ETV Bharat / sports

পেৰিছ অলিম্পিকৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী: ফ্ৰান্সলৈ যোৱাসকল হওক সাৱাধান ! - Paris Olympic 2024 - PARIS OLYMPIC 2024

Paris Olympic 2024: সমগ্ৰ বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে পেৰিছ অলিম্পিকলৈ । ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া এই ক্ৰীড়াৰ মহাকুম্ভৰ অংশ হ’বলৈ লাখ লাখ লোক ফ্ৰান্সলৈ ৰাওনা হ’ব । কিন্তু এনে ক্ষেত্ৰত বিভিন্ন ৰোগৰ পৰা বাচি থাকিবলৈ WHO এ জাৰি কৰিছে সতৰ্কতাবাণী ৷ সবিশেষ পঢ়ক-

Traveling for the Paris Olympics? The World Health Organization (WHO) has issued a warning
পেৰিছ অলিম্পিকৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী: ফ্ৰান্সলৈ যোৱাসকল হওক সাৱাধান! (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 5:22 PM IST

সমগ্ৰ বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে পেৰিছ অলিম্পিকলৈ । ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া অলিম্পিকৰ বাবে লাখ লাখ লোক ফ্ৰান্সলৈ ৰাওনা হ’ব । কিন্তু এই উৎসাহত স্বাস্থ্যক আওকাণ নকৰিব । বিশ্ব স্বাস্থ্য সংস্থা (WHO), ফ্ৰান্সৰ স্বাস্থ্য মন্ত্ৰণালয় আৰু অন্যান্য স্বাস্থ্য সংস্থাই অলিম্পিকত অংশগ্ৰহণ কৰা দৰ্শকৰ বাবে এক গুৰুত্বপূৰ্ণ স্বাস্থ্য পৰামৰ্শ জাৰি কৰিছে ।

ফ্ৰান্সৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে, অলিম্পিক গেমছত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে ক্ৰীড়াৰ মূল্যবোধৰ ভাগ-বতৰা আৰু একেলগে ইয়াক উদযাপন কৰিবলৈ আহে । আমি বিচাৰো সকলোৱে সুৰক্ষিত আৰু সুস্থ হৈ থাকক । WHO আৰু ECDCৰ সৈতে মিলি আমি কিছুমান সহজ নিয়ম মানি চলিবলৈ পৰামৰ্শ দিছো । এই পৰামৰ্শত টীকাকৰণৰ পৰা আৰম্ভ কৰি মহৰ দ্বাৰা সংক্ৰমিত ৰোগলৈকে বহু বিষয় সামৰি লোৱা হৈছে ।

প্ৰয়োজনীয় ভেকচিন গ্ৰহণ কৰক

পৰামৰ্শ অনুসৰি ভ্ৰমণৰ পূৰ্বে আপোনাৰ মিজিলছ ভেকচিন গ্ৰহণ কৰক । মিজিলছ ভেকচিনৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক । ইউৰোপকে ধৰি বিশ্বৰ বহু ঠাইত মিজিলছ ৰোগী বৃদ্ধি পাইছে । যদি আপোনাৰ মিজিলছ হোৱা নাই বা সম্পূৰ্ণ টীকা লোৱা নাই তেন্তে ভ্ৰমণৰ কমেও দুসপ্তাহ আগতে এম এম আৰ ভেকচিন গ্ৰহণ কৰক ।

শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ পৰা সাৱধান

Coronaৰ পিছত শ্বাস-প্ৰশ্বাসজনিত ৰোগ তেনেই সাধাৰণ হৈ পৰিছে । বৃহৎ জনসমাগমত এই সংক্ৰমণৰ আশংকা বৃদ্ধি পায় । কাহ, জ্বৰ বা ডিঙিৰ বিষ হ’লে ঘৰতে থাকক । বাহিৰলৈ ওলাই যাওঁতে মাস্ক পৰিধান কৰাটো প্ৰয়োজনীয় ।

গৰম পৰিহাৰ কৰক

ফ্ৰান্সত বতৰ খুবেই গৰম । সেয়ে পাৰিলে দিনটোত ২-৩ ঘণ্টা ঠাণ্ডা ঠাইত থাকিব লাগে । পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে আৰু সূৰ্যৰ তাপৰ পৰা আঁতৰি থাকিব লাগে ।

খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক

ফৰাচী টেপৰ পানী খাব পাৰি । ফল-মূল আৰু শাক-পাচলি ধুই খোৱাৰ লগতে খাদ্য ভালদৰে সিজাই খোৱা উচিত ।

মহৰ পৰা এনেদৰে সুৰক্ষিত থাকক

ফ্ৰান্সত টাইগাৰ মহ পোৱা যায় । যিয়ে ডেংগু, চিকুংগুনিয়া, জিকা আদি ৰোগ বিয়পায় । সেয়ে এই স্থানত সম্পূৰ্ণ কাপোৰ পৰিধান কৰক, মহ বিকৃতকাৰী লোচন লগাওক, পাৰিলে এচি থকা কোঠাত শুব বা আঁঠুৱা ব্যৱহাৰ কৰিব ।

লগতে পঢ়ক: Child vaccination: ভেকচিন গ্ৰহণৰ পিছত শিশুটি কিয় জ্বৰত ভোগে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.