নগাঁও/কলগাছিয়া, 12 আগষ্ট: ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখা নগাঁও আৰক্ষীৰ জালত পৰিল 27 টাকৈ ড্ৰাগছ সৰবৰাহকাৰী ৷ আৰক্ষীয়ে আটক কৰা এটা ড্ৰাগছ সৰবৰাহকাৰীৰ লিংক বিচাৰি তথা একপ্ৰকাৰ ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা নগাঁৱৰ ড্ৰাগছৰ সাম্ৰাজ্য পুলিয়ে-পোখাই উভালি পেলোৱাৰ উদ্দেশ্য চলোৱা এক অভিযানত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় 27 টাকৈ ড্ৰাগছ সৰবৰাহকাৰী ।
উল্লেখ্য যে, বিগত শুকুৰবাৰ আৰু শনিবাৰে নগাঁও আৰক্ষীয়ে চলাইছিল এক ড্ৰাগছ বিৰোধী অভিযান ৷ এই অভিযানত কাতিমাৰী আৰু হেৰাপতিৰ পৰা এগৰাকী মহিলাসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি জেৰা চলাই আৰক্ষীয়ে ৷ এই জেৰাৰ ভিত্তিত সক্ৰিয়তাৰে অভিযান অব্যাহত ৰাখে আৰক্ষীয়ে ।
ইয়াৰ পাচতে নগাঁও আৰক্ষীয়ে অভিযান চলাই শনিবাৰৰ নিশা আৰু দেওবাৰৰ দিনটোত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আটক কৰে 27 টাকৈ ড্ৰাগছ সৰবৰাহকাৰীক । নগাঁৱৰ কঠীয়াতলী, ননৈ, হয়বৰগাঁও, ইটাচালি আদি এলেকাৰ পৰা দিলদাৰ হুছেইন, ছামিৰ খান, বাহাৰুল ইছলামকে আদি কৰি মুঠ 27 টা ড্ৰাগছ সৰবৰাহকাৰীক প্ৰথমে আটক কৰি জেৰা চলোৱাৰ অন্তত দেওবাৰে গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে জনায় ।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আছে অপৰাধৰ অভিযোগ
ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 27 টাকৈ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অন্যান্য অপৰাধৰ সৈতেও জড়িত থকাৰ অভিযোগ আছে বুলি আৰক্ষীয়ে জনায় । আৰক্ষীয়ে আটক কৰি 27 টাকৈ ড্ৰাগছ সৰবৰাহকাৰীক জেৰা চলোৱাৰ অন্তত ধৃত অভিযুক্তৰ অধিকাংশই চুৰি কাৰ্যৰ সৈতে জড়িত থকা বুলি জনাইছে নগাঁও জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়াই ।
চাৰিটাকৈ চাইবাৰ অপৰাধীও নগাঁও আৰক্ষীৰ জালত
দেওবাৰে নগাঁও আৰক্ষীয়ে চলোৱা আন এক অভিযানত চাৰিটাকৈ চাইবাৰ অপৰাধীও জালত পৰে । নগাঁৱৰ এক্সিছ বেংকৰ পৰা ভুৱা নথি-পত্ৰৰে ঋণ আদায়ৰ চেষ্টা চলোৱাৰ অভিযোগ ধৃত চাৰি চাইবাৰ অপৰাধীৰ বিৰুদ্ধে । তদন্তৰ খাতিৰত আৰক্ষীয়ে নাম প্ৰকাশ নকৰা 4 অভিযুক্তক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।
বেংকৰ প্ৰৱন্ধকে নগাঁও আৰক্ষীক দিয়া অভিযোগৰ ভিত্তিত আৰক্ষীয়ে 4 অভিযুক্তক আটক কৰাৰ কথাও উল্লেখ কৰে ।
কলগাছিয়াত ড্ৰাগছ সেৱনকাৰীক আটক
আনহাতে, কলগাছিয়াৰ নদিয়াপাৰা গাঁৱত ড্ৰাগছ সেৱনকাৰী পৰে আৰক্ষীৰ জালত । অভিযুক্ত বালাগাঁওৰ ইকবাল চৌধুৰী বুলি জানিব পৰা গৈছে । ৰাইজে ইকবাল চৌধুৰীক ধৰি গতাই দিয়ে কলগাছিয়া আৰক্ষীক ।

স্থানীয় লোকে জনোৱা অনুসৰি, নদিয়াপাৰা গাঁৱৰ নাছিৰউদ্দিন আৰু ঘৈণীয়েকে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই থকা বুলি অভিযোগ উত্থাপিত হৈ আহিছে । দেওবাৰে বালাগাঁওৰ ইকবাল চৌধুৰী নামৰ এটা ড্ৰাগছ সেৱনকাৰীয়ে নদিয়াপাৰা গাঁৱৰ নাছিৰউদ্দিনৰ ঘৰত 400 টকাৰ ড্ৰাগছ ক্ৰয় কৰাৰ সময়তে ৰাইজে খাপ পিটি থাকি ড্ৰাগছৰ কণ্টেইনাৰসহ ধৰে সেৱনকাৰীটোক ৷
ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ ড্ৰাগছৰ বেহা চলোৱা বুলি অভিযোগ উত্থাপিত হোৱা বালাগাঁওৰ ইকবাল চৌধুৰী বৰ্তমান পলাতক অৱস্থাত আছে ৷