ETV Bharat / sports

মুখ্য প্ৰশিক্ষক হিচাপে কোনটো শৃংখলা আছিল প্ৰিয় : বিদায় ভিডিঅ'টোত ক’লে ৰাহুল দ্ৰাবিড়ে - Rahul Dravid farewell speech

Rahul Dravid Farewell: টি-২০ বিশ্বকাপ ২০২৪ৰ সামৰণিৰ লগে লগে ভাৰতৰ মুখ্য প্ৰশিক্ষকৰ পদৰ পৰা পদত্যাগ কৰা ৰাহুল দ্ৰাবিড়ে ব্যক্ত কৰিলে মনৰ ভাব ৷ যুৱ খেলুৱৈসকলে কেনেদৰে আহি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনেদৰে প্ৰদৰ্শন কৰিলে, কোনটো শৃংখলা আছিল ৰাহুলৰ প্ৰিয়, জানক..

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 5:45 PM IST

RAHUL DRAVID FAREWELL SPEECH
ৰাহুল দ্ৰাবিড় (ETV BHARAT ASSAM)

স্প’ৰ্টছ ডেস্ক, ৬ জুলাই: টি-২০ বিশ্বকাপ ২০২৪ৰ সৈতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকালৰ অন্ত পৰিল । ৰাহুল দ্ৰাবিড়ে ভাৰতক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ, টি-২০ বিশ্বকাপ ২০২২ৰ ছেমি ফাইনেল আৰু এদিনীয়া বিশ্বকাপ ২০২৩ৰ ফাইনেললৈ লৈ গৈছিল । ভাৰতীয় দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে দল এৰি যোৱাৰ সময়ত টি-২০ বিশ্বকাপ ২০২৪ৰ ট্ৰফী জয় সোৱাদ দি এক স্মৰণীয় বিদায় ল’লে । বিচিচিআইয়ে ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ বিদায়ী ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত ৰাহুলে তেওঁৰ কাৰ্যকাল আৰু অন্যান্য বিষয়ৰ সন্দৰ্ভত নিজৰ মতামত দিয়া দেখা গৈছে ।

নতুন খেলুৱৈয়ে সুযোগ পাব:

ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে ডেৰ-দুবছৰীয়া ৰোমাঞ্চকৰ যাত্ৰা সন্দৰ্ভত ৰাহুল দ্ৰাবিড়ে কয়, ‘যোৱা এবছৰত আমি ৰেডবল আৰু হোৱাইট বল ক্ৰিকেট দুয়োটাতে যুৱ খেলুৱৈক বহু সুযোগ দিছো । বহু খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰা হৈছিল । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ লগত তেওঁলোক অতি সোনকালে কেনেদৰে খাপ খাই পৰিল আৰু এই যুৱ খেলুৱৈসকলে স্থান লাভৰ লগে লগে যিদৰে প্ৰদৰ্শন কৰিলে সেয়া চাবলৈ পাই উৎসাহিত হৈছো । কিছুমানে নিশ্চিতভাৱে বিকশিত হৈ কম সময়ৰ বাবে দলত থাকিল, কিন্তু কিছুমানে সেই সময়ত দলত আছিল যেতিয়া কিছুমান জ্যেষ্ঠ খেলুৱৈয়ে জিৰণি লৈছিল আৰু মই নিশ্চিত যে তেওঁলোকে নিজৰ সুযোগ পাব । মই ভাবো এইটোৱেই আটাইতকৈ কঠিন কাম । মই ভাবো যে ই দলটোৰ লগতে ৰঞ্জী ট্ৰফী আৰু যি ধৰণৰ ঘৰুৱা ক্ৰিকেট খেলা হৈছে, তাত সহায় কৰিব ।

লগতে পঢ়ক: T20 বিশ্বকাপ ২০২৪ ত ভাৰতৰ জয়; অন্ত পৰিল মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কেৰিয়াৰৰ যাত্ৰা - T20 world cup 2024

দলত এটা ভাল পৰিৱেশ সৃষ্টি কৰা উদ্দেশ্য:

