ETV Bharat / sports

মহিলা এছিয়া কাপ : পাকিস্তান মহিলা দলক 7 উইকেটত পৰাস্ত ভাৰতৰ - INDIA WOMEN VS PAKISTAN WOMEN

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 8:31 PM IST

Updated : Jul 19, 2024, 9:58 PM IST

Womens Asia Cup T20 : মহিলা এছিয়া কাপত আজি গ্ৰুপ এ-ৰ দ্বিতীয়খন মেচত ভাৰতীয় মহিলা ক্ৰিকেট দলে পাকিস্তানক 7 উইকেটত পৰাস্ত কৰে ৷ মাত্ৰ 14.1 অভাৰতে বিজয় লক্ষ্যত উপনীত হয় ভাৰতীয় দল ৷

INDIA WOMEN VS PAKISTAN WOMEN
ভাৰতৰ মুখামুখি পাকিস্তান মহিলা দল (ANI PHOTO)

স্পৰ্টছ ডেস্ক, 19 জুলাই : ডাম্বুলাত অনুষ্ঠিত হোৱা মহিলা এছিয়া কাপৰ গ্ৰুপ এ-ৰ (A) দ্বিতীয়খন মেচত আজি ভাৰতীয় মহিলা ক্ৰিকেট দলে পাকিস্তানক 7 উইকেটত পৰাস্ত কৰে ৷ স্পষ্টভাৱে এই মেচৰ বাবে ফেভাৰিট আছিল ডিফেণ্ডিং চেম্পিয়ন ভাৰত ৷

109 ৰাণৰ লক্ষ্য আগত লৈ ভাৰতীয় মহিলা দলে 14.1 অভাৰত 3 টা উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে ৷ ইনিংছ মুকলি কৰিবলৈ আহি অপেনাৰ স্মৃতি মন্ধানা আৰু শ্বেফালী বাৰ্মাই দলক এক শক্তিশালী আৰম্ভণি দিয়ে ৷ স্মৃতি মন্ধানাই 31 টা বলৰ সন্মুখীন হৈ 45 ৰাণ সংগ্ৰহ কৰাৰ লগতে শ্বেফালী বাৰ্মাই 29 বলত 40 ৰাণৰ এক ইনিংছ খেলে ৷ দয়ালান হেমলতাই 14 ৰাণত পেভিলিয়নমুখী হোৱাৰ পিচত অধিনায়ক হৰমনপ্ৰীত কৌৰ (5) আৰু জেমিমা ৰড্ৰিগ’জে (3) অপৰাজিত থাকি দলক জয়ৰ সোৱাদ দিয়ে ৷ পাকিস্তানৰ হৈ চৈয়দা আৰোব শ্বাহে 2 টা উইকেট দখল কৰাৰ বিপৰীতে নাশ্ৰা সান্ধুে 1 টা উইকেট দখল কৰে ৷

ইফালে টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় পাকিস্তান মহিলা দলে ৷ নিজৰ ইনিংছ আৰম্ভ কৰি পাকিস্তান দলটোৱে ভাৰতৰ তীক্ষ্ণ বলিং আক্ৰমণৰ সন্মুখীন হ’ব নোৱাৰি 19.2 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 108 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ চিদ্ৰা আমিন (25), টুবা হাছান (22) আৰু ফাতিমা ছানা (22)ৰ বাহিৰে দলৰ কোনো বেটছমেনে দহককৰ ঘৰো স্পৰ্শ কৰিবলৈ সক্ষম নহ’ল ৷ ভাৰতৰ বলিং আক্ৰমণত বেটিং মেৰুদণ্ড ভাঙি পৰে পাকিস্তানৰ ৷ ভাৰতৰ হৈ দিপ্তী শৰ্মাই সৰ্বাধিক 3 টা উইকেট দখল কৰি পাকিস্তানৰ বেটিং লাইনত খহনীয়াৰ সৃষ্টি কৰে ৷ ৰেণুকা ঠাকুৰ সিং, পূজা বস্ত্ৰকাৰ আৰু শ্ৰেয়াঙ্কা পাটিলে এটাকৈ উইকেট দখল কৰে ৷ দিপ্তী শৰ্মা প্লেয়াৰ অব দ্য মেচ বিবেচিত হয় ৷

ভাৰতীয় মহিলা দলৰ মূল একাদশ-

স্মৃতি মন্ধানা, শ্বেফালী বাৰ্মা, দয়ালান হেমলতা, হৰমনপ্ৰীত কৌৰ (অধিনায়ক), জেমিমা ৰড্ৰিগ’জ, ৰিচা ঘোষ (উইকেট কীপাৰ), দীপ্তি শৰ্মা, পূজা বস্ত্ৰকাৰ, ৰাধা যাদৱ, শ্ৰেয়াঙ্কা পাটিল, ৰেণুকা ঠাকুৰ সিং ৷

পাকিস্তান মহিলা দলৰ মূল একাদশ-

চিদ্ৰা আমিন, গুল ফিৰোজা, মুনিবা আলী (উইকেট কীপাৰ), নিদা দৰ (অধিনায়ক), আলিয়া ৰিয়াজ, ইৰাম জাভেদ, ফাতিমা ছানা, টুবা হাছান, সাদিয়া ইকবাল, নাশ্ৰা সান্ধু, চৈয়দা আৰোব শ্বাহ ৷

উল্লেখ্য যে, মহিলা এছিয়া কাপৰ গ্ৰুপ এ-ৰ প্ৰথমখন মেচত সংযুক্ত আৰব আমিৰশ্বাহীক 6 উইকেটত পৰাস্ত কৰে নেপাল মহিলা ক্ৰিকেট দলে ৷

লগতে পঢ়ক : অষ্ট্ৰেলিয়া A ৰ বিৰুদ্ধে মাল্টি ফৰ্মেট ছিৰিজত অসমৰ উমা চেত্ৰী - Cricketer Uma Chetry

Last Updated : Jul 19, 2024, 9:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.