ETV Bharat / sports

অলিম্পিকত নাপালে কি হ’ল ! ঘৰলৈ ওভতা বিনেশ ফোগাটক প্ৰদান স্বৰ্ণ পদক - VINESH PHOGAT PRIZE

author img

By ETV Bharat Sports Team

Published : Aug 19, 2024, 2:03 PM IST

Vinesh Phogat Gets Gold: পদক অবিহনে স্ব-গৃহলৈ ওভতা ভাৰতীয় মল্লযোদ্ধা বিনেশক স্বৰ্ণ পদক প্ৰদান ৷ লগতে দিয়া হৈছে নগদ ধন ৷ মল্লযোদ্ধাগৰাকীক আৰু কি কি প্ৰদান কৰা হৈছে, জানিবলৈ পঢ়ক এই খবৰ...

VINESH PHOGAT PRIZE
বিনেশ ফোগাট (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 19 আগষ্ট: শনিবাৰে পেৰিছ অলিম্পিকৰ পৰা ঘূৰি আহি স্ব-গৃহত উপস্থিত হৈছে ভাৰতীয় মহিলা মল্লযোদ্ধা বিনেশ ফোগাট ৷ নিজ দেশত আহি উপস্থিত হোৱাৰ পিছতে খেলুৱৈগৰাকীক জনোৱা হয় উষ্ম আদৰণি ৷ বিনেশ ফোগাটক আদৰিবলৈ ৰাজধানী চহৰ নতুন দিল্লীস্থিত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছিল সহস্ৰাধিক জনতা ৷ তাৰ মাজতে বহুলোকে সন্মানিত কৰিছিল ফোগাটক ৷

খেলুৱৈগৰাকীক আদৰণিৰ উদ্দেশ্যে সাধাৰণ জনতা তথা অনুৰাগীসকলে বাহিৰ কৰিছিল এক ৰোড শ্ব’ ৷ ৰোড শ্ব’ৰ সময়তো বহুসংখ্যক লোকে খেলুৱৈগৰাকীক অনুসৰণ কৰি সমদল কৰি আহিছিল । বিশেষকৈ নতুন দিল্লীৰ পৰা বালালীস্থিত নিজ বাসগৃহলৈ যাওঁতে বিনেশক সমৰ্থক আৰু কেইবাখনো গাঁৱৰ পঞ্চায়তে জনায় সম্বৰ্ধনা ।

প্ৰায় 135 কিল’মিটাৰৰ দীঘলীয়া যাত্ৰাটো শনিবাৰে সম্পূৰ্ণ কৰিবলৈ ফোগাটক প্ৰয়োজন হৈছিল প্ৰায় 13 ঘণ্টা সময় ৷ পেৰিছ অলিম্পিকৰ পৰা উভতি অহাৰ পিছত লাভ কৰা বিশাল অভ্যৰ্থনাত অভিভূত হৈ বিনেশে কয় যে, এই সন্মানৰ সন্মুখত 1000 অলিম্পিক স্বৰ্ণ পদকো ম্লান হৈ পৰে ।

বিনেশক ঠায়ে ঠায়ে সম্বৰ্ধনা জনোৱা হৈছিল । কেৱল এয়াই নহয়, বিনেশক স্বৰ্ণ পদক পিন্ধায়ো সন্মানিত কৰা হৈছিল । এই সময়চোৱাত সমবেত লোকসকলে মল্লযোদ্ধাগৰাকীৰ উচ্চ প্ৰশংসা কৰাৰ লগতে যথেষ্ট সন্মানিত কৰিছিল । কেৱল এয়াই নহয়, বিনেশ ফোগাটক নগদ ধনো উপহাৰ হিচাপে প্ৰদান কৰা হৈছিল । বিশেষকৈ খেলুৱৈগৰাকীৰ গাঁৱৰ লোকসকলৰ উপৰিও আৰু পঞ্চায়ত(খাপ) ৰ দায়িত্বত থকা লোকসকলে পুৰস্কাৰ হিচাপে দিছিল ।

মল্লযোদ্ধা বজৰং পুনিয়া, সাক্ষী মালিক আৰু কংগ্ৰেছৰ সাংসদ দীপেন্দৰ হুদাৰ লগতে হাজাৰ হাজাৰ সমৰ্থক বিনেশক আদৰণি জনাবলৈ বিমানবন্দৰত উপস্থিত হৈছিল । এই সন্দৰ্ভত বজৰং পুনিয়াই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল কিছু পোষ্ট । এয়া বিনেশৰ তৃতীয়টো অলিম্পিক আছিল আৰু খেলুৱৈগৰাকীয়ে মল্লযুঁজৰ পৰা অৱসৰ গ্ৰহণ কৰা বুলি ঘোষণা কৰিছিল ৷

পেৰিছ অলিম্পিকৰ ফাইনেলত অংশগ্ৰহণৰ ক্ষেত্ৰত ফোগাট অযোগ্য ঘোষণা হোৱাৰ পিছতে সমগ্ৰ দেশজুৰি আৰম্ভ হৈছিল প্ৰতিক্ৰিয়া ৷ ক্ৰীড়াৰ বাবে মধ্যস্থতাৰ আদালতে (চি এ এছ) বিনেশৰ অযোগ্যতাৰ বিৰুদ্ধে কৰা আপীল খাৰিজ কৰিছিল । 29 বছৰীয়া বিনেশে মাজনিশা আহি নিজৰ গাঁৱত উপস্থিত হৈছিল আৰু তেওঁক এক বিশাল আদৰণি জনোৱা হৈছিল । ফোগাটৰ চুবুৰীয়া আৰু বন্ধুবৰ্গই খেলুৱৈগৰাকীৰ সাহসৰ বাবে পিঠিত চপৰিয়াই অভিনন্দন জনাইছিল ৷

লগতে পঢ়ক: অৱসৰৰ প্ৰসংগত ইউ টাৰ্ণ বিনেশ ফোগাটৰ: গাঁওবাসীয়ে বিশাল আদৰণি জনোৱাৰ পিছতে কৰিলে এই মন্তব্য - VINESH PHOGAT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.