নগাঁও : অন্ত পৰিল ৰাজ্যত ১৩ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব । শুক্ৰবাৰে অন্তিম দিনা নগাঁৱৰ চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ১২ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন । ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰতে অতি আকৰ্ষণীয় হৈ পৰা চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মুঠ ১৪ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন ।
নগাঁও জিলা জনসংযোগ বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰা প্ৰাৰ্থীৰ ভিতৰত আছে -
![14 candidates filed nominations for Samaguri Assembly constituency](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-10-2024/as-ngn-01-14candidate-file-nomination-for-samaguri-image-7203829_26102024075241_2610f_1729909361_1002.jpg)
- ছোচিয়েলিষ্ট চেম্বাৰ অৱ ইণ্ডিয়া দলৰ পৰা আব্দুৰ ছবুৰ মিঞা
- ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা তাঞ্জিল হুছেইন
- ভাৰতীয় গণ পৰিষদ দলৰ পৰা বিৰেন বাছাক
- ভাৰতীয় জনতা পাৰ্টীৰ পৰা ডিপ্লুৰঞ্জন শৰ্মা
- ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিল দলৰ পৰা ৰাব্বুল হক
- আম আদমী পাৰ্টীৰ পৰা নুৰুল আমিন চৌধুৰী
- তৃণমূল কংগ্ৰেছ দলৰ পৰা বাছিৰ উদ্দিন আহমেদ আৰু
- নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নাট মুছাব্বিৰ আলী আহমেদ, মাইনুল ইছলাম, আব্দুল মজিদ, আশা বেগম, জেহেৰুল ইছলাম, শশী তাঁতী আৰু ফাতেমা খাতুন
ইয়াৰে ২৪ অক্টোবৰত ছোচিয়েলিষ্ট চেম্বাৰ অৱ ইণ্ডিয়া দলৰ পৰা আব্দুৰ ছবুৰ আৰু কংগ্ৰেছ দলৰ পৰা তাঞ্জিল হুছেইনে মনোনয়ন দাখিল কৰাৰ বিপৰীতে ২৫ অক্টোবৰ শুক্ৰবাৰে বিজেপিৰ ডিপ্লুৰঞ্জন শৰ্মাৰ লগতে মুঠ ১২ গৰাকীকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে ।
![14 candidates filed nominations for Samaguri Assembly constituency](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-10-2024/as-ngn-01-14candidate-file-nomination-for-samaguri-image-7203829_26102024075241_2610f_1729909361_537.jpg)
![14 candidates filed nominations for Samaguri Assembly constituency](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-10-2024/as-ngn-01-14candidate-file-nomination-for-samaguri-image-7203829_26102024075241_2610f_1729909361_605.jpg)
লগতে পঢ়ক : বিহালীত অন্তিম দিনটোত তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল লগতে পঢ়ক : গৌৰৱ গগৈ হ’ব নেকি ২০২৬ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰধান মুখ ! |
চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনত শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা পূৰ্বে কেইবাবাৰো এ আই ইউ ডি দলৰ একাংশ নেতাই দাবী কৰি আহিছিল যদিও অৱশেষত দলটোৰ নেতৃত্বই ঘেষণা কৰাৰ দৰেই সমষ্টিটোত প্ৰক্ষেপ কৰা নাই কোনো প্ৰাৰ্থী ।
![14 candidates filed nominations for Samaguri Assembly constituency](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-10-2024/as-ngn-01-14candidate-file-nomination-for-samaguri-image-7203829_26102024075241_2610f_1729909361_267.jpg)
![14 candidates filed nominations for Samaguri Assembly constituency](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-10-2024/as-ngn-01-14candidate-file-nomination-for-samaguri-image-7203829_26102024075241_2610f_1729909361_388.jpg)
ইপিনে, বিহালী সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ বিৰোধী ঐক্যৰ অসম সন্মিলিত মৰ্চাৰ পৰা কংগ্ৰেছ দল আঁতৰি যোৱাৰ পাছত চামগুৰি সমষ্টিতো প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আম আদমী পাৰ্টীয়ে । মনোনয়ন দাখিলৰ মাত্ৰ এটা দিন পূৰ্বে দলটোৱে ঘোষণা কৰা প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীয়ে শুক্ৰবাৰে মনোনয়ন দাখিল কৰিয়েই চামগুৰিৰ প্ৰচাৰত নামি পৰিছে ।
![14 candidates filed nominations for Samaguri Assembly constituency](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-10-2024/as-ngn-01-14candidate-file-nomination-for-samaguri-image-7203829_26102024075241_2610f_1729909361_273.jpg)
![14 candidates filed nominations for Samaguri Assembly constituency](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-10-2024/as-ngn-01-14candidate-file-nomination-for-samaguri-image-7203829_26102024075241_2610f_1729909361_893.jpg)
অৱশ্যে অজিত ভূঞা আৰু লুৰিণজ্যোতি গগৈৰ নেতৃত্বৰ অসম সন্মিলিত মৰ্চাই চামগুৰিত নুৰুল আমিন চৌধুৰীক সমৰ্থন দিয়ে নে নাই সেয়া এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই । শাসকীয় দলৰ প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মাৰ বিপৰীতে বিৰোধী কংগ্ৰেছৰ প্ৰাৰ্থীৰ লগতে আম আদমী পাৰ্টীয়েও প্ৰক্ষেপ কৰা প্ৰাৰ্থীয়ে কাৰ অংকত আউল লগাই সেয়াও হ'ব লক্ষণীয় ।
![14 candidates filed nominations for Samaguri Assembly constituency](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-10-2024/as-ngn-01-14candidate-file-nomination-for-samaguri-image-7203829_26102024075241_2610f_1729909361_803.jpg)
চামগুৰি উপ নিৰ্বাচনৰ বাবে মুঠ ১৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে যদিও মনোনয়ন পৰীক্ষা অথবা প্ৰত্যাহাৰৰ অন্তিম তাৰিখৰ পাছত কিমানগৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হয় সেয়া অৱশ্যে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।