ETV Bharat / sports

সকলোৱে নিজৰ ভূমিকা পালন কৰিব বিচাৰে; ইংলেণ্ডৰ বিৰুদ্ধে মেচৰ পূৰ্বে ৰোহিত শৰ্মা - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 12:41 PM IST

Rohit Sharma on T20 WC Semi Final : চলিত টি-২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেলত বৃহস্পতিবাৰে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতে গায়েনাত বৰ্তমান চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । মেচখনৰ পূৰ্বে অনুষ্ঠিত সংবাদমেলত মুম্বাইকাৰে বিপক্ষক এটা ভাল দল হিচাপে উল্লেখ কৰি কয় যে এই মেচখন এখন উপভোগ্য মেচ হ'ব । এই সন্দৰ্ভত মীনাক্ষি ৰাওৰ প্ৰতিবেদন ।

Rohit Sharma on T20 WC Semi Final
ৰোহিত শৰ্মা (ETV Bharat)

স্পৰ্টছ ডেস্ক, ২৭ জুন : ব্যক্তিগত প্ৰদৰ্শনক লৈ বহুত বেছি আগ্ৰহী নহয় ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা । তেওঁ বিচাৰে যে প্ৰতিগৰাকী খেলুৱৈয়ে তেওঁকলোকক প্ৰদান কৰা ভূমিকা পালন কৰাত অৰিহণা যোগাব । আৰু সেইটোৱেই হৈছে চলিত টি-২০ বিশ্বকাপত এতিয়ালৈকে ভাৰতৰ বিজয়ৰ ধাৰা অব্যাহত থকাৰ আঁৰৰ কাৰণ ।

বুধবাৰে গায়েনা নেচনেল ষ্টেডিয়ামত প্ৰাক-ছেমি ফাইনেল সংবাদমেল সম্বোধন কৰি ৰোহিত শৰ্মাই এনেদৰে কয় । উল্লেখ্য যে বৃহস্পতিবাৰে চলিত টি-২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেলত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে খেলিব ।

সংবাদমেলত ৰোহিতে কয়, "মই বাংলাদেশৰ মেচখনক নিখুঁত বুলি ক'ম । মাত্ৰ এজনে ৫০ ৰাণ কৰিছিল আৰু বাকীসকলে ২০-৩০ ৰাণৰ অৱদান আগবঢ়াইছিল । তথাপিও আমি 196 ৰাণ সংগ্ৰহ কৰিছিলো, যিটো এটা ভাল স্ক'ৰ আছিল । সকলোৱে তেওঁলোকক প্ৰদান কৰা ভূমিকা পালন কৰিব লাগিব আৰু তেতিয়াহে লক্ষ্যত উপনীত হোৱাৰ দিশে আগবাঢ়িব পৰা যায় । যদি কোনোবাই 70, 90 বা 100 ৰাণ কৰে সেয়া ভাল কথা । কিন্তু মই বিচাৰোঁ যে সকলোৱে তেওঁলোকক দিয়া ভূমিকাবোৰ ভালদৰে পালন কৰক ।"

অধিনায়কজনে গায়েনা ভাৰতৰ বাবে এক সুবিধাজনক স্থান বুলিও মত পোষণ কৰে । "এইসকল ক্ৰিকেটাৰৰ বহুতে বিভিন্ন ধৰণৰ স্থানত খেলিছে । কিন্তু অন্তিম ক্ষণত ক্ৰিকেট মেচ এখন জিকিবলৈ ভাল ক্ৰিকেট খেলিবই লাগিব । মই তেনেদৰেই ভাবোঁ ।" তেওঁ কয় ।

আনহাতে, পাকিস্তানৰ অভিজ্ঞ ইনজামাম-উল-হকে অৰ্শদীপ সিঙৰ ওপৰত বল টেম্পাৰিঙৰ অভিযোগ অনা সন্দৰ্ভত প্ৰশ্ন কৰাত ৰোহিত শৰ্মাই হাঁহি হাঁহি কয়, "এইটো এক হাস্যকৰ দৃষ্টিভংগী । ইয়াত গৰম আৰু শুকান পিটচ আছে । যদি তেওঁ ইয়াত ৰিভাৰ্চ চুইং নকৰে, তেন্তে ক'ত কৰিব ? ইয়াত বল স্বাভাৱিকভাৱেই ৰিভাৰ্চ হয় । এইটো সকলো দলৰ বলাৰৰ বাবেই হয় । আমি ইংলেণ্ড বা দক্ষিণ আফ্ৰিকাত খেলি থকা নাই । মনটো অলপ বিশাল কৰিব লাগিব । মই সেইটোৱে ক'ম ।"

লগতে পঢ়ক :ভাৰতৰ সৈতে গভীৰ সম্পৰ্ক নিহিত আছে গুয়েনাৰ ক্ৰিকেট ইতিহাসত - T20 WORLD CUP 2024

