ETV Bharat / state

বানত পুনৰ ৪ জনৰ মৃত্যু: মৃতকৰ সংখ্যা ৮৩ লৈ বৃদ্ধি, কাজিৰঙাত ৯ টা গঁড়সহ ১৫৯ টা বন্যপ্ৰাণীৰ মৃত্যু - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 7:34 AM IST

Updated : Jul 11, 2024, 6:31 PM IST

Kaziranga Flood : ৰাজ্যত এতিয়াও মাৰ যোৱা নাই বানৰ তাণ্ডৱ ৷ ২৭ খন জিলা এতিয়াও পানীৰ তলতে আছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উল্লেখ কৰা মতে, শেহতীয়াকৈ ৯ টা গঁড়সহ কাজিৰঙাত ১৫৯ টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে ৷ ইফালে বুধবাৰৰ দিনটোত পুনৰ ৪ জন লোকৰ মৃত্যু হৈছে ৷ ফলত মৃতকৰ সংখ্যা ৮৩ লৈ বৃদ্ধি ৷

Kaziranga Flood
৯ টা গঁড়সহ কাজিৰঙাত ১৫৯ টা বন্যপ্ৰাণীৰ মৃত্যু; মৃতকৰ সংখ্যা ৮৪ লৈ বৃদ্ধি (ETV Bharat Assam)

নিউজ ডেস্ক, ১১ জুলাই : ৰাজ্যত এতিয়াও মাৰ যোৱা নাই জলপ্ৰলয়ৰ শংকা ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি, বৰ্তমানো পানীৰ তলত বুৰ গৈ আছে ৰাজ্যৰ ২৭ খন জিলা ৷ এই প্ৰলয়ৰ ফলত ২৭ খন জিলাৰ প্ৰায় ১৪.৩৯ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে ৷

Kaziranga Flood
ৰাজ্যত বান বিভীষিকা (ETV Bharat Assam)

ইয়াৰ মাজতে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰতিবেদন অনুসৰি লাভ কৰা তথ্য মতে, বিগত ২৪ ঘণ্টাত আৰু ৪ জন লোকৰ মৃত্যু হৈছে ৷ ফলত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৩ জনলৈ বৃদ্ধি পাইছে ।

তথ্য অনুসৰি, এই বান বিভীষিকাৰ ফলত ৮৬ টা ৰাজহ চক্ৰৰ অধীনত ২৫৮০ খন গাঁও এতিয়াও পানীৰ তলতে আছে ৷ বৰ্তমানেও ১.৫৭ লাখ বন্যাৰ্তই ৩৬৫ টা আশ্ৰয় শিবিৰতে আশ্ৰয় লৈ আছে ।

লগতে পঢ়ক : ৰাজ্যত বানৰ প্ৰলয়: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৬ টা গঁড়সহ ১৩৭ টা বন্যপ্ৰাণীৰ মৃত্যু - Assam flood 2024

ইফালে ব্ৰহ্মপুত্ৰ নদীৰ বিশেষকৈ নিমাতী ঘাট, তেজপুৰ, গুৱাহাটী আৰু ধুবুৰীত এতিয়াও জলৰাশি বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কর্তৃপক্ষই সদৰী কৰিছে ৷ অৱশ্যে পূৰ্বতকৈ ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বন্যাৰ্ত দুখ-দুৰ্গতি আঁতৰা নাই ।

জানিব পৰা মতে, চলিত বানৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনত এতিয়ালৈকে মুঠ ৯ টা গঁড়সহ ১৫৯ টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ পৰিচালক সোণালী ঘোষে উল্লেখ কৰা মতে, ১৫৯ টা বন্যপ্ৰাণীৰ ভিতৰত আছে ১২৮ টা সুগৰী পহু (Hog Deer), ৯ টা গঁড়, ২ টা দলহৰিণ (Dolhorina/Swamp deer) আৰু ২ টা শৰপহুৰ (Sambar deer) ৷

লগতে পঢ়ক : বান পৰিস্থিতি সামান্য উন্নত: যোৱা ২৪ ঘণ্টাত ছজনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭২ লৈ বৃদ্ধি - Assam Flood 2024

উদ্যান কৰ্তৃপক্ষৰ লগতে ৰাজ্যৰ বন বিভাগেও বানৰ সময়ত ১৩৩ টা বিভিন্ন জীৱ-জন্তু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ আনকি চিকিৎসাৰ অন্তত ১১১ টা জীৱ-জন্তুক সুৰক্ষিত স্থানত মুকলি কৰি দিয়া হৈছে । সোণালী ঘোষে উল্লেখ কৰা মতে, বানত উদ্ধাৰ হোৱা দুটা গঁড় আৰু হাতী পোৱালিসহ সাতটা বন্যজীৱ এতিয়াও চিকিৎসাধীন হৈ আছে ৷

ঘোষে আৰু কয়, উদ্যানখনৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও উদ্যানখনৰ ৬২ টা বন শিবিৰ এতিয়াও পানীৰ তলত আছে আৰু ৪ টা শিবিৰ মুকলি কৰি দিয়া হৈছে । উদ্যানখনৰ ভিতৰত মুঠ ২৩৩ টা বন শিবিৰ আছে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মূল এলেকা ৪৩০ বৰ্গ কিলোমিটাৰ আৰু কেইটামান সংস্কৰণ সংযোজন কৰাৰ পিছত উদ্যানখনৰ এলেকা বৃদ্ধি পাইছে ।

ইফালে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ NDRF, SDRF, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, স্থানীয় প্ৰশাসনৰ লগতে সকলো উদ্ধাৰকাৰী দল সষ্টম হৈ আছে ৷

লগতে পঢ়ক : আঘাতপ্ৰাপ্ত পহুক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান বাৰেকুৰিবাসীৰ - Assam Flood 2024

Last Updated : Jul 11, 2024, 6:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.