ETV Bharat / state

অৰ্থনৈতিক বিপ্লৱ কৰি পিঠিত লাগি থকা ছালফা শব্দটো আঁতৰাব বিচাৰিছোঁ : জিতেন দত্ত - Ex ULFA militant

author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 10:22 PM IST

Economic revolution by Ex ULFA militant : 10 হাজাৰ প্ৰাক্তন আলফা কেডাৰে আৰম্ভ কৰিব অৰ্থনৈতিক বিপ্লৱ ৷ ৰাজ্যৰ ভিন্ন ঠাইত হাজাৰ-হাজাৰ বিঘা মাটিত কৰিব খেতি ৷ ইয়াৰ জৰিয়তে পিঠিত লাগি থকা ‘ছালফা’ শব্দটো আঁতৰাব বিচাৰিছে ৷

Economic revolution by Ex ULFA militant
অৰ্থনৈতিক বিপ্লৱৰ বাবে আগবাঢ়ি আহিছে প্ৰাক্তন আলফা কেডাৰ (ETV Bharat Assam)

গুৱাহাটী, ২৩ জুন : স্বাধীন অসমৰ সপোন পাহৰি স্বাৱলম্বী হোৱাৰ লগতে অসমক অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল কৰাৰ বাবে এইবাৰ উঠি-পৰি লাগিছে ৰাজ্যৰ একাংশ প্ৰাক্তন আলফা ৷ বন্দুক-বাৰুদৰ বিপ্লৱৰ জৰিয়তে স্বাধীন অসমৰ সপোন অমূলক, সেই কথা উপলব্ধি কৰি আদৰ্শগত কাৰণত আলফাৰ পৰা ওলাই আহি আত্মসমৰ্পণ কৰা এদল প্ৰাক্তন আলফাৰ নেতৃত্বত গঠন হোৱা সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে খেতি-বাতি তথা কৃষিকৰ্মৰে এইবাৰ ৰাজ্যত আৰম্ভ কৰিব অৰ্থনৈতিক বিপ্লৱৰ সূচনা ।

সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ মহানগৰ সমিতিৰ সভাপতি ধন বৈশ্যৰ সভাপতিত্বত বোন্দা আঞ্চলিক মহাবিদ্যালয় প্ৰাংগণত আজি অনুষ্ঠিত হোৱা বিশেষ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত ৰাজ্যৰ ভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা প্ৰাক্তন আলফা সদস্যক লৈ অৰ্থনীতিক সংগ্ৰামৰ পৰিকল্পনা যুগুত কৰা হয় ৷ সেই অনুসৰি মাজুলীত ১৭ শ বিঘা মাটিত সৰিয়হ খেতি কৰি মিঠাতেল উৎপাদনৰ সিদ্ধান্ত লোৱা হয় ৷ তদুপৰি দৰঙত ১০০০ বিঘা মাটি, ধুবুৰী ৪০০ বিঘা মাটি আৰু নলবাৰীতো মাকৈ খেতিৰ লগতে চৰকাৰৰ দ্বাৰা অনুদিত ভূমিত কৃষিকৰ্মৰে স্বাৱলম্বী হোৱাৰ পৰিকল্পনা যুগুত কৰা বুলি জানিবলৈ দিয়ে প্ৰাক্তন আলফা নেতা তথা সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ জাতীয় অৰ্থনৈতিক ৰূপায়ন আৰু পৰিকল্পনা বিভাগৰ মুখ্য সম্পাদক জিতেন দত্তই ।

লগতে পঢ়ক: ৪ বিঘা মাটি লীজত লৈ আৰম্ভ কৰিছিল কৃষিকৰ্ম : ধনীৰাম চেতিয়াক এতিয়া কোনে চিনি নাপায় ?

সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘যদি অসমত এক শক্তিশালী অৰ্থনৈতিক সংগ্ৰাম কৰিব পৰা নাযায়, পথাৰ আৰু বজাৰ যদি অসমীয়া জাতিটোৱে নিজৰ দখললৈ আনিব নোৱাৰে, তেতিয়াহ’লে অসমীয়া জাতিটো মৰ্যাদা সহকাৰে জীয়াই থকাটো সম্ভৱ নহ’ব । আমি ১৯৯১ চনৰ পিচৰ পৰা আত্মসমৰ্পন কৰা মতাদৰ্শ নতুবা আদৰ্শগত কাৰণত আলফাৰ পৰা ওলাই অহা জাতীয় চেতনা থকা প্ৰায় ১০ হেজাৰ প্ৰাক্তন আলফা সদস্যক লৈ এই অৰ্থনৈতিক সংগ্ৰামখন আগুৱাই লৈ যাব বিচাৰিছোঁ । আমি আশা কৰিছোঁ আমাৰ এই অৰ্থনৈতিক সংগ্ৰামখন এক-ডেৰ বছৰৰ ভিতৰত এক সঠিক ৰূপ পাব ।’’

