ETV Bharat / sports

পদক অবিহনে অলিম্পিক ভিলেজ ত্যাগ বিনেশ ফোগাটৰ - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 13, 2024, 1:44 PM IST

Vinesh phogat leaves games village: পেৰিছৰ অলিম্পিক ভিলেজৰ পৰা পদক অবিহনে উভতিল বিনেশ ফোগাট । পদক হেৰুওৱাৰ বেদনা স্পষ্ট ফোগাটৰ মুখত । তেওঁৰ দাবী সন্দৰ্ভত চিএএছয়ে নিজৰ সিদ্ধান্ত আজি ঘোষণা কৰিব ।

Paris Olympics 2024
পদক অবিহনে অলিম্পিক ভিলেজ ত্যাগ বিনেশ ফোগাটৰ (IANS Photo)

স্প’ৰ্টছ ডেস্ক, ১৩ আগষ্ট: ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগাটে ৰূপৰ পদক লাভ কৰিব নে নকৰে, সেয়া ১৩ আগষ্ট অৰ্থাৎ আজি নিশ্চিত হ'ব । চি এ এছে এই সন্দৰ্ভত সিদ্ধান্ত ঘোষণা কৰিব । ভাৰতীয় অলিম্পিকৰ দলটোৰ বাকী খেলুৱৈসকল ইতিমধ্যে স্বদেশত উপস্থিত হৈছে যদিও বিনেশ ফোগাট পেৰিছতে আছে ।

বিনেশৰ আবেদনৰ শুনানি:

উল্লেখ্য যে ভাৰতৰ মহিলা মল্লযুঁজাৰু বিনেশ ফোগাটক পেৰিছ অলিম্পিক ২০২৪ৰ ফাইনেল খেলৰ পূৰ্বে অযোগ্য ঘোষণা কৰা হৈছিল । বিনেশে আই অ' এৰ এই সিদ্ধান্তৰ বিৰুদ্ধে চিএএছৰ কাষ চাপিছিল আৰু ৰূপৰ পদক দাবী কৰিছিল । তেওঁৰ আবেদনৰ শুনানি হয় আৰু চি এ এছে সিদ্ধান্তটো ১৩ আগষ্টত ঘোষণা কৰিব বুলি উল্লেখ কৰে ।

ভাৰতৰ মহিলা মল্লযুঁজাৰুগৰাকী এতিয়াও ভাৰতলৈ উভতি অহা নাই । ভাৰতে প্ৰেৰণ কৰা ১১৭ জনীয়া দলৰ বাকী খেলুৱৈসকল উভতি আহিছে যদিও পদকৰ আশাত এতিয়াও বিনেশ পেৰিছতে আছে । অৱশ্যে মঙলবাৰে বিনেশ ফোগাটে পদক অবিহনে গেমছ ভিলেজ ত্যাগ কৰে ।

নিৰাশ হৈ অলিম্পিক ভিলেজ ত্যাগ ফোগাটৰ:

ইতিমধ্যে অলিম্পিকৰ সামৰণি অনুষ্ঠানো হৈ গৈছে । য'ত ভাৰতীয় ব্ৰঞ্জ পদক বিজয়ী মনু ভাকৰ আৰু হকী খেলুৱৈ পি আৰ শ্ৰীজেশ ভাৰতৰ ধ্বজাবাহক আছিল । সামৰণি অনুষ্ঠানৰ লগে লগে অলিম্পিক ভিলেজো আঁতৰাই দিয়া হয় । যাৰ বাবে ন্যায়ৰ অপেক্ষাত থকা ভাৰতীয় মহিলা মল্লযুঁজাৰু বিনেশ ফোগাটে পদক অবিহনেই নিৰাশ মনেৰে অলিম্পিক ভিলেজ ত্যাগ কৰে । পদক অবিহনে অলিম্পিক ভিলেজ ত্যাগ কৰাৰ বেদনা বিনেশৰ মুখত স্পষ্টকৈ দেখা গৈছে ।

কিট বেগটো লৈ অহা বিনেশে নিশ্চয় পদকৰ শূন্যতা অনুভৱ কৰিছে । বিনেশে পৰাস্ত কৰা মল্লযুঁজাৰুৱে ৰূপৰ পদক লৈ ঘৰলৈ উভতি গৈছে । কিন্তু তিনিখন মেচত প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিও বিনেশ পদকৰ হাতত এতিয়াও নাই পদক ।

লগতে পঢ়ক : ওজন বৃদ্ধিৰ সন্দৰ্ভত অৱশেষত মুখ খুলিলে বিনেশ ফোগাটে: কি জনালে আদালতক - PARIS OLYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.