে তিনিওগৰাকীক ভাৰতীয় দণ্ডবিধি 1988 ৰ অধীনত 120(বি) ধাৰাৰ 13(2) নং অনুচ্ছেদ অনুযায়ী দোষী সাব্যস্ত কৰা হৈছে ৷ বাকী 29 গৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 120(বি) ইউ/এছ 420 নং গোচৰৰ অধীনত আৰু 468 নং অনুচ্ছেদৰ অধীনত দোষী সাব্যস্ত কৰিছে ।

এই সন্দৰ্ভত গোচৰটোৰ লগত জড়িত থকা অধিবক্তা ফিৰোজ খানে কয় যে, যি ধাৰাত ৰাকেশ কুমাৰ পাল, সদস্য চামেদুৰ ৰহমান আৰু বসন্ত কুমাৰক আদালতে দোষী সাব্যস্ত কৰিছে, সেই অনুসৰি তিনিওজনৰে 7 বছৰৰ পৰা 10 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে ৷ বাকী 29 জনৰ 4 বছৰৰ পৰা 7 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে ৷ তিনি বছৰৰ ওপৰত কাৰাদণ্ড হোৱা ধাৰাত আদালতে দোষী সাব্যস্ত কৰিলে অপৰাধীয়ে জামিন আবেদন‌ কৰিব নোৱাৰে ৷ আদালতে সোমবাৰে 32 জনকে কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ মঙলবাৰে পুনৰ আদালতত এই শাস্তিৰ শুনানি আৰম্ভ হ’ব ৷

ৰাকেশ কুমাৰ পাল অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকাৰ সময়ত কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ নামত ব্যাপক ধনৰ লেনদেন হোৱা বুলি এগৰাকী প্ৰাৰ্থীয়ে 2017 চনতে ভঙাগড় থানাত দাখিল কৰিছিল এজাহাৰ ৷ এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিতে ৰাকেশ কুমাৰ পালসহ বহুকেইজন অভিযুক্তক পূৰ্বে ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ ইয়াৰ পিছত আদালতে দীৰ্ঘদিন ধৰি বিভিন্ন সাক্ষীৰ ভাষ্য গ্ৰহণ কৰি সোমবাৰে গোচৰৰ ৰায়দানৰ বাবে দিন ধাৰ্য কৰে ৷

সমান্তৰালকৈ সোমবাৰে আদালতে দোষমুক্ত ঘোষণা কৰা 11 গৰাকীৰ ভিতৰত আছে ক্ৰমে কুনাল দাস, বিকাশ পিঞ্চা, কৌশিক কলিতা, চৈয়দ মুছাৰফ হুছেইন, বিউটী গগৈ, ফিৰোজ মৰাণ, জ্যোতিবন দত্ত, চৈজালি জহৰি, ধৃতিমান ৰয়, মৌচুমী শইকীয়া আৰু বৈচিত্ৰ হাকামোছা ৷ আদালতে তথ্য প্ৰমাণৰ অভাৱত এইসকলক দোষমুক্ত ঘোষণা কৰে ৷ অৱশ্যে আদালতে এই লোকসকলক চৰকাৰৰ নিৰীক্ষণত ৰখাৰ নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক: লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ ৰায়দান: ৰাকেশ পালসহ ৩২ জন দোষী সাব্যস্ত - APSC Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.