ETV Bharat / state

ধেমাজিকাণ্ডৰ একুৰি বছৰ : জিলা প্ৰশাসনৰ শোক দিৱস পালন - 2004 Dhemaji Bomb Blast

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 10:59 PM IST

Bomb blasting by ULFA in Dhemaji : এইবেলি 20 বছৰ হ’ল দেশ কঁপাই যোৱা ধেমাজিকাণ্ডৰ ৷ কোনেও কোনোকালে পাহৰিব নোৱৰা ২০০৪ চনৰ সেই অভিশপ্ত দিনটোক স্মৰণ কৰি পালন কৰা হ’ল শোক দিৱস ৷

2004 DHEMAJI BOMB BLAST
ধেমাজি জিলা প্ৰশাসনৰ শোক দিৱস পালন (ETV Bharat Assam)

ধেমাজি, ১৬ আগষ্ট : ২০০৪ চনৰ ধেমাজিৰ বোমা বিস্ফোৰণ ঘটনাক সুঁৱৰি শুকুৰবাৰে পালন কৰা হয় শোক দিৱস ৷ ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ৰ চৌদত স্থাপন কৰা শিশু বিকাশ উৎকৰ্ষ সাধন কেন্দ্ৰত শোক দিৱস পালন কৰা হয় । শোক দিৱসত অংশগ্ৰহণ কৰি শ্বহীদৰ প্ৰতিমূৰ্তি আৰু প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায় ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে ৷

তদুপৰি ছহিদৰ স্মৃতিত এক মিনিট মৌন প্ৰাৰ্থনা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংকল্প পাঠ কৰা হয় ৷ সংকল্প পাঠ কৰোৱায় জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে ৷ ইয়াৰ পিচতে সৰ্বধৰ্ম প্ৰাৰ্থনা কৰা হয় ।

উল্লেখ্য যে দেশ কঁপাই যোৱা ২০০৪ চনৰ দেশৰ ৫৮সংখ্যক স্বাধীনতা দিৱসত ধেমাজিত আলফাৰ ভয়ংকৰ বোমা বিস্ফোৰণত দহটি শিশুসহ তিনিগৰাকী মহিলা শ্বহীদ হৈছিল ৷ নিষিদ্ধ সংগঠনৰ জঘন্য বৰ্বৰ আক্ৰমণত নিহত হৈছিল ক্ৰমে সিদ্ধাথ’ টায়েড, প্ৰদীপ্ত গগৈ, মনজিৎ গগৈ , গিৰিণ শইকীয়া, ধনদা গগৈ দেউৰী , মানসী বৰগোহাঁই, দীনেশ পাৰ্দুন, অৰুণা শইকীয়া, ৰূপা শইকীয়া, বিজিত সোণোৱাল, নমিতা গগৈ, চিত্ৰাৱতী দলে, যুগান্ত পাৰ্দুন ৷

ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত মুহূৰ্ততে মৃত্যুৰ বিভীষিকা সৃষ্টি হৈছিল ৷ লগে লগে তদানীন্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰে ৰাজ্যত ১৬ আগষ্ট দিনটো ক’লা দিৱস বা শোক দিৱস হিচাপে ঘোষণা কৰিছিল ৷ ইপিনে আলফাই ৰাজ্যৰ ২৫টা স্থানত বোমা স্থাপন কৰি আতংক সৃষ্টি কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

আনফালে এগৰাকী ছহিদৰ আত্মীয়ই চৰকাৰে পৰিয়ালটোক চৰকাৰে একো নিদিলে বুলি দুখ প্ৰকাশ কৰে ৷

লগতে পঢ়ক : চৰকাৰক শক্তিৰ উমান দিবলৈহে একেলগে ২৫ টা বোমা : আৰু কি কি ক’লে পৰেশ বৰুৱাই ?

আমি অসমক পুনৰ অশান্ত হোৱাটো নিবিচাৰো: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.