ETV Bharat / state

‘কা’ৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন ঘোষণা আছুসহ ৩০ জনগোষ্ঠীয় সংগঠনৰ - নাগৰিকত্ব সংশোধনী আইন

Agitations against CAA: চৰকাৰক কঠোৰ সকিয়নী আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ । কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰতি কৰা অন্যায়-অবিচাৰ কোনো কাৰণতে মানি লোৱা নহ’ব । ‘কা’ৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন আৰু আইনী যুঁজ অব্যাহত থাকিব । ৪ মাৰ্চৰ পৰা ৰাজ্যজুৰি ‘কা’ বিৰোধী আন্দোলন ।

30 tribal organisations including AASU announce a series of agitations against CAA
‘কা’ বিৰোধী আন্দোলন ঘোষণা
author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 10:42 PM IST

গুৱাহাটী, ২৯ ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে । বৃহস্পতিবাৰে গুৱাহাটীত আছু আৰু ৩০টা জনজাতীয় সংগঠনৰ বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে ধৰি ৩০টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই এখন সংবাদমেল সম্বোধন কৰে ৷

30 tribal organisations including AASU announce a series of agitations against CAA
‘কা’ বিৰোধী আন্দোলন ঘোষণা

‘কা’ৰ বিৰোধিতাৰে আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে । সেই অনুসৰি ৪ মাৰ্চত ৰাজ্যজুৰি ‘কা’ৰ বিৰোধিতাৰে বাইক ৰেলী কৰা হ’ব । প্ৰতিখন জিলাতে এই বাইক ৰেলী কৰা হ’ব । সেইদৰে ‘কা’ৰ নিয়মাৱলী বলৱৎ কৰাৰ দিনাই নিয়মাৱলীৰ প্ৰতিলিপি দাহ কৰা হ’ব । আনহাতে ‘কা’ৰ নিয়মাৱলী বলৱৎ কৰাৰ পিছদিনা জিলা সদৰত জোঁৰ সমদল উলিওৱা হ’ব ।

  • " class="align-text-top noRightClick twitterSection" data="">

৮ মাৰ্চত প্ৰধানমন্ত্ৰী অসমত প্ৰৱেশ কৰাৰ পৰিপ্ৰেক্ষিতত ‘কা’ বিৰোধী আন্দোলনৰ পঞ্চ শ্বহীদৰ প্ৰতিচ্ছবিত আঞ্চলিকে আঞ্চলিকে বন্তি প্ৰজ্বলন কৰাৰ লগতে শ্বহীদ স্মৰণ কৰা হ’ব । তদুপৰি ৯ মাৰ্চৰ পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ১২ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব । আনহাতে ৰাজ্যজুৰি প্ৰতিখন জিলা সদৰত সত্যাগ্ৰহ কৰা হ’ব । পৰৱৰ্তী সময়ত এই কাৰ্যসূচীৰ সময়সূচী ঘোষণা কৰিব আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে ।

আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সংবাদমেলত কয় যে কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰতি কৰা অন্যায়-অবিচাৰ কোনো কাৰণতে মানি লোৱা নহ’ব । সংগ্ৰাম চলিছিল আৰু চলিব । ‘কা’ৰ বিৰুদ্ধে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলভিত্তিক অহিংস আন্দোলন অব্যাহত আছে আৰু আইনগত যুঁজখনো অব্যাহত আছে । অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যতকলৈ হেতালি নেখেলিবলৈ তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক পুনৰ সকিয়াই দিয়ে ।

তেওঁ কয়, ‘কা’ আমি মনা নাই আৰু নামানো । অবৈধ বাংলাদেশীৰ ৰক্ষক, অসংবিধানিক, সাম্প্ৰদায়িক, খিলঞ্জীয়া বিৰোধী, অসম চুক্তি উলংঘাকাৰী ‘কা’ৰ বিৰুদ্ধে পূৰ্বৰে পৰাই আন্দোলন অব্যাহত আছে আৰু অব্যাহত থাকিব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনত প্ৰভাৱ নপৰাকৈ এই আন্দোলন অব্যাহত থাকিব ।

আনহাতে আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে সমভাৱাপন্ন সংগঠনৰ সৈতে আলোচনা কৰি এই অহিংস সংগ্ৰাম ঐক্যবদ্ধভাৱে আগুৱাই নিব । সংবাদমেলত আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে অসম আৰু অসমীয়া বিৰোধী এই আইন কোনো কাৰণতে মানি লোৱা নহ’ব । অসমে কোনো পৰিস্থিতিতে বিদেশীৰ বোজা নলয় বুলি তেওঁলোকে স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক : ডিজিপি জি পি সিঙক সকীয়নি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.