ETV Bharat / state

কামাখ্যা ধামত ভক্তৰ ভিৰ; উদযাপন দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস - INTERNATIONAL YOGA DAY 2024

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 11:14 AM IST

10th International Yoga Day : আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ ‘‘আত্ম আৰু সমাজৰ বাবে যোগ’’ শীৰ্ষক বিষয়বস্তু লৈ দেশত আয়োজন কৰা হৈছে যোগ দিৱসৰ কাৰ্যসূচী ৷ মা কামাখ্যা মন্দিৰতো ভক্তগণে উদযাপন কৰে যোগ দিৱস ৷

10th International Yoga Day
10th International Yoga Day (10th International Yoga Day)

গুৱাহাটী, ২১ জুন : আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । দেশ তথা বিশ্বজুৰি "আত্ম আৰু সমাজৰ বাবে যোগ’’ শীৰ্ষক বিষয়বস্তু লৈ এইবাৰ আয়োজন কৰা হৈছে দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী । দেশৰ লগতে ৰাজ্যৰ তেজপুৰতো কেন্দ্ৰীয়ভাৱে পালন কৰা হয় যোগ দিৱসৰ কাৰ্যসূচী ।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (ETV Bharat Assam)

এইবোৰৰ মাজতে আকৌ নীলাচলৰ বুকলৈ অম্বুবাচী মেলা উপলক্ষে আগমন ঘটা দেশ-বিদেশৰ সাধু-সন্তসকলেও একলগ হৈ পুৱাৰ ভাগত অংশ লয় যোগ দিৱসৰ কাৰ্যসূচীত । পঞ্চনামা দশম জুনা আখৰাৰ উদ্যোগত প্ৰতিবছৰৰ দৰে এই বর্ষও অনুষ্ঠিত কৰা হয় যোগ দিৱসৰ কাৰ্যসূচী । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰায় ১০০ গৰাকী সাধু-সন্তই ।

লগতে পঢ়ক : তিনিচুকীয়াত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - International Yoga Day 2024

এই কাৰ্যসূচীত অংশ লৈ এগৰাকী ভক্তই কয়, ‘‘যোগ কৰিলে শৰীৰে সুস্থ থাকিব । সাধন-ভোজনৰ লগতে যোগ কৰাটো আৱশ্যক । সেয়ে আজি আমি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ইয়াতে যোগ দিৱসৰ কাৰ্যসূচী পালন কৰিছো ।’’

আন এগৰাকী ভক্তই উল্লেখ কৰা অনুসৰি, ‘‘যোগাসন কৰিলে মন-প্ৰাণ প্ৰফুল্লিত হয় ৷ কাম কৰিবলৈ মন যায় ৷’’

উল্লেখ্য যে, শনিবাৰৰ পৰা কামাখ্যা ধামত অনুষ্ঠিত হ'ব মহা অম্বুবাচী মেলা । ২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ চেকেণ্ড ঘটিব অম্বুবাচীৰ প্ৰবৃত্তি । অম্বুবাচী প্ৰবৃত্তিৰ পাচত অৰ্থাৎ ২২ জুনৰ পৰা ২৬ জুনলৈ তিনিদিন বন্ধ থাকিব মা-কামাখ্যা মন্দিৰৰ মূল দুৱাৰ ।

২৬ জুনৰ পুৱা দেৱীৰ নিত্য পূজাৰ পাচত ভক্তগণৰ বাবে পুনৰ খুলি দিয়া হ'ব মন্দিৰৰ মূল দুৱাৰ । মন্দিৰৰ মূলদ্বাৰ বন্ধৰ পূৰ্বে আজি মন্দিৰত অগণন ভক্তগণে ভিৰ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : বিশ্বজুৰি যোগৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ - International Yoga Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.