ETV Bharat / state

মৃত্যুৰ ২৭ দিন পাছত ন্যায়ালয়ৰ নিৰ্দেশত তিনি মাৰ যুৱকৰ শেষকৃত্য় সম্পন্ন - Last Rites Of Hmar Youth

author img

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 10:41 PM IST

Hmar militant : আৰক্ষী আৰু উগ্ৰপন্থীৰ গুলীয়াগুলীত তিনি মাৰ যুৱকৰ মৃত্যুৰ ঘটনাক লৈ আজিও চলি আছে বিচাৰ প্ৰক্ৰিয়া । কাছাৰৰ ভূৱন পাহাৰত আৰক্ষী আৰু উগ্ৰপন্থীৰ গুলীয়াগুলীত নিহত তিনি মাৰ যুবকৰ পৰিয়ালে অৱশেষত ন্য়ায়ালয়ৰ নিৰ্দেশ মানি শেষকৃত্য় সম্পন্ন কৰে ।

Hmar militants killed
তিনি মাৰ যুবকৰ মৃতদেহ চমজি ল'লে পৰিয়ালৰ লোকে (ETV Bharat Assam)

শিলচৰ, ১০ আগষ্ট: মৃত্যুৰ ২৭ দিন পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত তিনি মাৰ যুবকৰ মৃতদেহ গ্ৰহণ কৰিলে পৰিয়ালৰ লোকে । শনিবাৰে শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ মৰ্গৰ পৰা তিনি মাৰ যুবকৰ মৃতদেহ চমজি লৈছে পৰিয়ালৰ লোকে । উল্লেখ্য় যোৱা ৭ আগষ্টৰ শুনানীত গুৱাহাটী উচ্চ ন্যায়ালয়ে মৃতকৰ পৰিয়ালক মৃতদেহ চমজি লোৱাৰ নিৰ্দেশ দিছিল ।

শেষকৃত্য় সম্পন্ন :

আদালতৰ এই নিৰ্দেশ মানি শনিবাৰে তিনি যুৱকৰ মৃতদেহ চমজি লৈ পৰিয়ালৰ লোকে কাছাৰৰ লক্ষীপুৰ মাৰকুলিনত শেষকৃত্য় সম্পন্ন কৰে । তিনি যুবকৰ মাজত দুজন কাছাৰ আৰু এজন আছিল মণিপুৰৰ । তিনি যুৱকৰ এই মৃত্যুৰ ঘটনা বৰ্তমানো ন্যায়ালয়ত বিচাৰাধীন হৈ আছে । অহা ১০ ছেপ্টেম্বৰত আদালতে পৰৰ্ৱতী শুনানিৰ দিন ধাৰ্য কৰিছে ।

কোনে হত্য়া কৰিছিল তিনি যুৱকক :

উল্লেখ্য যে যোৱা ১৬ জুলাই কাছাৰৰ ধলাই গঙ্গানগৰৰ পৰা তিনি মাৰ যুৱকক গ্ৰেপ্তাৰ কৰিছিল কাছাৰ আৰক্ষীয়ে ৷ ১৭ জুলাইৰ পুৱতি নিশা ধৃত তিনি যুৱকক লগত লৈ অসম- মিজোৰাম সীমান্তৱৰ্তী ভূবন পাহাৰত অভিযানলৈ গৈছিল কাছাৰ আৰক্ষী । এই অভিযান চলাবলৈ যাওতেই আন উগ্ৰপন্থীৰ সৈতে গুলীয়াগুলী হয় আৰক্ষীৰ ৷ সেই সময়ত আৰক্ষীৰ জিম্মাত থকা তিনি মাৰ যুৱকৰ মৃত্যু হয় ৷ আৰক্ষীয়ে উল্লেখ কৰা মতে, মৃত তিনি যুৱক মাৰ উগ্ৰপন্থী আছিল ৷

ভুৱা এনকাউন্টাৰৰ অভিযোগ:

আৰক্ষীয়ে দাবী কৰিলেও মৃতকৰ পৰিয়ালে যুৱক কেইজন কোনো উগ্ৰপন্থী সংগঠনৰ সদস্য় নাছিল বুলি সজোৰে আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে । তিনিওটা পৰিয়ালে ভুৱা এনকাউন্টাৰৰ অভিযোগ উত্থাপন কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আৱেদন দাখিল কৰে ৷

যোৱা ২৪, ২৬ জুলাই আৰু ৪ আগষ্টত উচ্চ ন্যায়ালয়ত এই গোচৰৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় শুনানী অনুষ্ঠিত হৈছিল ৷ তিনিওটা শুনানীতেই আদালতে মৃতদেহ তিনিটা শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পাতালৰ মৰ্গত ৰখাৰ নিৰ্দেশ দিছিল । যোৱা ৭ আগষ্ট চতুৰ্থী শুনানী সম্পন্ন হয় আৰু এই শুনানীত পৰিয়ালৰ লোকসকলে মৃতদেহ চমজি লোৱাৰ বাবে সন্মতি জনোৱাত আদালতে মৃতদেহকেইটা গতাই দিয়াৰ নিৰ্দেশ দিয়ে । ইফালে, গুৱাহাটী উচ্চ ন্যায়ালয়ে ঘটনাৰ উচিত তদন্ত কৰি উচিত ন্যায় প্ৰদান কৰিব বুলি আশাবাদী মৃত তিনি মাৰ যুৱকৰ পৰিয়ালৰ লোক ।

লগতে পঢ়ক:উচিত তদন্ত নোহোৱালৈকে মৃতদেহ চমজি নলয় মৃত তিনি মাৰ যুৱকৰ পৰিয়ালে - Hmar militants killed

হাফলঙত মাৰ যুৱকক উগ্ৰপন্থী সজাই হত্যা কৰাৰ অভিযোগ তুলি প্ৰতিবাদ - Protest in Haflong

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.