ETV Bharat / sports

খেলিছিল ভাৰতৰ হৈয়েই; পিছে দেশৰ মাটিতহে খেলি নাপালে এইসকল ক্ৰিকেটাৰে - UNLUCKY INDIAN CRICKETERS

Cricketers never played in India: ৰাষ্ট্ৰীয় দলৰ হৈ অভিষেক ঘটোৱাৰ পিছতো ভাৰতত কেতিয়াও আন্তঃৰাষ্ট্ৰীয় মেচ খেলি নাপালে একাংশ ভাৰতীয় ক্ৰিকেটাৰে ৷

UNLUCKY INDIAN CRICKETERS
ভাৰতীয় ক্ৰিকেটাৰ (IANS PHOTO)
author img

By ETV Bharat Sports Team

Published : Oct 14, 2024, 10:46 AM IST

স্প’ৰ্টছ ডেস্ক, 14 অক্টোবৰ: ভাৰতৰ ঘৰুৱা ক্ৰিকেটৰ গাঁথনি শক্তিশালী হোৱাৰ লগতে প্ৰতিভা প্ৰকাশৰ বাবে আছে এক বৃহৎ মঞ্চ ৷ ঘৰুৱা ক্ৰিকেটত উন্নত প্ৰদৰ্শন দাঙি ধৰা ভাৰতীয় ক্ৰিকেটাৰসকল সদায়ে থাকে নিৰ্বাচকৰ দৃষ্টিত ৷ এনেদৰে তেওঁলোকে জাতীয় দলত লাভ কৰে স্থান ৷ উদীয়মান খেলুৱৈক সাধাৰণতে বাংলাদেশ বা জিম্বাব’ৱেৰ দৰে দুৰ্বল দেশৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ বাবে স্থান দিয়া হয় ভাৰতীয় দলত ।

ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন দাঙি ধৰাৰ পিছতহে খেলুৱৈসকলে ৰাষ্ট্ৰীয় দলৰ লগতে বিদেশৰ মাটিত শৃংখলা খেলাৰ সুযোগ লাভ কৰে । অৱশ্যে এনে বহু উদাহৰণো আছে, যেতিয়া এজন ক্ৰিকেটাৰে ঘৰৰ বাহিৰত অভিষেক ঘটোৱাৰ সুযোগ লাভ কৰিছিল ৷ কিন্তু এনে একাংশ ক্ৰিকেটাৰে বিদেশত খেলিলেও লাভ কৰা নাছিল ঘৰৰ মাটিত খেলাৰ সুযোগ ৷

একাংশ ক্ৰিকেটাৰে বিদেশৰ মাটিত মাত্ৰ এখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল, আন কিছুমানে অধিকাংশ মেচত অংশগ্ৰহণ কৰিছিল । ভাৰতীয় দলৰ হৈ অভিষেক ঘটোৱা কিন্তু কেতিয়াও ভাৰতত খেলাৰ সুযোগ নোপোৱা সেইসকল খেলুৱৈৰ তালিকা তলত উল্লেখ কৰা হ’ল-

ফৈজ ফজল: ফৈজে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত বিদৰ্ভৰ হৈ খেলিছিল ৷ টীম ইণ্ডিয়াত অভিষেক ঘটোৱাৰ সুযোগ পোৱা ক্ৰিকেটাৰগৰাকীয়ে 2016 চনত হাৰাৰেত জিম্বাব’ৱেৰ বিৰুদ্ধে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল । ইয়াৰোপৰি 16 বছৰৰ ভিতৰত 30 বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈত পৰিগণিত হয় ফজল । অভিষেক মেচত 55 ৰাণৰ ইনিংছ খেলিছিল এইগৰাকী ক্ৰিকেটাৰে । মেচখনত অৰ্ধশতক অৰ্জন কৰাৰ পিছতো পৰৱৰ্তী সময়ত কোনো আন্তঃৰাষ্ট্ৰীয় মেচত খেলাৰ সুযোগ নাপালে ফৈজ ফজলে ৷

কেনিয়া জয়ন্তীলাল: হায়দৰাবাদ ৰঞ্জী দলৰ অন্যতম কিংবদন্তি খেলুৱৈ হিচাপে গণ্য কৰা কেনিয়াই ভাৰতৰ ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ সময়ত ৰিজাৰ্ভ অ’পেনিং বেটছমেন হিচাপে খেলিছিল । 1971 চনৰ শৃংখলাত সুনীল গাভাস্কাৰ আঘাতপ্ৰাপ্ত হোৱাৰ সময়ত দলৰ হৈ খেলিছিল যদিও অভিষেক মেচত মাত্ৰ 5 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল কেনিয়াই । তেওঁ মাত্ৰ এবাৰহে দেশক প্ৰতিনিধিত্ব কৰিছিল ৷ ঘৰুৱা ক্ৰিকেটত উন্নত প্ৰদৰ্শন দাঙি ধৰা এইগৰাকী ক্ৰিকেটাৰে 91 খন প্ৰথম শ্ৰেণীৰ মেচত 4,687 ৰাণ সংগ্ৰহ কৰিছিল ।

