ETV Bharat / sports

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে বিৰাটৰ অৱসৰ...! সামাজিক মাধ্যমৰ পোষ্ট ভাইৰেল

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় দলৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ এটা পোষ্ট ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ।

VIRAT KOHLI SOCIAL MEDIA POST
বিৰাট কোহলী (ANI Photo)
author img

By ETV Bharat Sports Team

Published : 4 hours ago

স্প’ৰ্টছ ডেস্ক: ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত 5 খন মেচৰ টেষ্ট শৃংখলাৰে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী আৰম্ভ হ’ব 22 নৱেম্বৰৰ পৰা । শৃংখলাৰ প্ৰথমখন খেল পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । ভাৰতীয় খেলুৱৈসকলে এই খেলখনৰ বাবে কঠোৰ প্ৰস্তুতি চলাইছে ।

এই সকলোবোৰৰ মাজতে বিৰাট কোহলীৰ এটা পোষ্ট সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীৰ মাজত ভাইৰেল হৈ পৰে । 20 নৱেম্বৰত বিৰাটে নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত এনে এটা পোষ্ট শ্বেয়াৰ কৰি উন্মাদনা সৃষ্টি কৰিছিল অনুৰাগীৰ মাজত ৷ অনুৰাগীসকলেও এই পোষ্টটোত বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছিল ৷

VIRAT KOHLI SOCIAL MEDIA POST
বিৰাটৰ অৱসৰ ? (ANI Photo)

বিৰাট কোহলীৰ এই পোষ্টে সৃষ্টি কৰে আলোড়ন

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে বিৰাট কোহলীয়ে নিজৰ ব্ৰেণ্ডৰ প্ৰচাৰৰ বাবে এটা পোষ্ট সামাজিক মাধ্যমৰ জৰিয়তে আপলোড কৰিছিল ৷ কিন্তু অনুৰাগীসকলে কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ উদ্দেশ্যে আপলোড কৰা পোষ্ট বুলি ইয়াক গণ্য কৰে ৷

একাংশ অনুৰাগীয়ে বিৰাটে পত্নী অনুষ্কা শৰ্মাৰ সৈতে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লোৱা বুলিও ধাৰণা কৰে ৷ আচলতে ৰঙীন মেজাজৰ বিৰাটে বগা বেকগ্ৰাউণ্ডত কিছু লিখনীৰে শ্বেয়াৰ কৰিছিল এটা পোষ্ট ৷ কিন্তু সকলোৱে ইয়াক ভুল বুজিবলৈ আৰম্ভ কৰে ।

কিন্তু এই কথাও সঁচা যে, যেতিয়া বিৰাটে টেষ্ট ফৰ্মেটৰ পৰা অধিনায়কত্ব ত্যাগ কৰিছিল, তেতিয়া তেওঁ কেৱল বগা বেকগ্ৰাউণ্ডত লিখা পোষ্টহে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল ।

পোষ্টটোত কি লিখা হৈছিল

বিৰাটে নিজৰ পোষ্টটোত লিখিছে এনেদৰে, "পিছলৈ ঘূৰি চালে আমি দেখিবলৈ পাওঁ যে, আমি সদায় আনতকৈ অলপ বেলেগ আছিলো । আমাক ফিট কৰিবলৈ চেষ্টা কৰা কোনো বাকচত আমি কেতিয়াও সোমাব নোৱাৰো । মিল নথকা দুজন কেৱল ইজনে-সিজনৰ প্ৰতি আকৰ্ষিত হৈছিলো । সময়ৰ লগে লগে আমি সলনি হৈছিলো, কিন্তু সদায় নিজৰ মতে কাম কৰিছিলো । কিছুমানে আমাক পাগল বুলি কৈছিল, বহুতে বুজি পোৱা নাছিল । কিন্তু সঁচা কথা ক’বলৈ গ’লে আমি একো গুৰুত্ব নিদিলো । দহ বছৰৰ উত্থান-পতন আনকি কৰ’ণা মহামাৰীয়েও আমাক জোকাৰিব নোৱাৰিলে । যদি আমি বেলেগ অনুভৱ কৰিছিলো, তেন্তে সেয়া আছিল আমাৰ শক্তি" ।

পোষ্টটোত অনুৰাগীয়ে দিয়া মন্তব্য

অনুৰাগীয়ে বিৰাট কোহলীৰ এই পোষ্টটো সম্পূৰ্ণৰূপে পঢ়া নাছিল আৰু মন্তব্য কৰিবলৈ আৰম্ভ কৰিছিল

  • এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, "ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে অৱসৰ" ।
  • আন এজন অনুৰাগীয়ে লিখিছিল, "মোক মিনি হাৰ্ট এটেক দিয়ক"
  • আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, "এইদৰে মানুহে আপোনাৰ অৱসৰৰ পোষ্টটোক প্ৰচাৰমূলক পোষ্ট বুলি ভুল কৰিব ৷ আপোনাৰ মেনেজাৰ/ফণ্ট/বেকগ্ৰাউণ্ড সলনি কৰক" ৷

লগতে পঢ়ক: অদ্ভুত সিদ্ধান্ত পাকিস্তানৰ; এখনো আন্তঃৰাষ্ট্ৰীয় মেচ নেখেলা ক্ৰিকেটাৰক বেটিং প্ৰশিক্ষকৰ দায়িত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.