ETV Bharat / state

আনৰ বাবে জাল পাতি নিজেই জালত পৰিল 3 গৰাকী সাংবাদিক - journalist charged with extortion

author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 12:01 PM IST

3 journalists arrested : ধন দাবী কৰি ৰঙাঘৰত নাহৰকটীয়াৰ তিনিজনকৈ সাংবাদিক ৷ নাহৰকটীয়া বালিঘাটৰ জয় কুমাৰ দাস নামৰ এজন লোকৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে তিনিওজনকে ৷ প্ৰৱঞ্চনাৰে বৃহৎ পৰিমাণৰ ধন সৰকোৱাৰ অভিযোগ ভুক্তভোগীৰ ৷

3 journalists arrested on charges of extortion in Naharkatia
জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ ৰাজ্যৰ 3 সাংবাদিক (Etv bharat assam)

মৰাণ, 11 মে’ : ৰাইজক 24 ঘন্টাই খবৰ যোগান ধৰি অহা সাংবাদিকে এইবাৰ দখল কৰিছে বাতৰিৰ শিৰোনাম । ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ হৈছে 3 গৰাকীকৈ সাংবাদিক । ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ হৈছে এই তিনিজন সাংবাদিক ।

তেওঁলোক হ’ল এক ব্যক্তিগত চেটেলাইট চেনেল আৰু পৰ্টেলৰ তিনি সাংবাদিক ক্ৰমে উপেন দাস, পৱন গগৈ ওৰফে পৱন তিনিকুৰীয়া আৰু সুব্ৰত লোধ । শুকুৰবাৰৰ নিশা নাহৰকটীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই তিনি সাংবাদিকক ।

উত্থাপিত অভিযোগ অনুসৰি, অনুসূচিত জাতিৰ নামত ভুৱা নথি পত্ৰৰে অইলৰ মেকানিকেল বিভাগত চাকৰি কৰি থকাৰ অভিযোগ উত্থাপন হৈছে এই তিনি সাংবাদিকৰ বিৰুদ্ধে ৷ লগতে নাহৰকটীয়া বালিঘাটৰ জয় কুমাৰ দাস নামৰ এগৰাকী ব্যক্তিক আনন্দ হোটেলৰ এটা ল'জৰ কোঠাত আৱদ্ধ কৰি ভয়-ভাবুকি প্ৰদানেৰে 4,50,000 (চাৰি লাখ পঞ্চাশ হেজাৰ) টকা আদায় কৰিছিল উপেন দাস, পৱন গগৈ আৰু সুব্ৰত লোধ নামৰ এই তিনি সাংবাদিকে ।

জানিব পৰা মতে, প্ৰথম কিস্তিত গুগল পে'ৰ জৰিয়তে আদায় কৰিছিল 1 লাখ টকা আৰু নগদ 50 হাজাৰ টকা । দ্বিতীয় কিস্তি হিচাপে ভুক্তভোগীৰ দুলীয়াজানত থকা কানাড়া বেংকৰ একাউণ্টৰ পৰা সংগ্ৰহ কৰিছিল 3 লাখ টকা । ভুক্তভোগী জয় কুমাৰ দাসৰ পত্নীৰ এজাহাৰৰ ভিত্তিত জামিনবিহীন গোচৰত নাহৰকটীয়া আৰক্ষীয়ে নিশাই গ্ৰেপ্তাৰ কৰে ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা 3 সাংবাদিকক ।

বাতৰি যুগুত কৰা পৰলৈকে লাভ কৰা খবৰ অনুসৰি, আটকাধীন তিনিজনকে নাহৰকটীয়া থানাত জেৰা চলাইছে আৰক্ষীয়ে । এই ঘটনা পোহৰলৈ অহা পাচতেই ডিব্ৰুগড়ৰ লগতে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

লগতে পঢ়ক: বিশ্ব প্ৰেছ স্বাধীনতা দিৱস: ইয়াৰ গুৰুত্ব - World Press Freedom Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.