বাকা জিলানী: 1936 চনত ইংলেণ্ড ভ্ৰমণত ভাৰতৰ হৈ অভিষেক ঘটোৱা এই ক্ৰিকেটাৰগৰাকীয়ে 4 নট আউট আৰু 12 ৰাণৰ ইনিংছ খেলে । 1934–35 চনত ৰঞ্জী ট্ৰফীৰ উদ্বোধনী সংস্কৰণতো হেট্ৰিক অৰ্জন কৰা প্ৰথমগৰাকী বলাৰ হিচাপেও জিলানী পৰিচিত ।

পৱন নেগী: বাওঁহতীয়া স্পিনাৰগৰাকীয়ে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ বিৰুদ্ধে এছিয়া কাপ 2016 ত ভাৰতৰ হৈ একমাত্ৰ টি 20 মেচ খেলিছে । নেগীয়ে নিজৰ প্ৰদৰ্শনেৰে নিৰ্বাচকক আপ্লুত কৰিব নোৱাৰিলে ৷ যাৰ বাবে ভাৰতৰ হৈ খেলিবলৈ দ্বিতীয়বাৰ সুযোগ নাপালে এইগৰাকী খেলুৱৈয়ে ।

অভিজিত কালে: বম্বে চাৰ্কিটৰ অন্যতম আশাব্যঞ্জক খেলুৱৈ হিচাপে পৰিচিত অভিজিত কালে 2003 চনত ঢাকাত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত অভিষেক ঘটায় । পৰৱৰ্তী সময়ত ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে ভাৰতীয় নিৰ্বাচক কিৰণ মৰে আৰু প্ৰণৱ ৰায়ে ভাৰতীয় দলত স্থান পাবলৈ উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰে । অভিজিত কালে নিৰ্বাচকসকলক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰা বুলি স্বীকাৰ কৰে যদিও উৎকোচৰ অভিযোগ নাকচ কৰে । ইয়াৰ পিছত ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে 2003 চনৰ ডিচেম্বৰলৈকে জাৰি কৰা হয় নিষেধাজ্ঞা ।

অৰবিন্দ আপ্তে: প্ৰাক্তন অ’পেনিং বেটছমেনগৰাকীয়ে ঘৰুৱা ক্ৰিকেটত মুম্বাই ৰঞ্জী দলক প্ৰতিনিধিত্ব কৰিছিল । অৰবিন্দে 58 খন প্ৰথম শ্ৰেণীৰ মেচত অংশ লৈ 33.51 গড়ে 2782 ৰাণ সংগ্ৰহ কৰে । 1959 চনত লিড্ছত ইংলেণ্ডৰ বিৰুদ্ধে অভিষেক ঘটোৱা ক্ৰিকেটাৰগৰাকীয়ে মাত্ৰ 8 আৰু 7 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । 1972 চনলৈকে ঘৰুৱা শৃংখলাৰ খেলসমূহত অংশগ্ৰহণ কৰে অৰবিন্দ আপ্তেয়ে ৷

অজিত পাই: সোঁহতীয়া ওখ, ফাষ্ট বলাৰগৰাকীয়ে বম্বে ক্ৰিকেটৰ হৈ 1968–69 ছিজনত ৰঞ্জী ট্ৰফীত প্ৰথম শ্ৰেণীত অভিষেক ঘটায় । 1969 চনত নিউজিলেণ্ডৰ বিৰুদ্ধে তেওঁ একমাত্ৰ টেষ্ট মেচত অংশগ্ৰহণ কৰি দখল কৰিছিল কেইটামান গুৰুত্বপূৰ্ণ উইকেট ৷ ক্ৰীড়াক্ষেত্ৰ ত্যাগ কৰাৰ পিছত তেওঁ বেংক অৱ বৰোদাৰ স্থপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে ।

ৰমেশ ছাক্সেনা: দিল্লীৰ এইগৰাকী স্পিনাৰে ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণত অংশগ্ৰহণ কৰিছিল । 11 খন টেষ্ট মেচতো দলৰ অংশ আছিল ৰমেশ । অৱশ্যে 1967 চনত ইংলেণ্ডৰ বিৰুদ্ধে লিডছৰ হেডিংলিত তেওঁ একমাত্ৰ টেষ্ট মেচখন খেলিছিল । এই মেচখনত সোঁহতীয়া বেটছমেনগৰাকীয়ে মাত্ৰ 9 আৰু 16 ৰাণহে সংগ্ৰহ কৰিছিল যদিও তাৰপিছত কেতিয়াও ভাৰতীয় দলৰ হৈ খেলিবলৈ সুযোগ লাভ কৰা নাছিল ।

লগতে পঢ়ক: আই পি এলত উন্নত প্ৰদৰ্শন স্বত্বেও এখন মেচতে কেৰিয়াৰ সমাপ্ত এইসকল ক্ৰিকেটাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.