ETV Bharat / sports

অৱসৰৰ প্ৰসংগত ইউ টাৰ্ণ বিনেশ ফোগাটৰ: গাঁওবাসীয়ে বিশাল আদৰণি জনোৱাৰ পিছতে কৰিলে এই মন্তব্য - VINESH PHOGAT

author img

By ETV Bharat Sports Team

Published : Aug 18, 2024, 2:29 PM IST

Vinesh Phogat Retirement U-turn: পদক অবিহনে পেৰিছ অলিম্পিক 2024 ৰ পৰা স্ব-গৃহলৈ উভতি অহা ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগাটক উষ্ম আদৰণি জনাই গাঁওবাসীয়ে ৷ গাঁওবাসীৰ মৰমত অভিভূত হৈ পৰে খেলুৱৈগৰাকী ৷ যাৰ ফলত অৱসৰৰ সিদ্ধান্ত সলনি কৰাৰ সম্ভাৱনা আছে ভাৰতীয় মহিলা মল্লযোদ্ধাগৰাকীৰ ৷

VINESH PHOGAT
বিনেশ ফোগাট (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 18 আগষ্ট: পেৰিছ অলিম্পিক 2024 ত মহিলাৰ 50 কিল’গ্ৰাম মল্লযুদ্ধৰ ফাইনেলত অংশগ্ৰহণৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পিছত ভাৰতীয় মহিলা মল্লযোদ্ধা বিনেশ ফোগাটে শনিবাৰে উভতি আহে স্ব-গৃহলৈ ৷ তাৰ পৰা পোনে পোনে তেওঁ ৰাওনা হয় হাৰিয়ানাৰ চাৰ্খি দাদৰী জিলাত অৱস্থিত নিজ ঘৰলৈ ৷

মল্লযোদ্ধাগৰাকীৰ আগমনৰ লগে লগে গাঁওবাসীৰ পৰা লাভ কৰে এক উষ্ম আদৰণি ৷ ফোগাটৰ প্ৰতি জনসাধাৰণৰ নিস্বাৰ্থ মৰম দেখি মল্লযোদ্ধাগৰাকী অভিভূত হৈ পৰে ৷ এই মৰমৰ বাবেই অৱসৰৰ পৰা ৰিঙলৈ প্ৰত্যাৱৰ্তন ঘটোৱাৰ ইংগিত প্ৰদান কৰে মল্লযোদ্ধাগৰাকীয়ে ৷

অৱসৰৰ পৰা প্ৰত্যাৱৰ্তন ঘটোৱাৰ ইংগিত বিনেশ ফোগাটৰ

জনসাধাৰণৰ মৰম আৰু বিশাল অভ্যৰ্থনাত অভিভূত ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগাটে অৱসৰৰ পৰা প্ৰত্যাৱৰ্তন ঘটোৱাৰ ইংগিত প্ৰদান কৰিছে । নিজৰ গাঁৱত উপস্থিত হোৱাৰ পিছত বিনেশে কয়, "এই অলিম্পিক পদকটো এক গভীৰ আঘাত হৈ পৰিছে । ইয়াক পূৰণ কৰিবলৈ সময় লাগিব ৷ কিন্তু মই মোৰ দেশৰ লোকসকলক ধন্যবাদ দিব বিচাৰো । মই এতিয়া একো ক’ব নোৱাৰো যে, মই মল্লযুদ্ধ ত্যাগ কৰিলো নে ইয়াক অব্যাহত ৰাখিম ।"

ফোগাটৰ এই মন্তব্যৰ পৰা মল্লযোদ্ধাগৰাকীয়ে ৰিঙলৈ ঘূৰি অহাৰ আশা প্ৰকাশ কৰিব পাৰি ৷

এতিয়াও শেষ হোৱা নাই যুদ্ধ

বিনেশ ফোগাটে গাঁওবাসীসকলক সম্বোধন কৰি লগতে কৈছিল, "আমাৰ যুঁজ শেষ হোৱা নাই । মই সাময়িকভাৱেহে যুঁজৰ পৰা ওলাই আহিছো ৷ এয়া এক দীঘলীয়া যুঁজ, আমি যোৱা এবছৰ ধৰি ইয়াৰ বিৰুদ্ধে যুঁজ দি আহিছো আৰু ই অব্যাহত থাকিব" ৷

৮ আগষ্টত কৰিছিল অৱসৰ ঘোষণা

ভাৰতীয় মহিলা তাৰকা মল্লযোদ্ধা বিনেশ ফোগাটে 100 গ্ৰামৰ ওজন বৃদ্ধিৰ বাবে অযোগ্য ঘোষিত হোৱাৰ পিছত বিগত 8 আগষ্টত মল্লযুদ্ধৰ পৰা অৱসৰ ঘোষণা কৰিছিল ।

বিনেশে এক্সত প্ৰকাশ কৰা এটা পোষ্টত লিখিছিল, "মা কুষ্টি(মল্লযুদ্ধ) মোৰ বিৰুদ্ধে জিকিছিল, মই পৰাজিত হৈছিলো । মোক ক্ষমা কৰক, আপোনাৰ সপোন আৰু মোৰ সাহস ভংগ হৈছে । মোৰ এতিয়া আৰু শক্তি নাই । গুডবাই ৰেছলিং 2001-2024 । ক্ষমা কৰিব ৷ মই সদায় আপোনালোক সকলোৰে ওচৰত ঋণী হৈ থাকিম" ৷

ঠায়ে ঠায়ে আদৰণি বিনেশক

বিনেশ ফোগাটৰ গাঁও বালালী দিল্লীৰ পৰা মাত্ৰ চাৰে তিনি ঘণ্টাৰ দূৰত্বত হাৰিয়ানাৰ চাৰ্খি দাদৰী জিলাত অৱস্থিত । কিন্তু শনিবাৰে গাঁও পাবলৈ মলোযোদ্ধাগৰাকীক প্ৰয়োজন হৈছিল 12 ঘণ্টাতকৈও অধিক সময় । পুৱা প্ৰায় 10 বজাত দিল্লী বিমানবন্দৰ এৰা বিনেশে 12 ঘণ্টাতকৈও অধিক সময়ৰ পিছত উপস্থিত হৈছিল জন্মস্থানত ৷

এই সময়চোৱাত যাত্ৰাপথত হাৰিয়ানাৰ প্ৰতিখন গাঁৱতে তেওঁক জনোৱা হৈছিল সন্মান ৷ সেয়েহে তেওঁ ৰাজপথৰ সমীপত থিয় হৈ থকা পুৰুষ, মহিলা আৰু শিশুসকলক দেখি অভিভূত হৈ পৰে ।

লগতে পঢ়ক: নিজৰ অৱসৰক লৈ ডাঙৰ ঘোষণা বিনেশ ফোগাটৰ; পৰৱৰ্তী অলিম্পিকলৈ খেলাৰ ইচ্ছা - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.