ETV Bharat / sports

বিনেশ ফোগাটৰ পদক নিশ্চিত: অলিম্পিকৰ মল্লযুঁজৰ ফাইনেলত প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ - PARIS OLYMPICS 2024

author img

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 8:27 AM IST

INDIA at paris olympics: মঙলবাৰে ছেমি ফাইনেলৰ যুঁজত কিউবাৰ য়ুচনেলিছ গুজমান লোপেজৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত মল্লযুঁজাৰু বিনেশ ফোগাটে ভাৰতৰ বাবে নিশ্চিত কৰে এটা পদক । এই বিজয়ৰ সৈতে ফোগাটে অলিম্পিকত মল্লযুঁজৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয় ।

PARIS OLYMPICS 2024
বিনেশ ফোগাট (AP)

স্প’ৰ্টছ ডেস্ক, 7 আগষ্ট: পেৰিছ অলিম্পিকত অব্যাহত আছে ভাৰতীয় খেলুৱৈসকলৰ প্ৰদৰ্শন ৷ শেহতীয়াকৈ মল্লযুঁজৰ ক্ষেত্ৰখনৰ পৰা ভাৰতলৈ আহিছে সুখবৰ ৷ অলিম্পিকৰ মল্লযুঁজৰ ফাইনেলত উপনীত হৈছে ভাৰতীয় খেলুৱৈ বিনেশ ফোগাট ৷

ফোগাটৰ পদক নিশ্চিত হোৱাৰ লগে লগে অলিম্পিকত মল্লযুঁজৰ ফাইনেলত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৷ বিনেশে কিউবাৰ লোপেজ গুজমানক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ৷ মঙলবাৰে অনুষ্ঠিত মহিলাৰ 50 কিল’গ্ৰাম শাখাৰ ছেমি ফাইনেলত এই কৃতিত্ব লাভ কৰে খেলুৱৈগৰাকীয়ে ৷

বিনেশে খেলৰ আৰম্ভণিৰ পৰাই কিউবাৰ প্ৰতিদ্বন্দ্বীগৰাকীৰ বিৰুদ্ধে উন্নত প্ৰদৰ্শন দাঙি ধৰি আহিছিল ৷ আৰম্ভণিৰ কেইমিনিটমানতে প্ৰতিদ্বন্দ্বী কিউবানৰ খেলুৱৈগৰাকীক অত্যধিক চাপত পেলাইছিল ৷ চাপ প্ৰয়োগ কৰা স্বত্বেও কিন্তু বিনেশে খেলখনৰ প্ৰথম 2 মিনিটত কোনো পইণ্ট অৰ্জন কৰিব পৰা নাছিল ৷ পৰৱৰ্তী সময়ত খেলখন নিজৰ হাতলৈ সমৰ্থ হয় ভাৰতীয় খেলুৱৈগৰাকীয়ে ৷ কিউবাৰ প্ৰতিদ্বন্দীক 5-0 গ'লত পৰাস্ত কৰে ভাৰতীয় মল্লযুঁজাৰুগৰাকীয়ে ৷

এই জয়ৰ লগে লগে সুশীল কুমাৰ আৰু ৰবি কুমাৰ দাহিয়াৰ পিছত কোনো মেগা ইভেণ্টৰ বাবে যোগ্যতা অৰ্জন কৰা তৃতীয়গৰাকী ভাৰতীয় মল্লযুঁজাৰুত পৰিণত হ’ব বিনেশ ফোগাট ৷ যদি মল্লযুঁজাৰুগৰাকী ফাইনেলত জয়ী হয়, তেন্তে তেওঁ অলিম্পিকত ভাৰতৰ হৈ সোণৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয়ত পৰিণত হ'ব । ভাৰতীয় সময় অনুসৰি, বৃহস্পতিবাৰে নিশা ফাইনেলত ফোগাটে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছাৰাহ এন হিল্ডেব্ৰেণ্ডৰ সৈতে ৰিঙত মুখামুখি হ’ব ৷

মল্লযোদ্ধা সাক্ষী মালিকে এই সফলতাক এক আৱেগিক মুহূৰ্ত হিচাপে বৰ্ণনা কৰিছিল । "মোৰ বাবে এটা অতি আৱেগিক মুহূৰ্ত...কাইলৈ ফাইনেলত বিনেশৰ সোণৰ পদকৰ খেল । আজি বহু বছৰ ৰৈ থকাৰ পাছত বিনেশৰ সপোন বাস্তৱায়িত হৈছে আৰু তেওঁৰ সপোনৰ লগতে বিনেশেও মোৰ আৰু কোটি কোটি দেশবাসীৰ অসম্পূৰ্ণ সপোন পূৰণ কৰিছে । এই বিজয় নিশ্চিত আৰু আমাৰ সংগ্ৰামত আমাৰ সৈতে থিয় হোৱা সকলক অভিনন্দন । বিনেশক বহুত অভিনন্দন, 2016 ৰ ৰিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী সাক্ষীয়ে এনেদৰে এক্সত প্ৰকাশ কৰে ।