তেওঁ সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু যুৱসকলক সুযোগ দিয়াৰ বিষয়ে কোৱাৰ সময়ত দ্ৰাবিড়ে কয় যে, তেওঁ খেলুৱৈসকলৰ বাবে এক নিৰাপদ পৰিৱেশ গঢ়ি তুলিব বিচাৰে আৰু দলত বেছি পৰিৱৰ্তন কৰিব নিবিচাৰে কিয়নো তেওঁৰ মতে ইয়াৰ দ্বাৰা দলত অত্যধিক বিশৃংখলতাৰ সৃষ্টি হ’ব । মই এনে এটা দলৰ অংশ যাৰ দায়িত্ব হৈছে দ্বায়িত্বশীল খেল আৰু এক মহান পৰিৱেশ বজাই ৰখা, য’ত বিফলতাৰ কোনো ভয় নাথাকে, কিন্তু ই মানুহক আগুৱাই নিব পৰাকৈ যথেষ্ট প্ৰত্যাহ্বানমূলক । মই এনেকুৱা এজন ব্যক্তি যিয়ে ধাৰাবাহিকতা ভাল পায় আৰু বহুত বস্তু সলনি কৰি ভাল নাপাওঁ কাৰণ মই বিশ্বাস কৰোঁ যে ইয়াৰ দ্বাৰা বেছি স্থিৰতা নাহে আৰু বৰ ভাল পৰিৱেশৰ সৃষ্টি নহয় ।

এইটোৱেই আছিল আমাৰ 'শ্ৰেষ্ঠ কাম':

প্ৰশিক্ষকৰ দায়িত্বৰ ওপৰত তেওঁৰ চিন্তাধাৰাৰ সন্দৰ্ভত দ্ৰাবিড়ে কয়, "তেওঁ আৰু প্ৰশিক্ষক কৰ্মচাৰীৰ বাবে প্ৰকৃত প্ৰত্যাহ্বান আছিল ঘৰুৱা ক্ষেত্ৰত পাঁচখন মেচৰ টেষ্ট শৃংখলা, যিটো এই বছৰৰ আৰম্ভণিতে মেন ইন ব্লুই ৪-১ত জয়লাভ কৰিছিল ৷" ভাৰতৰ দক্ষ বেটছমেন বিৰাট কোহলীয়ে ব্যক্তিগত কাৰণ দেখুৱাই আৰু কে এল ৰাহুল আৰু ৰবীন্দ্ৰ জাদেজা আঘাতৰ কথা উল্লেখ কৰি সৰফৰাজ খান, ৰজত পাটিদাৰ, ধ্ৰুৱ জুৰেল, দেৱদত্ত পদিকেল আৰু আকাশ দীপ সিঙৰ দৰে যুৱকক দলত অভিষেকৰ সুযোগ প্ৰদান কৰে ৷

লগতে পঢ়ক: বিদায়ী ভাষণত কি ক'লে ৰাহুল দ্ৰাবিড়ে ? - Rahul Dravid farewell speech

ইংলেণ্ডৰ শৃংখলাত জয়ী হোৱাটো আছিল এক প্ৰত্যাহ্বান:

ভাৰতীয় প্ৰাক্তন অধিনায়ক ৰাহুলে কয়, "এই সময়ত ঘৰুৱা খেলপথাৰত ইংলেণ্ডৰ হাতত ১-০ শৃংখলাত পৰাস্ত হোৱাৰ পিচত শৃংখলাত জয়ী হোৱা, আকৌ কেইবাজনো খেলুৱৈৰ আঘাত, মূল দলত স্থান লাভৰ বাবে উন্মুখ যুৱ খেলুৱৈসকলৰ ওপৰত নিৰ্ভৰ কৰা আৰু সেই শৃংখলাটো ৪-১ ত জয়ী হোৱাৰ সময়ত আমি এইটোও অনুভৱ কৰিছিলো যে প্ৰশিক্ষক হিচাপে আৰু দল হিচাপে আমি পৰীক্ষা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো । মই ভাবো হয়তো শৃংখলাৰ সময়ত আমি উপলব্ধি কৰিলোঁ যে আমি আমাৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিলোঁ । সৰফৰাজ খান, ধ্ৰুৱ জুৰেল আৰু দেৱদত্ত পাডিকেলে গুৰুত্বপূৰ্ণ ইনিংছ খেলি ভাৰতৰ জয় নিশ্চিত কৰে । দ্ৰাবিড়ে শেষত কয়, বেঞ্চত এনে প্ৰতিভাৱান খেলুৱৈ থকাটো দল পৰিচালনাৰ বাবে এক সপোন, সকলোৱে আগবাঢ়ি আহি প্ৰবীণ খেলুৱৈসকলৰ স্থান পূৰণৰ চেষ্টা কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.