ETV Bharat / sports

বি চি চি আইৰ পুৰস্কাৰৰ ধনৰ পৰা প্ৰতিজন খেলুৱৈয়ে কিমান কোটিকৈ পাব ? কি পাব ৰিজাৰ্ভ খেলুৱৈয়ে ? - Indian Cricket team Prize Money

Indian Cricket team Prize Money: টি-২০ বিশ্বকাপ ২০২৪ ত ভাৰতীয় ক্ৰিকেট দল চেম্পিয়ন হোৱাৰ পিচত বি চি চি আয়ে ১২৫ কোটি টকাৰ সৰ্ববৃহৎ ক্ৰীড়া পুৰস্কাৰ ঘোষণা কৰিছিল । এই ধনৰাশিৰ পৰা কোন খেলুৱৈয়ে কিমান ধন লাভ কৰিব, কাক কাক দিয়া হ’ব পুৰস্কাৰৰ ধনৰাশি ৷ জানিবলৈ পঢ়ক সম্পূৰ্ণ খবৰ..

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 5:45 PM IST

Indian Cricket team Prize Money
বিচিচিআইৰ পুৰস্কাৰৰ ধনৰ পৰা প্ৰতিজন খেলুৱৈয়ে ইমান কোটি টকা পাব (ETV BHARAT ASSAM)

স্প’ৰ্টছ ডেস্ক, ৮ জুলাই: ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলৰ টি-২০ বিশ্বকাপ জয়ৰ পিচত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বিশ্ব চেম্পিয়নসকলৰ বাবে ১২৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰে ৷ বি চি চি আইৰ এই ঘোষণাৰ পাচৰে পৰা সকলোৰে মাজত জল্পনা-কল্পনা চলিছিল, কোনজন খেলুৱৈয়ে নগদ কিমান ধন লাভ কৰিব তথা কিমান টকা দিয়া হ’ব যশস্বী জয়ছোৱাল, সঞ্জু চেমছন আৰু যুজবেন্দ্ৰ চাহালক, যি তিনিগৰাকী খেলুৱৈয়ে এখনো মেচত অৱৰ্তীণ হ’বলৈ সক্ষম নহ’ল ৷

লগতে পঢ়ক: 7 ৰাণত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ৰোহিত বাহিনীয়ে ৰচিলে বিজয়ৰ ইতিহাস; প্লেয়াৰ অৱ দ্য মেচ কোহলী, প্লেয়াৰ অৱ দ্য টুৰ্ণামেন্ট বুমৰাহ - IND vs SA Final

এক প্ৰতিবেদন অনুসৰি ১২৫ কোটি টকাৰ ভিতৰত ১৫ গৰাকী খেলুৱৈয়ে লাভ কৰিব ৫ কোটি টকাকৈ । এনে পৰিস্থিতিত বেঞ্চত বহি থকা তিনিজন খেলুৱৈক খেলা খেলুৱৈৰ সমান ধন বিতৰণ কৰা হ’ব সেয়া স্পষ্ট হৈ পৰিছে । উল্লেখ্য যে, প্ৰতিযোগিতাখনৰ পূৰ্বে আয়াৰলেণ্ডৰ বিৰুদ্ধে হোৱা ৱাৰ্মআপ খেলখনত চেমছন আৰু জয়ছৱালে খেলিবলৈ সুযোগ পাইছিল যদিও সেই খেলখনতো চাহালে নিজৰ প্ৰদৰ্শন দেখুৱাত ব্যৰ্থ হয় ৷ চাহালক ২০২২ চনৰ টি-২০ বিশ্বকাপ দলতো নিৰ্বাচিত কৰা হৈছিল যদিও তাতো তেওঁ কোনো খেল খেলা নাছিল ।

সহায়ক-কৰ্মচাৰীয়ে পাব এই পৰিমাণৰ ধনৰাশি:

বি চি চি আইৰ পুৰস্কাৰৰ ধনৰ ভিতৰত মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোৰ, ফিল্ডিং প্ৰশিক্ষক টি দিলীপ আৰু বলিং প্ৰশিক্ষক পৰশ মহম্ব্ৰেক ২.৫ কোটি টকাকৈ প্ৰদান কৰা হ’ব । অধ্যক্ষ অজিত আগৰকাৰকে ধৰি জ্যেষ্ঠ বাছনি সমিতিৰ পাঁচজন সদস্যক ১ কোটি টকাকৈ দিয়া হ’ব । খেলুৱৈ আৰু প্ৰশিক্ষকৰ উপৰিও অন্যান্য কৰ্মচাৰীকো পুৰস্কৃত কৰা হ’ব । তিনিজন ফিজিঅ’থেৰাপিষ্ট, তিনিজন থ্ৰ’ডাউন বিশেষজ্ঞ, দুজন মালিচ বিশেষজ্ঞ আৰু শক্তি আৰু কণ্ডিচনিং প্ৰশিক্ষকেও লাভ কৰিব পুৰস্কাৰৰ ধন ।

লগতে পঢ়ক: টীম ইণ্ডিয়াক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ, প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক বিশেষ ধন্যবাদ - T 20 WORLD CUP 2024

ৰিজাৰ্ভ খেলুৱৈসকলে কি পাব?

ৰিজাৰ্ভ খেলুৱৈ হিচাপে ভ্ৰমণ কৰা চাৰিজন বেটছমেন ৰিংকু সিং আৰু শুভমন গিল, বেগী বলাৰ আৱেশ খান আৰু খলিল আহমেদকো ১ কোটি টকাকৈ ধন প্ৰদান কৰা হ’ব । ভাৰতীয় দলটোত মুঠ ৪২ জন লোকে বিশ্বকাপৰ বাবে যাত্ৰা কৰিছিল । যদিহে প্ৰতিবেদন বিশ্বাস কৰা হয় তেন্তে দলটোৰ ভিডিঅ’ বিশ্লেষক, সংবাদ মাধ্যমৰ বিষয়া আৰু দলৰ লজিষ্টিক মেনেজাৰকে ধৰি দলটোৰ সৈতে যাত্ৰা কৰা বি চি চি আইৰ সকলো কৰ্মচাৰীসকলক পুৰস্কৃত কৰা হ’ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.