ETV Bharat / sports

চক দে ইণ্ডিয়া: এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপত ভাৰতৰ বিৰুদ্ধে পৰাস্ত চীন - ASIAN HOCKEY CHAMPIONSHIP 2024

India beat china: ৰাজগীৰত অনুষ্ঠিত মহিলা এছিয়ান চেম্পিয়নশ্বিপ 2024 ৰ চতুৰ্থ দিনা ভাৰতৰ হাতত পৰাস্ত চীন ৷ দলটোৱে একেৰাহে চতুৰ্থটো জয় সাব্যস্ত কৰে ।

ASIAN HOCKEY CHAMPIONSHIP 2024
ভাৰতৰ বিৰুদ্ধে পৰাস্ত চীন (ETV Bharat)
author img

By ETV Bharat Sports Team

Published : Nov 17, 2024, 5:18 PM IST

স্প’ৰ্টছ ডেস্ক: শনিবাৰে সন্ধিয়া বিহাৰৰ ৰাজগীৰত মহিলা হকী এছিয়ান চেম্পিয়নশ্বিপত ভাৰতে চীনক 3-0 গ'লত পৰাস্ত কৰে । এই জয়ৰ সৈতে দলটোৱে প্ৰতিযোগিতাখনত ধাৰাবাহিকভাৱে চতুৰ্থটো জয় সাব্যস্ত কৰে ৷

বৃহস্পতিবাৰে সন্ধিয়া ভাৰতে থাইলেণ্ডক 13-0 গ'লত পৰাস্ত কৰি হেইট্ৰিক অৰ্জন কৰে । প্ৰতিযোগিতাখনত এয়া আছিল চীনৰ প্ৰথম পৰাজয় । খেলখনৰ প্ৰথমটো গ'ল প্ৰদান কৰে কুমাৰী সংগীতাই, দ্বিতীয়টো গ'ল অধিনায়ক চেলিমা টেটে প্ৰদান কৰাৰ পিছত তৃতীয়টো গ'ল কৰে দীপিকা কুমাৰীয়ে ৷

চেলিমা টেটেক খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয় ৷ খেলৰ সময়ত ষ্টেডিয়ামত উপস্থিত দৰ্শকে খেলুৱৈসকলক যথেষ্ঠ উৎসাহ প্ৰদান কৰা দেখা যায় ৷

কেনেদৰে প্ৰস্তুত কৰিছিল ৰণনীতি

ভাৰতৰ মহিলা হকী দলৰ অধিনায়ক চেলিমা টেটে সদৰী কৰা অনুসৰি, শনিবাৰৰ খেলখন তেওঁৰ দলৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল । "আমি এটা দল হিচাপে একেলগে কঠোৰ পৰিশ্ৰম কৰিছিলো আৰু এখন ভাল খেল খেলিছিলো । আমাৰ সহযোগিতা আৰু সমৰ্পণ চমকপ্ৰদ আছিল । আমি চীনক 3-0 ত পৰাস্ত কৰিছো, যাৰ ফলত আমাৰ বহু ভাল অনুভৱ হৈছে" বুলি টেটে প্ৰকাশ কৰে ।

চীনৰ বিৰুদ্ধে খেলখনৰ বিষয়ে সোধাত তেওঁ কয়, "আমি অতি আত্মবিশ্বাসী আছিলো যে আমি আমাৰ পৰিকল্পনা অনুসৰি খেলিম আৰু জিকিম" । ভাৰতৰ পৰৱৰ্তী খেলখন জাপানৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব ।

"আমি পৰৱৰ্তী খেলখনৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত । অধিক উন্নত প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিম । আমি আমাৰ ত্ৰুটিবোৰ চিনাক্ত কৰিবলৈ আৰু পৰৱৰ্তী খেলখনত উন্নতি কৰিবলৈ ভিডিঅ' চাই প্ৰতিখন খেল বিশ্লেষণ কৰো" - ভাৰতৰ হকী দলটোৰ অধিনায়ক চেলিমা টেটে এনেদৰে কয় ৷

টেটে লগতে কয়, "দলটোৱে শনিবাৰে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে । দলটোৰ ভিতৰত ইজনে সিজনৰ খেল বুজি পোৱা আৰু একেলগে সময় কটোৱাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল, যিয়ে দলটোক অনুপ্ৰাণিত কৰাত সহায় কৰে" ।

চীনৰ বিৰুদ্ধে তিনিটা গ’লত জয়ৰ পৰিসংখ্যা সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "এয়া এটা গ'লৰ দ্বাৰা জয় হওঁক বা পাঁচটাত হওঁক, জয় হৈছে জয় । তেওঁ বল নিয়ন্ত্ৰণৰ কিছুমান ত্ৰুটি স্বীকাৰ কৰিছিল আৰু কৈছিল যে এইটো সমাধান কৰা হ'ব ।

লগতে পঢ়ক: কমনৱেলথ গেমছ 2026ত ভাৰতৰ পদক জয়ৰ আশাত ডাঙৰ আঘাত, কাৰণটো হ’ল…

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.