লগতে তেওঁ কয়, ‘‘অৰ্থনৈতিক সংগ্ৰামৰ জৰিয়তে আমি আমাৰ পিঠিত লাগি থকা ছালফা শব্দটো আঁতৰাব বিচাৰিছোঁ । আমাৰ ইয়াত কোনো ছালফা নাই । ছালফা চৰকাৰ নতুবা মিডিয়াৰ সৃষ্টি ৷’’ ইফালে আলফাৰ শান্তিচুক্তি স্বাক্ষৰৰ জৰিয়তে স্থায়ী শান্তি স্থাপন হোৱাৰ পিচতেই প্ৰাক্তন অলফাৰ প্ৰতি পিঠি দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰাক্তন আলফা নেতা জিতেন দত্তই ।

লগতে পঢ়ক: মহানগৰীত আলফা (স্বাধীন)ৰ নামত ব্যৱসায়ীক ধন দাবী

জিতেন দত্তই কয়, ‘‘ আলোচনাপন্থী আলফাই এক নিৰ্দিষ্ট এজেণ্ডাৰ ভিত্তিত চৰকাৰৰ সৈতে আলোচনাৰ টেবুলত বহি আলোচনা কৰিছে, চুক্তি স্বাক্ষৰ কৰিছে । কিন্তু এই এই নিৰ্দিষ্ট এজেণ্ডাত প্ৰাক্তন আলফাক চামিল কৰা নহ’ল । আমি বিচাৰিছিলোঁ অসমৰ ১০ হেজাৰ প্ৰাক্তন আলফাক ঐক্যবদ্ধ কৰি এটা শক্তিলৈ ৰূপান্তৰিত কৰি তেওঁলোকৰ সমস্যাসমূহ চৰকাৰৰ জৰিয়তে সমধানৰ ব্যৱস্থা কৰক । আলোচনাপন্থীৰ এই ভূমিকাক লৈ আমি সুখী নহয় যদিও বিশেষ ক’বলগীয়াও নাই ।’’

জিতেন দত্তই কয়, ‘‘আমি প্ৰাক্তন আলফাৰ নিৰ্যাতিত, শ্বহীদ পৰিয়ালসমূহৰ লগতে আমাৰ সতীৰ্থসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লগতে নতুন প্ৰমজন্মক এটা কৰ্ম সংষ্কৃতিৰ বাট দেখুৱাবলৈ এই পৰিকল্পনা হাতত লোৱা হৈছে । ইয়াত আমি কাকো চেলেঞ্জ কৰি আগবাঢ়ি যোৱাৰ মানসিকতা নাই । আমি অৰ্থনৈতিক সংগ্ৰামখনতে সীমাবদ্ধ হৈ থাকিব বিচৰা নাই । আমি অসমীয়া জাতিৰ এটা গুৰুত্বপূৰ্ণ শক্তি হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰো । জাতিৰ দুৰ্যোগৰ সময়ত আমি মাত মাতি যাম । কিন্তু সেই বুলি জঁপিয়াই জঁপিয়াই য’তে-ত’তে মাত দিবলৈ নাযাওঁ । তাৰ বাবে বিভিন্ন দল-সংগঠন আছে ।’’

জাতিৰ প্ৰতিটো দুৰ্যোগৰ মুহূৰ্তত প্ৰাক্তন আলফাই থিয় দি মৰণপণ যুজঁ দিবলৈ প্ৰস্তুত থাকিব বুলিও তেওঁ ব্যক্ত কৰে । আজিৰ এই সভাত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সভাপতি মিনাৰাম গগৈ, সাধাৰণ সম্পদক ৰমেন ডেকা, মুখ্য প্ৰচাৰ সম্পাদক মৃদুল বৰা, সম্পাদক ধনটি ডেকা, মথুৰা চাওদাং, খৰ্গেশ্বৰ দাস আদি উপস্থিত থাকে ।

লগতে পঢ়ক: কেন্দ্ৰ-আলফাৰ চুক্তি জাতিৰ দলিল হ’বই নোৱাৰে : জীতেন দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.