ETV Bharat / sports

পেৰিছ পেৰালিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ দৰ্শনীয় এণ্ট্ৰি: ভাগ্যশ্ৰী যাদৱ, সুমিত এণ্টিলে কঢ়িয়ালে ধ্বজা - PARIS PARALYMPICS 2024

author img

By ETV Bharat Sports Team

Published : Aug 29, 2024, 3:52 PM IST

Paris Paralympics 2024 opening ceremony: বুধবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে পেৰিছ পেৰালিম্পিক গেমছ । এই উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলটোৱে এক সুকীয়া শৈলীৰে অনুষ্ঠানত প্ৰৱেশ কৰে ৷ ভাৰতীয় খেলুৱৈৰে গঠিত দলটোক নেতৃত্ব প্ৰদান কৰে সুমিত এণ্টিল আৰু ভাগ্যশ্ৰী যাদৱে ।

PARIS PARALYMPICS 2024
পেৰিছ পেৰালিম্পিকৰ উদ্বোধনী অনুষ্ঠান (AFP Photo)

স্প’ৰ্টছ ডেস্ক, 29 আগষ্ট: ৰং আৰু আশাৰে পৰিপূৰ্ণ এক আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজেৰে বুধবাৰৰে পৰা আৰম্ভ হৈছে পেৰিছ পেৰালিম্পিক 2024 ৷ ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা 84 জনীয়া দলটোক নেতৃত্ব প্ৰদান কৰি ধ্বজা কঢ়িয়াইছিল ভাগ্যশ্ৰী যাদৱ আৰু সুমিত এণ্টিলে ৷ ইয়াৰ পূৰ্বে টকিঅ’ পেৰালিম্পিকত 54 জন খেলুৱৈয়ে ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছিল ।

পেৰিছ পেৰালিম্পিকৰ দৰ্শনীয় উদ্বোধনী অনুষ্ঠান

"চিটি অৱ লাইটে" খ্যাত পেৰিছ চহৰত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে পেৰালিম্পিক গেমছ ৷ পেৰিছে তৃতীয়বাৰৰ বাবে অলিম্পিক আয়োজন কৰাৰ 17 দিন পিছত আৰম্ভ হৈছে এই ক্ৰীড়া প্ৰতিযোগিতা । বিগত 26 জুলাইত অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ দৰে পেৰালিম্পিক উদ্বোধনী অনুষ্ঠানো ষ্টেডিয়ামৰ বাহিৰত অনুষ্ঠিত হৈছিল ।

বিগত এমাহ পূৰ্বে অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছিল ছেইন নদীৰ পাৰত ৷ য’ত 'নেশ্যনছ পেৰেড' ফ্ল’টিং পেৰেডো অনুষ্ঠিত হৈছিল ৷ আনহাতে, বাকী অনুষ্ঠানটো আইফেল টাৱাৰ আৰু ট্ৰোকাডেৰ’ পেলেচত অনুষ্ঠিত হৈছিল ।

অৱশ্যে পেৰালিম্পিকৰ উদ্বোধনী অনুষ্ঠানটো প্ৰায় সম্পূৰ্ণৰূপে প্লেচ ডি লা কনকৰ্ডত অনুষ্ঠিত হৈছিল । চেম্পছ-এলয়চীৰ নিকটতম স্থানটোতে খেলুৱৈসকলে পেৰেড আৰম্ভ কৰে, য’ৰ পৰা ভাৰতীয় দলটোৱে মুখ্য স্থানলৈ যাত্ৰা কৰে ।

অৱশ্যে, দুয়োটা উদ্বোধনী অনুষ্ঠানৰ বিশেষত্ব এয়াই আছিল যে, দুয়োটাই জাৰ্ডিন ডি টুইলেৰিজত উষ্ম বতাহ বেলুনৰ সৈতে সংলগ্ন এটা চাকি জ্বলাই সামৰণি মাৰিছিল ।

টীম ইণ্ডিয়াৰ দৰ্শনীয় প্ৰৱেশ

অনুষ্ঠানটোৰ অন্যতম আকৰ্ষণ আছিল চেম্পছ-এলয়চিৰ পৰা প্লেচ ডি লা কনকৰ্ডলৈ ভাৰতীয় দলৰ প্ৰৱেশ ৷ যাক ষ্টেণ্ডত উপস্থিত থকা দুয়োফালৰ লোকে বিশেষকৈ ভাৰতীয় দৰ্শক আৰু বিষয়াসকলে আন্তৰিক প্ৰশংসাৰে আদৰণি জনায় ।

পেৰিছ পেৰালিম্পিকৰ উদ্বোধনী অনুষ্ঠানত জেভলিন থ্ৰ’য়াৰ সুমিত এণ্টিল আৰু শ্বট-পুটাৰ ভাগ্যশ্ৰী যাদৱে ভাৰতীয় দলটোৰ ধ্বজাবাহক হিচাপে নেতৃত্ব প্ৰদান কৰে ৷ এণ্টিলে টকিঅ’ পেৰালিম্পিক 2020 ত সোণৰ পদক জয় কৰিছিল ৷ খেলুৱৈগৰাকীৰ লক্ষ্য হৈছে একেৰাহে পেৰালিম্পিকত স্বৰ্ণপদক জয় কৰা ।

সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আশা

পেৰালিম্পিক 2024 ত ভাৰতক প্ৰতিনিধিত্ব কৰিছে 84 জন খেলুৱৈয়ে ৷ যাৰ বাবে দেশখনে সৰ্বশ্ৰেষ্ঠ পদক অৰ্জন কৰাৰ আশা পুহি ৰাখিছে ৷ চাৰিবছৰ পূৰ্বে টকিঅ’ত ভাৰতে লাভ কৰিছিল 19 টাকৈ পেৰাসিম্পিক পদক ৷ 1968 চনত ভাৰতে পেৰালিম্পিকত আত্মপ্ৰকাশ কৰাৰ পিছত এয়া সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হিচাপে গণ্য কৰা হৈছে ।

লগতে পঢ়ক: তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ আন এক ভিডিঅ’ ভাইৰেল: শুভমন গিলক কঠোৰ সমালোচনা - VIRAT KOHLI VIRAL VIDEO

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.