মৰাণ, 22 আগষ্ট: ক্ৰীড়াক্ষেত্ৰত চমকপদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে দেশৰ নাম উজলাবলৈ সক্ষম হৈছে । বিগত কেইবাবছৰৰ পৰা এই ধাৰাবাহিকতা ৰক্ষা কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান খেলুৱৈসকলে ।
শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ কাণপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় চাব জুনিয়ৰ আৰু কেডেট টাইকোৱাণ্ডো প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ডিব্ৰুগড়ৰ দুগৰাকী খেলুৱৈয়ে । মৰাণৰ বাটাৰফ্লাই 3 বি টাইকোৱাণ্ডো একাডেমিৰ শিক্ষাৰ্থী অনিন্দিত চাংমাইয়ে প্ৰতিযোগিতাৰ 18 কেজি শাখাত আৰু অংঘুৰাজ চুতীয়াই 21 কেজি শাখাত সোণৰ পদক লাভ কৰে ৷ আনহাতে, ৰুলী টুডুৱে ব্ৰঞ্জৰ পদক লাভ কৰে 22 কেজি শাখাত ৷
বৃহস্পতিবাৰে প্ৰতিযোগীকেইগৰাকী মৰাণহাট ৰে’ল ষ্টেচনত উপস্থিত হোৱাৰ পাছতে অভিভাৱক আৰু শুভাকাংক্ষীসকলে উষ্ম আদৰণি জনায় ৷ এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অসমৰ দলটোৱে মুঠ 8 টা সোণৰ, 6 টা ৰূপৰ আৰু 10 টা ব্ৰঞ্জৰ পদক লাভ কৰি প্ৰতিযোগিতাখনত তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে ৷ ইয়াৰ পূৰ্বে ডিব্ৰুগড় জিলাৰ কেইবাজনো খেলুৱৈয়ে বিভিন্ন প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পদক জয় কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
দুটাকৈ সোণৰ পদক লাভ কৰা প্ৰতিভাৱান খেলুৱৈকেইজনে মৰাণত উপস্থিত হৈ সংবাদ মাধ্যমত কয় তেওঁলোকে বিগত দুটা বছৰৰ পৰা টাইকোৱাণ্ডো প্ৰশিক্ষণ গ্ৰহণ কৰি এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।
খেলুৱৈসকলৰ প্ৰশিক্ষকগৰাকীয়ে এই প্ৰতিযোগিতাখনৰ সম্পৰ্কত এনেদৰে কয়, "আমি কাণপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গৈছিলো । এই প্ৰতিযোগিতাত দেশৰ 23 খন ৰাজ্যই অংশগ্ৰহণ কৰিছিল । অসমৰ হৈ 55 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল । প্ৰতিযোগিতাখনত অসমৰ 7 জন খেলুৱৈয়ে সোণৰ পদক লাভ কৰাৰ বিপৰীতে ৰূপৰ পদক 6 জনে আৰু ব্ৰঞ্জৰ পদক 10 জনে লাভ কৰিছে । ইয়াৰ ভিতৰতে মৰাণৰ 4 জন খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দুজনে সোণৰ পদক, এজনে ব্ৰঞ্জৰ লাভ কৰিবলৈ সক্ষম হয় । এই প্ৰতিযোগিতাত পদক লাভ কৰাসকলে পৰৱৰ্তী সময়ত ইণ্ডিয়ান চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব" ৷