গুৱাহাটী: সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে দাবী কৰি অহাৰ দৰে বাংলাদেশৰ আন্তৰ্জাতিক সীমান্তৰে অসমসহ উত্তৰ-পূবৰ ৰাজ্যকেইখনলৈ অব্যাহত আছে বাংলাদেশী নাগৰিকৰ অবৈধ প্ৰব্ৰজন । আনকি এনে অনুপ্ৰৱেশকাৰীয়ে দালালৰ জৰিয়তে ভুৱা আধাৰ কাৰ্ড সংগ্ৰহ কৰি ভাৰতীয় নাগৰিকৰ বেশ লৈ কাম কৰিবলৈ সক্ষম হৈছে ।
আন্তৰ্জাতিক সীমান্তৰ পহৰা আৰু নিৰাপত্তাৰ দায়িত্বত থকা বি এছ এফৰ হাতত তেনে বহু বাংলাদেশী ধৰা পৰিলেও বি এছ এফ, আৰক্ষীৰ অজ্ঞাতে ত্ৰিপুৰা, অসমৰ কৰিমগঞ্জ আদিৰে ৰে'ল অথবা বাছত একাংশ বাংলাদেশীয়ে অসমসহ উত্তৰ-পূবৰ আন ৰাজ্যৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যলৈ গৈ আত্মগোপন কৰিছে ।
ইফালে, উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৰে'লৱে সুৰক্ষা বাহিনী তথা আৰ পি এফে তেনে বাংলাদেশী নাগৰিকে যাতে ৰে’লেৰে যাত্ৰা কৰিব নোৱাৰে তাৰ ওপৰত চকু ৰখা হৈছে বুলি উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই মন্তব্য় কৰিছে ।
উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰি কয়, "১ নৱেম্বৰ পৰা ৩০ নৱেম্বৰলৈ আৰ পি এফে বি এছ এফৰ সৈতে চলোৱা যৌথ অভিযানত অসমৰ মাজেৰে দেশৰ আন ৰাজ্যলৈ যোৱা অৱস্থাত আগৰতলা, ধৰ্মনগৰ, জিৰণীয়া ৰে'ল ষ্টেচনৰ পৰা মহিলাসহ ২৩ জন অবৈধ বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হয় । অৱশ্যে বাংলাদেশী প্ৰব্ৰজনকাৰীক সীমান্ত পাৰ কৰোৱাত সহায় কৰা দালাল চক্ৰটো পলাই যাবলৈ সক্ষম হয় ।"
আটক কৰা বাংলাদেশী সকলক বি এছ এফৰ হাতত চমজাই দিয়া বুলি কয় উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে । তেওঁ কয়, "যোৱা ২১ নৱেম্বৰত ধর্মনগৰ ৰে'লৱে সুৰক্ষা বাহিনী আৰু বিএছএফ দলে ধর্মনগৰ ৰে'ল ষ্টেচনত যুটীয়াভাৱে নিয়মিত তালাচী চলায় । এই তালাচীৰ সময়ত তেওঁলোকে চাৰিজন বাংলাদেশী নাগৰিকক চিনাক্ত কৰে । সোধা-পোছা কৰাৰ সময়ত তেওঁলোকে কোনো বৈধ নথি পত্র দেখুৱাব নোৱাৰিলে । পিছত স্বীকাৰ কৰে যে তেওঁলোকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল । পিছত চাৰিওজন বিদেশী নাগৰিকক কৰায়ত্ত কৰি পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে বিএছএফ গতাই দিয়া হয় ।"
ইফালে, আৰ পি এফে নৱেম্বৰ মাহত চলোৱা আন এটা অভিযানত উত্তৰ পূব সীমান্ত ৰে'লৱেৰ বিভিন্ন ষ্টেছন, যাত্ৰীবাহী ৰে'লত অভিভাৱকৰ অজ্ঞাতে ঘৰৰ পৰা পলাই অহা আৰু মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা ৪ মহিলাসহ ৫৬ গৰাকী নাবালক-নাবালিকাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে ইয়াৰ পূৰ্বে আৰ পি এফৰ অভিযানত বাংলাদেশী নাগৰিকক সীমান্ত পাৰ কৰাই দিয়া কাৰ্যত সহায় কৰা কেবাজনো দালালক আটক কৰে ।