ETV Bharat / sports

মহিলা এছিয়া কাপ 2024: ইউ এ ই-ৰ বিৰুদ্ধে 78 ৰাণত জয়লাভ ভাৰতৰ - Womens Asia Cup 2024

author img

By ANI

Published : Jul 21, 2024, 3:43 PM IST

Updated : Jul 21, 2024, 7:04 PM IST

Womens Asia Cup 2024 : এছিয়া কাপ 2024ৰ পঞ্চমখন মেচত আজি ভাৰতে ইউ এ ই-ক 78 ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে ৷ হৰমনপ্ৰীত কৌৰ আৰু ৰিছা ঘোষৰ বেটিং বিক্ৰমৰ সহায়ত ভাৰতে এই বিজয় সাব্যস্ত কৰে ৷

Womens Asia Cup 2024
ভাৰতৰ মুখামুখি হৈছে সংযুক্ত আৰৱ আমিৰশ্বাহী (BCCI Women/X)

স্পৰ্টছ ডেস্ক, 21 জুলাই : দেওবাৰে ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত মহিলা এছিয়া কাপ 2024ৰ পঞ্চমখন মেচত ভাৰতে ইউ এ ই-ক 78 ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে ৷ 202 ৰাণৰ বৃহৎ লক্ষ্য আগত লৈ সংযুক্ত আৰব এমেৰিটেছ দলটোৱে ভাৰতৰ তীক্ষ্ণ বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি নিৰ্ধাৰিত 20 অভাৰত 7 টা উইকেট হেৰুৱাই 123 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

কাবিছা এগোডেজে (40) দলক উদ্ধাৰৰ বাবে কিছু চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয় ৷ অধিনায়ক এষা ৰোহিত ওজাই 38 ৰাণত পেভিলিয়নমুখী হয় ৷ দলটোৰ বাকী কেইজন বেটছমেন দহকৰ ঘৰ স্পৰ্শ কৰাতো ব্যৰ্থ হয় আৰু পৰাজয় স্বীকাৰ কৰে ৷ ভাৰতৰ হৈ দিপ্তী শৰ্মাই 2 টা উইকেট দখল কৰাৰ বিপৰীতে ৰেণুকা ঠাকুৰ সিং, তনুজা কানৱাৰ পূজা বস্ত্ৰকাৰ আৰু ৰাধা যাদৱে এটাকৈ উইকেট দখল কৰে ৷

ইয়াৰ পূৰ্বে প্ৰথমে টছত জিকি বলিঙৰ সিদ্ধান্ত লয় ইউ এ ই দলটোৱে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি ভাৰতে অধিনায়ক হৰমনপ্ৰীত কৌৰ আৰু ৰিছা ঘোষৰ বিস্ফোৰক বেটিঙৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 5 টা উইকেট হেৰুৱাই 201 ৰাণৰ বিশাল স্ক’ৰ সংগ্ৰহ কৰে ৷ অধিনায়ক হৰমনপ্ৰীত কৌৰে 44 টা বলৰ সন্মুখীন হৈ 66 ৰাণত ৰাণ আউট হয় ৷ ৰিছা ঘোষে 29 টা বলৰ সন্মুখীন হৈ 64 ৰাণত অপৰাজিত হৈ থাকে ৷ অ’পেনাৰ শ্বেফালী বাৰ্মাই 18 টা বলতে 37 ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলি দলৰ আৰম্ভণি শক্তিশালী কৰি থৈ যায় ৷ ৰিছা ঘোষ প্লেয়াৰ অব দ্য মেচ বিবেচিত হয় ৷ এই জয়েৰে ভাৰতীয় দলটো মহিলা এছিয়া কাপ 2024ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ৷

উল্লেখ্য যে, আঙুলিৰ আঘাতৰ বাবে ভাৰতৰ অফ স্পীনাৰ শ্ৰেয়াঙ্কা পাটিল চলিত প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে ৷ ৱ’মেন ইন ব্লুয়ে 21 বছৰীয়া স্পীনাৰগৰাকীৰ ঠাইত তনুজা কানৱাৰক দলত অন্তৰ্ভুক্ত কৰে ৷ ইফালে আজিৰ মূল একাদশত ৰেণুকা সিং ঠাকুৰৰ সলনি দলত স্থান লাভ কৰে তনুজাই ৷

ইয়াৰ পূৰ্বে এফালে, ৱমেন ইন ব্লুয়ে চিৰপ্ৰতিদ্বন্দী পাকিস্তানৰ বিৰুদ্ধে প্ৰতিযোগিতাৰ প্ৰথমখন মেচ সাত উইকেটত জয়লাভ কৰে; আনহাতে, ইউ এ ই-য়ে নেপালৰ বিৰুদ্ধে তেওঁলোকৰ খেলখন ছয় উইকেটত পৰাস্ত হয় ৷

ভাৰত মহিলা (প্লেয়িং ইলেভেন) : শ্বেফালী বাৰ্মা, স্মৃতি মন্ধানা, দয়ালান হেমলতা, হৰমনপ্ৰীত কৌৰ (অধিনায়ক), জেমিমা ৰড্ৰিগ’জ, ৰিচা ঘোষ (উইকেট কীপাৰ), দীপ্তি শৰ্মা, পূজা বস্ত্ৰকাৰ, ৰাধা যাদৱ, ৰেণুকা ঠাকুৰ সিং, আৰু তনুজা কানৱাৰ ৷

ই এ ই-ৰ (প্লেয়িং ইলেভেন) : এষা ৰোহিত ওজা (অধিনায়ক), থিয়েৰথা সতীশ (উইকেট কীপাৰ), ৰিনিথা ৰজিথ, চামাইৰা ধৰ্ণীধাৰ্কা, কবিশা আগোদেজ, সুখী শৰ্মা, হিনা হটচান্দানি, বৈষ্ণৱী মহেশ, ৰিত্বা ৰজিথ, লাৱণ্য কেনি, ইন্ধুজা নন্দকুমাৰ ৷

লগতে পঢ়ক : মহিলা এছিয়া কাপ : পাকিস্তান মহিলা দলক 7 উইকেটত পৰাস্ত ভাৰতৰ - INDIA WOMEN VS PAKISTAN WOMEN

Last Updated : Jul 21, 2024, 7:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.