ETV Bharat / sports

মহিলা এছিয়া কাপত নেপালৰ মুখামুখি হ'ব ভাৰত - Womens Asia Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 11:20 AM IST

Womens Asia Cup 2024 : ভাৰতীয় মহিলা ক্ৰিকেট দলে এছিয়া কাপ ২০২৪ত জয়ৰ ধাৰা অব্যাহত ৰাখিছে । পাকিস্তান আৰু ইউএইৰ বিৰুদ্ধে জয়ৰ পিচত এইবাৰ ভাৰতীয় দলটোৱে নেপালৰ বিৰুদ্ধে খেলিব ।

Womens Asia Cup 2024
মহিলা এছিয়া কাপত নেপালৰ মুখামুখি হ'ব ভাৰত (IANS Photo)

স্পৰ্টছ ডেস্ক, ২৩ জুলাই : মহিলা এছিয়া কাপত একেৰাহে দুখন মেচত জয়ী হোৱাৰ পিচত ভাৰতীয় মহিলা দলে মঙলবাৰে নেপালৰ মুখামুখি হ'ব । ভাৰতীয় সময় মতে সন্ধিয়া ৭ বজাৰ পৰা শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত এই খেলখন অনুষ্ঠিত হ'ব । এই খেলখনত ভাৰতীয় দলক নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে আৰু ইন্দু বৰ্মাই নেপাল দলটোক নেতৃত্ব দিব । খেলখন ষ্টাৰ স্পৰ্টছ নেটৱৰ্কত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব আৰু ডিজনী প্লাছ হটষ্টাৰত লাইভ ষ্ট্ৰীমিং কৰা হ'ব ।

শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ পিটছত বেটছমেনসকলে যথেষ্ট ৰাণ কৰিছে । ভাৰতীয় দলটোৱে যোৱা খেলখনত ইউএইৰ বিৰুদ্ধে ২০১ ৰাণ সংগ্ৰহ কৰিছিল । ইয়াৰ উপৰিও শ্ৰীলংকাৰ দলটোৱেও এই পিটছত মালয়েছিয়াৰ বিৰুদ্ধে ১৮৪ ৰাণ সংগ্ৰহ কৰে । এনে পৰিস্থিতিত এই পিটছখন বেটছমেনসকলৰ বাবে সহায়ক আৰু ৰাণ সংগ্ৰহৰ উপযোগী বুলি গণ্য কৰিব পাৰি । ইয়াৰ বাহিৰেও ফাষ্ট বলাৰসকল ইয়াত নতুন বলৰ সৈতে কাৰ্যকৰী বুলি প্ৰমাণিত হয় । একে সময়তে স্পিনাৰসকলেও পুৰণি বলৰ সৈতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ।

ভাৰতীয় দলৰ স্মৃতি মন্ধানা, অধিনায়ক হৰমনপ্ৰীত কৌৰ আৰু ৰিচা ঘোষে বেটেৰে যথেষ্ট পাৰদৰ্শিতা দেখুৱাব পাৰে । প্ৰথমখন মেচত মন্ধানাই পাকিস্তানৰ বিৰুদ্ধে ৪৫ ৰাণ সংগ্ৰহ কৰে, আনহাতে ইউএইৰ বিৰুদ্ধে দ্বিতীয় খন মেচত হৰমন আৰু ৰিচাই আকৰ্ষণীয় ইনিংছ খেলিছিল । পূজা বস্ত্ৰকাৰ আৰু দীপ্তি শৰ্মা ভাৰতৰ বলিং অৰ্ডাৰক নেতৃত্ব দি আহিছে । নেপালৰ বিৰুদ্ধেও ভাৰতীয় বলাৰসকল যথেষ্ট কাৰ্যকৰী হ'ব বুলি আশা কৰা হৈছে ।

ভাৰতৰ সম্ভাব্য প্লেয়িং ১১ - হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধানা, শ্বেফালী বৰ্মা, ডি হেমলতা, জেমিমা ৰড্ৰিগছ, ৰিচা ঘোষ (উইকেটকীপাৰ), পূজা বস্ত্ৰকাৰ, দীপ্তি শৰ্মা, ৰেণুকা সিং, ৰাধা যাদৱ, তনুজা কানৱাৰ ।

নেপালৰ প্লেয়িং ১১ - ইন্দু বৰ্মা (অধিনায়ক), কাজল শ্ৰেষ্ঠ, ৰুবিনা ছেত্ৰী, শ্বৱনম ৰায়, সীতা ৰাণা মগৰ, পূজা মাহাতো, বিন্দু ৰাৱাল, ৰোমা থাপা, মমতা চৌধুৰী, কবিতা যোশী, কবিতা কুঁৱৰ ।

লগতে পঢ়ক :নৱনিযুক্ত প্ৰশিক্ষক গৌতম গম্ভীৰৰ সৈতে শ্ৰীলংকাত উপস্থিত ভাৰতীয় দল - TEAM INDIA REACHED SRI LANKA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.