উল্লেখ্য, টি-২০ বিশ্বকাপৰ অন্তিমটো সংস্কৰণত ভাৰত ইংলেণ্ডৰ হাতত পৰাজিত হৈছিল । কিন্তু ৰোহিতে সেই কথা এতিয়া মনত ৰাখিব খোজা নাই । অৱশ্যে উক্ত মেচখনৰ পৰা এই দুটা বছৰত দলটোৰ বাবে কি পৰিৱৰ্তন হৈছে নেকি বুলি সোধাত তেওঁ প্ৰশ্নটো এৰাই চলে ।

"যেতিয়াই কোনো আন্তঃৰাষ্ট্ৰীয় মেচৰ ওচৰ চাপো, আমি মুক্ত মনেৰে খেলিব চেষ্টা কৰো, সেয়া টি-২০ হওক বা এদিনীয়া মেচ । ই পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে । পৰিস্থিতিৰ পৰায়ে প্ৰত্যাহ্বান আহে । নিউয়ৰ্ক বেলেগ আছিল । ইয়াত বেলেগ আছে । আমি এইটোৱে ক'ব বিচাৰো যে নিৰ্দিষ্ট পৰিৱেশ আৰু পৰিস্থিতিত কোনে কেনেদৰে খাপ খাব পাৰে সেইটোৱে মূল কথা ।" ভাৰতীয় অধিনায়কজনে লগতে কয় ।

আনহাতে, ভাৰতে ইংলেণ্ডক ভয় কৰিছে নেকি বুলি সোধা এক প্ৰশ্ন প্ৰত্যাখ্যান কৰি ৰোহিত শৰ্মাই কয়, "আমি এই বিষয়ে কথা নাপাতো আৰু অতীজত কি ঘটিছিল সেই বিষয়ে চিন্তা নকৰো । আমি যি কৰি আছোঁ তাৰ পৰা আগবাঢ়ি যোৱাটো গুৰুত্বপূৰ্ণ । হয়, আমি চাপত আছোঁ আৰু আমি বেছি আগলৈ চিন্তা কৰা নাই (ফাইনেলৰ বিষয়ে) । যদি আমি অত্যধিক চিন্তা কৰোঁ, তেন্তে আমি ল'ব বিচৰা সিদ্ধান্তবোৰ ল'ব নোৱাৰিম । এই সন্দৰ্ভত খেলুৱৈসকলৰ সৈতে আমাৰ পৰ্যাপ্ত আলোচনা হৈছে ।"

উল্লেখ্য যে ব্যক্তিগত শক্তিৰে কাম কৰাৰ উপৰি ৰোহিত শৰ্মাই দলৰ সদস্যসকলৰ সৈতে শীতল আৰু শান্ত হৈ থকাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰিবলৈ সময় অতিবাহিত কৰি আহিছে ।

"এইটোৱে মোৰ বাবে বহু বছৰ ধৰি কাম কৰি আহিছে । মই জানো যে মই খেলপথাৰত সিদ্ধান্ত ল'ব লাগিব । কেতিয়াবা আপুনি আপোনাৰ শীতলতা হেৰুৱাব পাৰে, কিন্তু মই ইয়াক সহায় কৰিব নোৱাৰো । মই সকলোৰে সৈতে কথা পাতিছোঁ । মই খেলুৱৈসকলে বিচৰা কামটো কৰিবলৈ সুখী, কিন্তু যদি ডাঙৰ মূল্য ভৰিবলগা হয়, তেন্তে মই সেইটো হ'বলৈ দিব নোৱাৰো ।" কেপ্টেইন কুল ৰোহিত শৰ্মাই কয় ।

"ভাৰতীয় দলটো সদায় চাপত থাকে । এইটো এক সত্য । মই খেলিবলৈ আৰম্ভ কৰাৰ পূৰ্বে পৰা আৰু পিচতো এইটো দলত আছিল আৰু আছে । আমি হোটেলৰ কোঠাত অলপ শান্ত হ'ব বিচাৰোঁ আৰু অত্যধিক উত্তেজিত হ'ব নিবিচাৰোঁ । মেচখন অহাৰ সময়তহে আমি তাৰ বিষয়ে চিন্তা কৰিম । আমি ব্যক্তিগত সিদ্ধান্তবোৰ সমৰ্থন কৰিম... কিছু ব্যক্তিয়ে কিছুমান নিৰ্দিষ্ট কাম কৰিবলৈ চেষ্টা কৰে, আমি তেওঁলোকক সমৰ্থন কৰিম ।" তেওঁ কয় ।

লগতে পঢ়ক :আফগানিস্তানৰ স্বপ্নভংগ, টি 20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ দক্ষিণ আফ্ৰিকাৰ - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.