PARIS OLYMPICS 2024
সাক্ষী মালিকৰ এক্সৰ পোষ্ট (Sakshi Malik X post (AP))

দিনটোৰ আৰম্ভণিতে 29 বছৰীয়া মল্লযোদ্ধাগৰাকীয়ে চলিত পেৰিছ গেমছত বিশ্বৰ এক নম্বৰ আৰু টকিঅ' অলিম্পিকৰ স্বৰ্ণপদক বিজয়ী জাপানৰ য়ুই চুচাকিক পৰাস্ত কৰি কোৱাৰ্টাৰত স্থান সুৰক্ষিত কৰি মল্লযুদ্ধত সৰ্ববৃহৎ আঘাত হানে ৷ ভাৰতীয় খেলুৱৈগৰাকীয়ে চুচাকিক বিজয়ৰথৰ ঘোঁৰাৰ গতি স্তব্ধ কৰাৰ পূৰ্বে খেলুৱৈগৰাকীয়ে 82 খন খেলত অপৰাজিত বিজয় সাব্যস্ত কৰিছিল ৷ কোৱাৰ্টাৰ ফাইনেলত তেওঁ উক্ৰেইনিন মল্লযোদ্ধা ওকছানা লিভাঞ্চৰ বিৰুদ্ধে 7-5 ব্যৱধানত বিজয়ী হৈ ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল ।

টকিঅ' গেমছৰ ব্ৰঞ্জপদক বিজয়ী মল্লযোদ্ধা বজৰং পুনিয়াই মঙলবাৰে পেৰিছ অলিম্পিকত 29 বছৰীয়া বিনেশে তেওঁৰ প্ৰথমখন অলিম্পিক ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰাৰ পিছত, ভাৰতীয় বিশ্ব ফেডাৰেচন(ডব্লিউ এফ আই) ৰ প্ৰাক্তন মুৰব্বী ব্ৰীজভূষণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদৰ অন্যতম প্ৰধান সমৰ্থক, সহকৰ্মী মল্লযুঁজাৰু বিনেশ ফোগাটক "ভাৰতৰ সিংহী" বুলি অভিহিত কৰে ।

"বিনেশ ফোগাট হৈছে ভাৰতৰ সিংহী, যিয়ে আজি এখনৰ পিছত আনখন মেচ জিকিছিল । 4 বাৰৰ বিশ্ব চেম্পিয়ন আৰু ডিফেণ্ডিং অলিম্পিক চেম্পিয়নক পৰাস্ত কৰে । তাৰপিছত তেওঁ কোৱাৰ্টাৰ ফাইনেলত প্ৰাক্তন বিশ্ব চেম্পিয়নক পৰাস্ত কৰিছিল", পুনিয়াই তেওঁৰ এক্স হেণ্ডেলত এনেদৰে লিখিছিল ।

ব্ৰীজভূষণ শৰণ সিঙৰ বিৰুদ্ধে মহিলা মল্লযোদ্ধাসকলে উত্থাপন কৰা যৌন নিৰ্যাতনৰ অভিযোগৰ বিৰুদ্ধে যোৱা বছৰ দিল্লীত বজৰং পুনিয়া আৰু সাক্ষী মালিকৰ সৈতে ডব্লিউ এফ আইৰ প্ৰশাসন পৰিৱৰ্তনৰ বাবে মল্লযোদ্ধাসকলৰ প্ৰতিবাদৰ অন্যতম মুখ্য ব্যক্তি আছিল বিনেশ ।

"কিন্তু মই আপোনালোকক এটা কথা কওঁ । এই ছোৱালীজনীক নিজৰ দেশতে লথিয়াই আঘাত কৰা হৈছিল । এই ছোৱালীজনীক নিজৰ দেশৰ ৰাস্তাৰে চোঁচৰাই টানি নিয়া হৈছিল । এই ছোৱালীজনীয়ে পৃথিৱী জয় কৰিবলৈ গৈ আছে, কিন্তু তেওঁ এই দেশৰ শাসন ব্যৱস্থাৰ হাতত পৰাজিত হৈছে," পুনিয়াই লগতে কয় ।

লগতে পঢ়ক: মহিলা কুস্তিৰ ছেমি ফাইনেলত বিনেশ ফোগাট - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.