ETV Bharat / sports

ৰাখীবন্ধনত বিনেশ ফোগাটক কি উপহাৰ দিলে ভাতৃয়ে ? জানিবলৈ চাওক এই ভিডিঅ’ - RAKSHABANDHAN 2024 - RAKSHABANDHAN 2024

Rakshabandhan 2024: ভাৰতৰ তাৰকা মল্লযোদ্ধা বিনেশ ফোগাটে শনিবাৰে ভাতৃৰ সৈতে উদযাপন কৰে ৰাখীবন্ধন ৷ মল্লযোদ্ধাগৰাকীক উপহাৰস্বৰূপে ভাতৃয়ে দিয়ে 500 টকীয়া নোটৰ বাণ্ডিল ৷ যাৰ ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷

VINESH PHOGAT CELEBRATES RAKHI
ভাতৃৰ সৈতে বিনেশ ফোগাট (IANS PHOTO)
author img

By ETV Bharat Sports Team

Published : Aug 19, 2024, 6:28 PM IST

স্প’ৰ্টছ ডেস্ক, 19 আগষ্ট: আজি সমগ্ৰ দেশতে ভাতৃ-ভগ্নীৰ উৎসৱ হিচাপে পৰিচিত ৰাখীবন্ধন অতি ধুমধামেৰে উদযাপন কৰা হৈছে । শনিবাৰে পেৰিছৰ পৰা ভাৰতলৈ উভতি অহা মল্লযোদ্ধা বিনেশ ফোগাটেও ভাতৃৰ সৈতে এই বিশেষ দিনটো উদযাপন কৰা পৰিলক্ষিত হৈছে ৷ উপহাৰ হিচাপে ভাতৃয়ে তেওঁক দিয়ে 500 টকীয়া নোটৰ এটা বাণ্ডিল ৷ যি বিশেষ মুহূৰ্তৰ ভিডিঅ'টো ইতিমধ্যে তীব্ৰগতিত ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ।

বিনেশ ফোগাটে উদযাপন কৰে ৰাখীবন্ধন

ভাৰতীয় তাৰকা মল্লযোদ্ধা বিনেশ ফোগাটে সোমবাৰে ভাতৃৰ সৈতে তেওঁৰ গাওঁ বালালীত থকা স্বগৃহত উদযাপন কৰে ৰাখীবন্ধন । সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ত বিনেশে ভাতৃৰ পৰা উপহাৰ হিচাপে 500 টকাৰ বাণ্ডিল লাভ কৰাৰ মুহূৰ্তটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে ৷ তাৰপিছতে দুয়ো ভাতৃ-ভগ্নীক বাৰ্তালাপ কৰি থকাও দেখা যায় ৷

উপহাৰ হিচাপে পালে নগদ ধন

বিনেশে ভিডিঅ’টোত কৈছিল, "এই টকা... মোৰ বয়স প্ৰায় 30 বছৰ । যোৱা বছৰো মোক 500 টকাৰ বাণ্ডিল দিছিল আৰু এতিয়া এয়া(নোটৰ এটা অংশ দেখুৱায়) । মোৰ হাতত থকা ধন হৈছে তেওঁৰ গোটেই জীৱনৰ উপাৰ্জন, যিবোৰ মোক দি দিছে ৷ ভাতৃ-ভগ্নীসকলক ধন্যবাদ" ৷

পেৰিছ অলিম্পিকত পদকৰ পৰা বঞ্চিত

মহিলাৰ ৫০ কিল’গ্ৰাম শাখাৰ ফাইনেলত 100 গ্ৰামতকৈ অধিক ওজন বৃদ্ধিৰ বাবে পেৰিছ অলিম্পিকৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পিছত বিনেশ শেহতীয়াকৈ সংবাদ মাধ্যমৰ চৰ্চালৈ আহে । তাৰপিছত তেওঁ 7 আগষ্টত যুটীয়া ৰূপৰ পদকৰ বাবে ক্ৰীড়াৰ বাবে মধ্যস্থতা আদালতত আবেদন দাখিল কৰে ৷ কিন্তু 14 আগষ্টত আদালতে এই আবেদন নাকচ কৰে ।

স্বদেশলৈ উভতি অহাৰ পিছত উষ্ম আদৰণি

অযোগ্য হোৱাৰ এদিন পিছত অৰ্থাৎ 8 আগষ্টত বিনেশে কুস্তিৰ পৰা অৱসৰ ঘোষণা কৰে । 17 আগষ্টত ফোগাটে অলিম্পিকত ভোগা বেদনাৰ পিছত পেৰিছৰ পৰা আৱেগিকভাৱে ভাৰতলৈ উভতি আহে । ইয়াৰ পিছত তেওঁক নতুন দিল্লীৰ পৰা হাৰিয়ানাৰ চাৰ্খি দাদৰী জিলাৰ গাঁও বালালীলৈ আহোতে জনোৱা হয় এক বিশাল আদৰণি ।

লগতে পঢ়ক: ফোগাটলৈ 16 কোটি টকাৰ পুৰস্কাৰ ! স্বামীয়ে জনালে প্ৰকৃত সত্য - VINESH PHOGAT PRIZE LIST

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.